নিয়মীয়া বাৰ্তা, ৮মার্চঃ ডিফেণ্ডিং চেম্পিয়ন বাংগালুৰু এফ চিয়ে ক্রমাগত তৃতীয়বাৰলৈ আই এছ এলৰ ফাইনেল খেলিবলৈ সক্ষম হ’ব নে নাই, সেয়া নির্ণয় হ’ব কাইলৈ কলকাতাত হ’ব লগা মেচখনত৷ উল্লেখ্য যে যদি দলটোৱে এই গৌৰৱময় সফলতা লাভ কৰে, তেন্তে সেয়া হ’ব এক নতুন ইতিহাস৷ চলিত ষষ্ঠ হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতীয় ক্রীড়াংগনৰ ষ্টেডিয়ামত হ’ব লগা ছেমিফাইনেলৰ দ্বিতীয় লেগৰ মেচত বাংগালুৰুৱে দুবাৰ খিতাপ দখল কৰা এ টি কেৰ বিৰুদ্ধে মুখামুখি হ’ব৷ উল্লেখ্য যে ইয়াৰ পূর্বে বাংগালুৰুত অনুষ্ঠিত ছেমিৰ প্রথম লেগৰ মেচত বাংগালুৰুৱে ১–০ত জয়লাভ কৰিছিল৷ প্রতিযোগিতাখনৰ ফাইনেল খেলিবলৈ হ’লে এ টি কেই কাইলৈৰ মেচখনত অতিকমেও ২–০ গ’লত জয়লাভ কৰিব লাগিব৷