নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউলী ৰাসৰ উপহাৰ কুপনৰ প্ৰথম পুৰস্কাৰ ৰেঞ্জ ৰ’ভাৰ ভেলাৰ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : ১৯২৮ চনতেই প্ৰতিষ্ঠা লাভ কৰা আৰু শতবৰ্ষ গৰকিবলৈ মাজত মাথোঁ দুটা বছৰ বাকী থকা অৱস্থাত এইবাৰ হাউলী ৯৭সংখ্যক ৰাস মহোৎসৱ অহা ১৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰ লৈ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উৎযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ৰাস মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত বিতং ব্যাখ্যা আৰু তথ্য সদৰি কৰি ২৫ নৱেম্বৰৰ সন্ধিয়া ৰাস মণ্ডপত অনুষ্ঠিত সংবাদ মেলত উৎযাপন সমিতিৰ সভাপতি হেমেন দাসে আগন্তুক ৰাস মহোৎসৱৰ উৎযাপনৰ ক্ষেত্ৰত বৰ্তমানে সমগ্ৰ বিশ্বতে প্ৰদূষণে সৃষ্টি কৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পাৰ্জমানে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। বায়ু আৰু প্ৰদূষণৰ নিয়ন্ত্ৰণৰ বাবে ৰাস মহোৎসৱৰ প্ৰথমদিনা পৰম্পৰাগতভাৱে প্ৰদর্শিত হৈ অহা আতজবাজীৰ প্ৰদৰ্শন সংকুচিত কৰি অত্যাধুনিক প্ৰযুক্তিৰে লেজাৰ শ্বো প্ৰদৰ্শন কৰাৰ কথা সদৰি কৰি সভাপতিগৰাকীয়ে প্ৰতিমা প্ৰদৰ্শনৰ ক্ষেত্ৰটো হ’ল’গ্রাফী পদ্ধতি প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মেলত জানিবলৈ দিয়ে। প্ৰতিবছৰে হাউলী ৰাস মহোৎসৱ উপলক্ষ্যে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে অনুষ্ঠিত হৈ থকা উপহাৰ কুপন খেলৰ এইবাৰৰ প্ৰথম পুৰস্কাৰ হিচাপে ৰেঞ্জ ৰ’ভাৰ ভেলাৰ দিয়া হ’ব বুলি সংবাদ মেলত ঘোষণা কৰা হয়। একেখন সংবাদ মেলতেই সভাপতি হেমেন দাসে ১৫ দিনীয়া ৰাস মহোৎসৱৰ প্ৰতিটো সন্ধিয়া আৰু নিশা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া কৃষ্টি-সংস্কৃতি অসমৰ জনগোষ্ঠীৰ স্বকীয় সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাৰ লগতে অসম তথা ভাৰতবৰ্ষৰ আগশাৰীৰ কেইবাগৰাকীও শিল্পীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে চিন্তাচৰ্চা কৰা হৈছে। অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত এই বছৰৰ “হাউলী বঁটা” প্ৰাপকৰ নাম ঘোষণা কৰা হ’ব বুলি জানিবলৈ দি ইতিমধ্যে ৰাস উৎযাপনৰ বাবে গঠন কৰা ২৪খন উপসমিতিয়ে যুদ্ধকালীন প্ৰস্তুতিৰে কাম কাজ আৰম্ভ কৰি ৰাস মহোৎসৱ এক নতুন আংগিকৰ কাৰ্য্যক্ৰমণিকাৰে উৎযাপন কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছে। অত্যাধুনিক বিজুলীৰ কাৰিকৰী কৌশলেৰে বিজুলীৰে সজ্জিত প্ৰৱেশ দুৱাৰ, উচ্চ তাৱাৰ বিজুলী চাকিৰ লগতে সৰু-বৰ অসংখ্য বিজুলী চাকিৰে মহোৎসৱ থলী আলোকিত কৰা হ’ব। প্ৰতি বছৰৰ দৰে এই বছৰো হাউলী ৰাস মহোৎসৱত গ্ৰন্থ মেলা, বিভিন্ন চিত্ৰ শিল্প প্ৰদৰ্শনী, বস্ত্ৰ, হাতেৰে নিৰ্মিত বিভিন্ন বস্তুৰ প্ৰদৰ্শনী, বাণিজ্যি মেলা আদিও অনুষ্ঠিত হ’ব। দৰ্শনাৰ্থীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আধুনিক চি.চি. কেমেৰা, পৰ্যাপ্ত নিৰাপত্তাৰক্ষী আৰু প্ৰতিদিনে ৰাস উৎযাপন সমিতিৰ স্বেচ্ছাসেৱকে নিৰাপত্তাৰ দিশটো চোৱাচিতা কৰিব। সংবাদ মেল যোগে হাউলী ৰাস মহোৎসৱ উৎপাদন সমিতিয়ে আগন্তুক ৯৭ সংখ্যক ৰাস মহোৎসৱ সফলতাৰে উৎযাপন কৰাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে।
প্ৰেৰক প্ৰসন্ন শৰ্মা
You might also like