নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ চুলতান নাৰ্ছিং হোমৰ কাষৰ হোটেলত বিক্ৰী গো-মাংস

🔶 ২৪ ঘন্টাৰ ভিতৰত হোটেল উৎখাতৰ দাবী বীৰ লাচিত সেনাৰ
🔶 হোটেলৰ মালিক চাইদুৰ ৰহমানক আটক মৰিগাঁও আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : মন্দিৰকে প্ৰমুখ্য কৰি ধৰ্মীয় উপাসনাস্থলীৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত গো মাংস কটা বা বিক্ৰী কৰা নিষিদ্ধ যদিও ইয়াক কেৰেপ নকৰি মুকলিকৈ মৰিগাঁও নগৰৰ উপকন্ঠ মৈধালী পথৰৰ শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰৰ নিচেই সমীপতে চুলতান নাৰ্চিং হোমৰ কাষত এখন হোটেলত গো মাংস ৰন্ধন কৰা আৰু বিক্ৰী কৰা ঘটনা আজি দুপৰীয়াৰ পিছতেই পোহৰলৈ আহিছে। এই ঘটনাটো উদঘাটন কৰে আজি মৰিগাঁও বীৰ লাচিত সেনাৰ এদল সদস্যই। লাচিত সেনাৰ দলটোৱে নামহীন হোটেলখনত উপস্থিত হৈ ৰন্ধন কৰা গো মাংস হাতে লোটে ধৰা পেলায় আৰু ২৪ ঘন্টাৰ ভিতৰত হোটেলখন সেই স্থানৰ পৰা উৎখাত  কৰাৰ দাবী জনায় প্ৰশাসনৰ ওচৰত। উল্লেখ্য সমীপতে থকা আন এখন হোটেলতো গো মাংস বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনাৰ দলটোৱে। ঘটনাৰ খবৰ পাই মৰিগাঁও থানাৰ নগৰ পৰিদৰ্শক বিতোপন শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ চলি থকা অস্বাভাৱিক পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু হোটেলৰ মালিক চাইদুৰ ৰহমান আৰু নাবালক পুত্ৰক আটক কৰি থানালৈ লৈ আনে। আৰক্ষীয়ে দুয়োকে সোধ পোছ অব্যাহত ৰাখিছে। লক্ষনীয় যে লক্ষ্মী মন্দিৰৰ পৰা হোটেলখনৰ দুৰত্ব এশ মিটাৰৰ কম। মৈৰাবাৰীৰ পাতেকীবৰিৰ বাসিন্দা বুলি পৰিচয় দিয়া চাইদুৰ ৰহমানৰ এই কাৰ্য আইন বিৰুদ্ধ বুলি স্পষ্ট হৈছে। অঞ্চলটোত বিৰাজ কৰি থকা শান্তি সম্প্ৰীতিৰ অৱস্থা এই অপকৰ্মই যাতে ব্যাহত কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে মৰিগাঁও জিলা আৰু আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে সচেতন ৰাইজে।
প্ৰেৰক প্ৰতাপ হাজৰিকা
You might also like