নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানবিশিষ্ট নহয় দেশত উৎপাদিত ৫২বিধ ঔষধ

🔹 চিডিএছচিঅ’ৰ তথ্য

🔹 তালিকাত পেৰাচিটামল, কেলচিয়াম–পান ডি, ভিটামিন–ডি, ক্লেভেম

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : ৰোগীৰ বহুল ব্যৱহৃত ৫২বিধ ঔষধ সঠিক মানবিশিষ্ট নহয়৷ মান পৰীক্ষণত এই ৫২বিধ বহুল ব্যৱহৃত ঔষধ বিফল হোৱাক লৈ উদ্বেগ প্রকাশ কৰিছে চেন্ট্ৰেল ড্রাগছ ষ্টেণ্ডার্ডছ কন্ট্ৰ’ল অর্গেনাইজেচন, চমুকৈ চিডিএছচিঅ’ই৷ মাহিলি ঔষধ পৰীক্ষণত পেৰাচিটামলৰ পৰা ভিটামিন, এণ্টিবায়’টিক আৰু উচ্চ ৰক্তচাপৰ বহুল ব্যৱহৃত ৫২বিধ ঔষধ সঠিক মানবিশিষ্ট নহয় বুলি চিডিএছচিঅ’ই ঘোষণা কৰিছে৷ চিডিএছচিঅ’ই ঘোষণা কৰা মতে, এণ্টিবায়’টিক ক্লেভেম ৬২৫, পেৰাচিটামল টেবলেট, ভিটামিন চি আৰু ডি থ্রী টেবলেট চেলকল, ভিটামিন বি কমপ্লেক্স, ভিটামিন ছফ্টজেলছ, এণ্টাচিড পান ডি, পেৰাচিটামল আইপি ৫০০ এম জি, এণ্টি–ডায়েবেটিক গ্লিমেপিৰিড, উচ্চ ৰক্তচাপৰ ঔষধ টেলমিছার্টন আদি আছে৷ উল্লিখিত ঔষধকেইবিধ হিটেৰ’ ড্রাগছ, এলকম লেবৰেটৰিজ, হিন্দুস্তান এণ্টিবায়’টিক লিমিটেড, কর্ণাটক এণ্টিবায়’টিক এণ্ড ফার্মাচিউটিকেল লিমিটেডে উৎপাদন কৰে৷ তেনেদৰে হিন্দুস্তান এণ্টিবায়’টিক লিমিটেডে উৎপাদন কৰা মেট্র’নিডেজল নামৰ পাকস্থলীৰ সংক্রমণত ব্যৱহৃত ঔষধবিধ মান পৰীক্ষণত বিফল হৈছে৷ চেলকল নামৰ ঔষধবিধ টৰণ্টো ফার্মাচিউটিকেলছ আৰু উত্তৰাখণ্ডৰ পিয়ৰ এণ্ড কিউৰ হেল্থ কেয়াৰে উৎপাদন আৰু বিতৰণ কৰি আহিছে৷ আনহাতে, কলকাতাস্থিত এল কেম হেল্থে উৎপাদন কৰা এণ্টিবায়’টিক ক্লেভেম ৬২৫ আৰু পান ডি সঠিক মানবিশিষ্ট নহয়৷ শিশুসকলৰ গুৰুতৰ বেক্টেৰিয়া সংক্রমণত ব্যৱহৃত ছেপ’ডেম এক্স পি–৫০ নামৰ ঔষধবিধ হিটেৰ’ ড্রাগ্ছে উৎপাদন কৰে৷ কর্ণাটক এণ্টিবায়’টিক এণ্ড ফার্মাচিউটিকেল লিমিটেডে উৎপাদন কৰা পেৰাচিটামল টেবলেট মান পৰীক্ষাত বিফল হৈছে৷ বহুল ব্যৱহৃত ৫২বিধ ঔষধ মান পৰীক্ষণত বিফল হোৱাক লৈ উদ্বেগ প্রকাশ কৰা চিডিএছচিঅ’ই শীঘ্রেই এই ঔষধকেইবিধৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ ইংগিত দিছে৷ উল্লেখ্য যে আগষ্টত চিডিএছচিঅ’ই ১৫৬বিধ সংমিশ্রিত ঔষধ মানৱ স্বাস্থ্যৰ বাবে হানিকাৰক বুলি নিষিদ্ধ ঘোষণা কৰিছিল৷

You might also like