নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত গিৰীশ দাসৰ সোঁৱৰণত প্ৰজ্ঞাৱন্ত শীৰ্ষক গ্ৰন্থ উন্মোচন

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ সমাজহিতৈষী প্ৰয়াত গিৰীশ দাসৰ সোঁৱৰণত কেহেৰুখণ্ডাৰ নিজ বাসগৃহত গ্ৰন্থ উন্মোচনী অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি সহধৰ্মিণী ইলা দাসে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি মুকলি কৰে। বিশিষ্ট সমাজকৰ্মীগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ গাম্ভীৰ্যপূৰ্ণ সভাখনত সভাপতিত্ব কৰে কেহেৰুখণ্ডা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক কুৰ্মীয়ে৷ কেহেৰুখণ্ডা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা স্মৃতিগ্ৰন্থখনিৰ সভাপতি অশোক কুৰ্মী, সহকাৰী সম্পাদক মিন্টু শৰ্মাৰ লগতে সদস্যবৃন্দৰ সহযোগত বিদ্যালয়খনৰ কৰ্মচাৰী তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথৰ সম্পাদনাত বৰেণ্য ব্যক্তিগৰাকীৰ স্মৃতিত প্ৰকাশিত “প্ৰজ্ঞাৱন্ত” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰিজনেঞ্চ জুনিয়ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱভূষণ মহন্তই৷ গ্ৰন্থখনি উন্মোচন কৰি বৰেণ্য ব্যক্তিগৰাকীৰ মৃত্যু বৃহত্তৰ অঞ্চলটোৰ বাবে অপূৰণীয় ক্ষতি বুলি অনুভৱ ব্যক্ত কৰে। সমাজখনে এজন দক্ষ সমাজসেৱকক হেৰুৱালে বুলিও তেখেতে ভাষণত উল্লেখ কৰে ৷অতিথি হিচাপে উপস্থিত থাকে যুগল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক তুলাৰাম বৰা,কোচ ৰাজবংশী সন্মিলনীৰ জিলাৰ কাৰ্যকৰী সভাপতি তাৰিণী কাকতি,বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ অধ্যক্ষ কাজল বৰা,জ্যেষ্ঠ সাংবাদিক বদন দাস, প্ৰয়াত গিৰীশ দাসৰ সহপাঠী তথা চিৰাজুলি সমবায় সমিতিৰ প্ৰাক্তন সভিপতি ফণিধৰ দৈমাৰী,বৰছলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক তপেশ্বৰ মোহন দাসৰ লগতে কেবাগৰাকীয়ো বিশিষ্ট ব্যক্তি৷ গাম্ভীৰ্যপূৰ্ণ সভাখনত অতিথি হিচাপে উপস্থিত থাকি যুগল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক তথা প্ৰয়াত সমাজকৰ্মীগৰাকীৰ সহপাঠী তুলাৰাম বৰাই নিজা অনুভৱ ব্যক্ত কৰি কয় যে প্ৰয়াত গিৰীশ দাস আছিল এগৰাকী বৰ্ণাঢ্য ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি ৷তেখেতৰ সামাজিক অৱদানৰ কথা স্মৰণ কৰি অৱসৰী শিক্ষকগৰাকীয়ে কয় যে তাহানিতে প্ৰয়াত গিৰীশ দাসে চিৰাজুলি সমবায় সমিতি প্ৰতিষ্ঠাৰ সময়ত অহোপুৰুষাৰ্থ কৰিছিল৷ সমবায় সমিতিখনৰ পঞ্জীয়নৰ লগতে সূচাৰুৰূপে আৰু দক্ষতাৰে তেওঁ সমিতিখন পৰিচালনা কৰা বুলি মন্তব্য কৰে অৱসৰী শিক্ষকগৰাকীয়ে৷ ঢেকীয়াজুলিৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক বদন দাসে নিজা অনুভৱ ব্যক্ত কৰি কয় যে আজি সমাজখনে এগৰাকী সৰৱৰহী লোকক হেৰুৱালে, সমাজখনৰ প্ৰতিটো ক্ষেত্ৰতে নিৱিড়ভাৱে জড়িত হৈ বৃহত্তৰ অঞ্চলটোৰ সামাজিক, শৈক্ষিক, বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত গিৰীশ বৰাৰ অনবদ্য অৱদান আছিল বুলি কৈ তেওঁৰ গুণৰাজিক স্মৰণ কৰে সাংবাদিকগৰাকীয়ে। ঢেকীয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী কাজল বৰাই প্ৰয়াত গিৰীশ দাসৰ মৃত্যু সমাজখনৰ বাবে বৃহৎ ক্ষতি বুলি অনুভৱ ব্যক্ত কৰে৷ তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ পৰিয়ালটোক সমাজলৈ অকৃত্ৰিম সেৱা আগবঢ়াবলৈ আহ্বান জনায়। মাজু জোঁৱাই তথা শিক্ষা বিভাগৰ জিলা প্ৰকল্প বিষয়া কৃষ্ণকান্ত ডেকাই কয় যে তেখেত এগৰাকী খুবেই স্পষ্টবাদী লোক আছিল। শহুৰদেউতাই সমাজখনলৈ আগবঢ়াই যোৱা অৱদানৰ চানেকি ৰাখি যাবলৈ তেখেতৰ স্মৃতিত গ্ৰন্থ প্ৰকাশৰ প্ৰচেষ্টা গ্ৰহণ কৰা বাবে স্মৃতিগ্ৰন্থ প্ৰকাশ সমিতিলৈ তেওঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ কেহেৰুখণ্ডা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক জিন্তু বৰাই স্মৃতিচাৰণ কৰি কয় যে,কেহেৰুখণ্ডা হাইস্কুলৰ বাবে নিজা ভূমি দান হিচাপে আগবঢ়াই তেওঁ মহানুভৱতাৰ পৰিচয় দিছিল। তেওঁ এগৰাকী সদা সচেতন ব্যক্তি আছিল৷ বিদ্যালয়ৰ গ্ৰন্থাগাৰৰ গ্ৰন্থ অধ্যয়ন কৰাৰ তেওঁৰ যি হাবিয়াস সেয়া শলাগিবলগীয়া৷ বিদ্যালয়খনৰ পুথিভঁড়ালৰ সৰহসংখ্যক গ্ৰন্থই তেওঁ অধ্যয়ন কৰিছিল বুলি মন্তব্য কৰে৷ স্থানীয় ব্যক্তি তথা অৱসৰী কৰ্মচাৰী কুশল কুৰ্মীয়ে নিজা অনুভৱ ব্যক্ত কৰি কয় যে সৰুৰেপৰাই তেওঁ সামাজিক কাম কাজত নীৰৱ সাধক হিচাপে অৱদান আগবঢ়াই যুগে যুগে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বৰছলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক তপেশ্বৰ মোহন দাসেও নিজা অনুভৱ ব্যক্ত কৰি বৰেণ্য ব্যক্তিগৰাকীৰ জীৱন আৰু কৃতি সম্পৰ্কে আলোকপাত কৰে৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like