নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজাক বান্দৰে ব্যর্থ কৰিলে দুর্বৃত্তৰ শিশুক ধর্ষণৰ চেষ্টা

🔹 মানুহৰ ‘পাশৱিকতা’ৰ বিৰুদ্ধে ওলাই আহিল পশু

বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : মানুহৰ পাশৱিকতা আৰু জঘন্য প্রবৃত্তিৰ বিৰুদ্ধে এইবাৰ পশুৱে গঢ়িলে প্রতিৰোধ৷ উত্তৰ প্রদেশত এটি ৬ বছৰীয়া কন্যা শিশুক এক পাষণ্ডই ধর্ষণৰ চেষ্টা চলাইছিল৷ কিন্তু এজাক বান্দৰে এই চেষ্টা ব্যর্থ কৰে৷ শনিবাৰে উত্তৰ প্রদেশৰ বাঘপটত ঘটিছে এই ঘটনা৷ সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি, কন্যা শিশুটিক এটা পৰিত্যক্ত ঘৰত ধর্ষণৰ চেষ্টা চলাইছিল অভিযুক্তই৷ কিন্তু এজাক বান্দৰে আহি অভিযুক্ত দুর্বৃত্তৰ ওপৰত জঁপিয়াই পৰি কন্যা শিশুটিক ৰক্ষা কৰে৷ উত্তৰ প্রদেশৰ বাঘপটৰ এই ঘটনাই ইতিমধ্যে সংবাদ মাধ্যমত সৃষ্টি কৰিছে আলোড়ন৷ উল্লেখনীয় যে প্রলোভন দেখুৱাই শিশুটিক পৰিত্যক্ত ঘৰটোলৈ লৈ গৈছিল অভিযুক্তই৷ ইয়াৰ পিছতে দুর্বৃত্তৰ পাশৱিক উদ্দেশ্যৰ কথা জানিব পাৰি বান্দৰজাকে আক্রমণ আৰম্ভ কৰে৷ ইউকেজিৰ শিক্ষার্থী কন্যা শিশুটিয়ে এই ঘটনা পৰিয়ালক জনায়৷ কেনেদৰে বান্দৰজাকে ৰক্ষা কৰিলে, সেই কথাও শিশুটিয়ে পিতৃ–মাতৃৰ আগত বর্ণনা কৰে৷ টাইমছ অৱ ইণ্ডিয়াৰ এই প্রতিবেদনক লৈ দেশজুৰি সৃষ্টি হৈছে আলোড়ন৷ মানুহৰ পাশৱিকতাৰ বিৰুদ্ধে এতিয়া পশুৱে প্রতিৰোধ গঢ়ি তোলা এনে কাহিনীক লৈ ব্যাপক চর্চা চলিছে৷ কন্যা শিশুটিৰ পিতৃয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, শিশুটিয়ে ঘৰৰ বাহিৰত খেলি আছিল৷ তেতিয়া অভিযুক্তই আহি শিশুটিক পৰিত্যক্ত ঘৰ এটালৈ লৈ যায়৷ শিশুটিৰ কাপোৰ খুলি যৌন আতিশয্য চলাবলৈ চেষ্টা চলোৱাৰ সময়তে দুর্বৃত্তৰ ওপৰত জঁপিয়াই পৰে এজাক বান্দৰ৷ বান্দৰৰ এনে উগ্রমূর্তি দেখি অভিযুক্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ সমীপৱর্তী পথৰ চিচি টিভিত ফুটেজ পৰীক্ষা কৰি অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা চলোৱা হৈছে৷ কিন্তু এতিয়ালৈকে অভিযুক্তক চিনাক্ত কৰাটো সম্ভৱ হোৱা নাই৷ শিশুটিৰ পিতৃৰ বক্তব্যৰ উদ্ধৃতি দি টাইমছ অৱ ইণ্ডিয়াই উল্লেখ কৰিছে যে বান্দৰজাক সময়মতে ঘটনাস্থলীত উপস্থিত নোহোৱা হ’লে চাগে দুর্বৃত্তই শিশুটিক হত্যা কৰি পেলালেহেঁতেন৷ ইতিমধ্যে আৰক্ষীৰ ওচৰত এই ঘটনা সন্দর্ভত অভিযোগ দাখিল কৰা হৈছে৷

You might also like