নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্ৰাধিক ই-ৰিক্সা : মৰিয়নি পৌৰসভাৰ নতুন নিৰ্দেশনা

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ মৰিয়নি নগৰত দিনকদিনে বৃদ্ধি পাই অহা যান জঁটৰ সমস্যাই নগৰবাসীৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। এই যান জঁ‌টত সিংহভাগ অৰিহনা যোগাইছে মাত্ৰাধিক ই ৰিক্সাই। নগৰখনত চলাচল কৰি থকা সাতশৰো অধিক ই ৰিক্সাই নগৰখনলৈ ভয়াৱহ বিপদ কঢ়িয়াই আনিছে। সম্প্ৰতি এই সমস্যা নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত একাধিক বাতৰি প্ৰকাশ হোৱাৰ পিছত ব্যৱস্থা ল’বলৈ বাধ্য হ’ল মৰিয়নি পৌৰসভা। আজি সংবাদ মেলৰ যোগেদি ই ৰিক্সাক নিয়ন্ত্ৰণ কৰিবৰ বাবে গ্ৰহণ কৰা কেবাটাও সিদ্ধান্ত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস আৰু কাৰ্য্যবাহী বিষয়া সমীৰণ নেওগে অংশগ্ৰহণ কৰা সংবাদ মেলত নগৰখনত মুঠ ২৬০খন ই ৰিক্সাক চলিবলৈ অনুমতি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। ইতিমধ্যে এই সন্দৰ্ভত পৌৰসভাৰ ব’ৰ্ড মিটিঙত বিষয়টো আলোচনা কৰি সৰ্বাধিক ২৬০খন ই ৰিক্সাক মৰিয়নি নগৰত চলিবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত লোৱা হয়। অনুজ্ঞাপত্ৰ লাভ কৰা ই-ৰিক্সাসমুহে প্ৰতিবছৰে তেওঁলোকৰ অনুজ্ঞাপত্ৰৰ নবীকৰণ কৰিব লাগিব। তাৰ বাদে বাকী ই-ৰিক্সাসমূহক নগৰখনত চলিবলৈ দিয়া নহ’ব বুলিও তেওঁলোকে লগতে জানিবলৈ দিয়ে। আনহাতে, নগৰৰ বাহিৰৰ কোনো ই-ৰিক্সাক নগৰখনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ লগতে নগৰৰ ভিতৰৰ ই-ৰিক্সাকো নগৰৰ বাহিৰলৈ যোৱাত বাৰণ কৰা হৈছে। ইতিমধ্যে ইয়াৰ বাবে নগৰখনত তিনিটা বিশেষ স্থানত ই-ৰিক্সা ষ্টেণ্ড স্থাপন কৰা হৈছে আৰু সেই স্থানত ই -ৰিক্সাসমূহক ৰখাবলৈ নিৰ্দেশ দিয়া হৈছে। নগৰৰ ৰে’লৱে ষ্টেচন তিনি আলিৰ সমীপত, এন এছ টি তিনিআলিৰ সমীপত আৰু হেঙুল থিয়েটাৰৰ কাৰ্য্যালয়ৰ সমীপত এই ই ৰিক্সা ষ্টেণ্ড কেইটা স্থাপন কৰা হৈছে। আনহাতে, যাত্ৰী উঠা নমা কৰিবৰ বাবে ষ্টেণ্ড কেইটাৰ বাবে নগৰৰ আন সকলো ঠাইত মাত্ৰ দুই মিনিট সময়হে ৰ’ব পাৰিব । ইয়াতকৈ অধিক সময় কোনো ঠাইতে ৰ’ব নোৱাৰিব। ইয়াৰ লগতে যাত্ৰীবাহী ই ৰিক্সাত কেৱল যাত্ৰী সৰবৰাহ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ লগতে যাত্ৰীবাহী ই ৰিক্সাত সা-সামগ্ৰী সৰবৰাহ কৰা বাৰণ কৰা হৈছে। প্ৰতিখন ই-ৰিক্সাৰে ফিটনেছ প্ৰমাণপত্ৰ বাধ্যতামুলক কৰা হৈছে। তাৰোপৰি পৌৰসভাৰ অনুজ্ঞাপত্ৰ পোৱা ই-ৰিক্সাসমূহে পৰিবহন বিভাগৰ পঞ্জীয়ন কৰাতো বাধ্যতামূলক। আনহাতে, প্ৰতিখন ই ৰিক্সাই পঞ্জীয়ন কৰাৰ লগতে ই-ৰিক্সাচালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। অনুজ্ঞাপত্ৰ নথকা চালকক ই ৰিক্সা চলোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ১৮ বছৰৰ তলৰ চালককো ই ৰিক্সা চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰোপৰি প্ৰতিখন ই ৰিক্সাত সৰ্বাধিক ৪জন যাত্ৰী কঢ়িওৱাৰ লগতে চালকৰ আসনত চালকৰ সৈতে কোনো যাত্ৰীক বহুৱাই ই ৰিক্সা চলাব নোৱাৰিব বুলিও সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়ে । ইয়াৰ লগতে যাত্ৰীৰ ভাড়াৰ সন্দৰ্ভতো এক নিৰ্দেশনা জাৰি কৰি তেওঁলোকে কয় – প্ৰতি কিলোমিটাৰত সৰ্বাধিক ১০ টকাহে প্ৰতিজন যাত্ৰীৰ পৰা ল’ব পাৰিব। উপৰোক্ত নিয়মসমূহ মানি নচলা ই-ৰিক্সা চালকক জৰিমনা বিহাৰ লগতে পৌৰ আইন অনুসৰি সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে। ইফালে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয় যে ই-ৰিক্সা চলাই বহুকেইজন নিবনুৱা যুৱকে সংস্থাপন লাভ কৰিছে। সেয়েহে নিবনুৱা যুৱক যুৱতীৰ ই-ৰিক্সাত পৌৰসভাই অগ্ৰাধিকাৰ দিব। কোনো চৰকাৰী চাকৰিয়ালৰ ই-ৰিক্সাক পৌৰসভাই অনুজ্ঞাপত্ৰ প্ৰদান নকৰে বুলিও পৌৰসভাৰ বিষয়াসকলে সংবাদমেলত অৱগত কৰে। এতিয়া পৌৰসভাই গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছত নগৰখনত ই-ৰিক্সা (স্থানীয় ভাষাত টমটম)ৰ সন্ত্ৰাস কমে নে নাই সেয়া সময়হে ক’ব। ১ অক্টোবৰৰ পৰা এই নিয়মসমূহ সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হ’ব বুলি পৌৰসভাই জানিবলৈ দিছে। সংবাদমেলখনত পৌৰসদস্য কাজল ভট্টাচাৰ্য্য, চুমকি মজুমদাৰ দত্ত, গায়ত্ৰী চক্ৰৱৰ্তী আদিও উপস্থিত থাকে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like