আৰক্ষীৰ জিম্মাৰ ম্যাদ : পুনৰ জে’ললৈ বিশাল-চুমী-তাৰ্কিক
বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ বৰবৰুৱা আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি অন্ত পৰাত বিশাল,চুমী আৰু তাৰ্কিক পুনৰ জেললৈ প্ৰেৰণ কৰা হয়।ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ গোচৰ নং ৮৫/২০২৪ সৈতে জড়িত বৰবৰুৱা আৰক্ষীৰ দুদিনৰ জিম্মা আজি অন্ত পৰাৰ পিছত বিশাল ফুকন, চুমি বৰা আৰু তাৰ্কিক বৰাক ডিব্ৰুগড়ৰ জিলা সত্ৰ আৰু ন্যায়ধীশ আদালতত হাজিৰ কৰোৱা হয়।জানিব পৰা অনুসৰি বৰবৰুৱা আৰক্ষীয়ে আজি আৰু ৮ দিনৰ বাবে তিনিওজন অভিযুক্তৰ জিম্মা বিচাৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত চুমি বৰা আৰু তৰ্কিক বৰাৰ অধিবক্তা সুমিত টোডী আৰু স্বাগতা কুণ্ডু পলে আদালতত যুক্তি প্ৰদৰ্শন কৰি আৰু অধিক জিম্মাত লোৱাৰ তীব্ৰ বিৰোধিতা কৰে। আনহাতে বিশাল ফুকনৰ অধিবক্তা আব্দুল হালিমে কয় যে আদালতে আৰক্ষীৰ প্ৰাৰ্থনা নাকচ কৰি তিনিওজন অভিযুক্তক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ডিব্ৰুগড়ৰ সদৰ থানাৰ লক আপত বিশাল,চুমি আৰু তাৰ্কিকে এক দীঘলীয়া সময় অতিবাহিত কৰাৰ পাছত কাৰাগাৰলৈ প্ৰেৰণ কৰাত তিনিও অভিযুক্তই সকাহ পাইছিল যদিও পৰহি নিশা আদালতৰ এক ৰায়দান যোগে তিনি অভিযুক্তই পুনৰ কাৰাগাৰৰ পৰা ওলাই বৰবৰুৱা আৰক্ষী থানাৰ দুদিনৰ আলহী হব লগাত পৰে। বিশাল-চুমীৰ মালিকনাধীন পাৰ্চেলিয়া নামৰ ঔষধ কোম্পানীত বহু লোকে ধন বিনিয়োগ কৰিছিল।কিন্তু ইয়াৰে একাংশই কলা ধনৰ বিপৰীতে নিজৰ কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰিছিল,যথেষ্ট লাভালাভৰ প্ৰলোভনত। কিন্তু এতিয়া সকলো চকুৰ আগত ধূলিসাৎ হৈ যোৱা দেখি,নিজ কষ্টোপাৰ্জিত ধন ঘূৰাই বিছাৰি বৰবৰুৱা থানাত প্ৰথমাবস্থাত গোচৰ দিয়ে এগৰাকীয়ে।পৰৱৰ্তী সময়ত জিলাখনৰ বিভিন্ন স্থানত আঠখন গোচৰ দিয়াৰ খবৰ সকলোতে বিয়পি পৰে।ভবিষ্যতে এই গোচৰৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অন্যহাতে ট্ৰেডিং কেলেংকাৰীৰ গোচৰত এই পৰ্যন্ত বিশাল ফুকনক তিনিবাৰকৈ জিন্মাত গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে এবাৰকৈ চুমি-তাৰ্কিকক জিন্মাত লৈছিল আৰক্ষীয়ে। ইতিমধ্যে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ৩৫২/২৪ গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১(১)২১(২)২১(৩) অধীনত তদন্ত অব্যাহত আছে।ইফালে বৰবৰুৱা আৰক্ষীয়ে উক্ত গোচৰৰ তদন্তৰ বাবেই বিশাল,চুমি,তাৰ্কিক নিজৰ জিম্মাত লয় আৰু তদন্তকাৰী দলে তিনিও অভিযুক্তক পৃথকে পৃথকে জেৰা কৰাৰ পাছত তিনিওকে একেলগে জেৰা কৰে।জেৰাৰ সময়ত চুমীয়ে তদন্তকাৰী দলটোক না-না আভুৱা ভৰা কথাৰে ব্যতিব্যস্ত কৰি তোলে বুলি জানিব পৰা গৈছে ।যদিও বহু নতুন আৰু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যদিও আৰক্ষীয়ে তদন্তৰ খাতিৰত মুখ খুলিব বিছৰা নাই।উল্লেখযোগ্য যে, যোৱা ২ চেপ্তেম্বৰত বিশাল ফুকনক গান্ধী নগৰৰ প্ৰভাঞ্জলি এপাৰ্টমেণ্টৰ পৰা আটক কৰাৰ লগতে সাত ঘণ্টা পৰ্যন্ত বাসগৃহত তালাতী চলাইছিল। উক্ত দিনা নিশাৰ ভাগলৈ বিশালক গ্ৰেপ্তাৰ কৰাৰ লগতে ৪ ছেপ্টেম্বৰত ডিব্ৰুগড় সত্ৰ ন্যায়ধীশ আদালতে হাজিৰ কৰি ৩ দিনৰ বাবে আৰক্ষী জিম্মাত লয়।সেইদৰে ৭ ছেপ্টেম্বৰত বিশাল ফুকনক পুনৰ ডিব্ৰুগড়ৰ ন্যায়িক দণ্ডাধিশ আদালতত হাজিৰ কৰাৰ পাছত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে।যোৱা ৮ ছেপ্টেম্বৰত বিশাল ফুকনৰ ইন্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক জেৰাৰ বাবে থানা লৈ অনা হয়। আনহাতে ১০ ছেপ্টেম্বৰত চুমী-তাৰ্কিক পলায়নৰ ক্ষেত্ৰত সহযোগীতা কৰা বাবে বোকাখাটৰ পৰা শুভ্ৰ জ্যোতি কুৰ্মী, আৰু চন্দন নাথক গ্ৰেপ্তাৰ কৰে। আনহাতে ১১ ছেপ্টেম্বৰ সন্ধিয়া আৰক্ষী চকুত ধুলি দি আত্মগোপনৰ কৰি থকা চুমী বৰাই ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি আত্ম সমৰ্পণ কৰিব বিচৰা বুলি উল্লেখ কৰে। ১২ ছেপ্টেম্বৰত চুমী বৰা আৰু তাৰ্কীক বৰাক আৰক্ষী থানাত হাজিৰ হয়। চুমী তাৰ্কিকক আদালতত হাজিৰ কৰাৰ পাছত আৰক্ষীয়ে ৭ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও ৫ দিনৰ বাবে জিম্মাত দিয়ে।ইফালে ১৩ ছেপ্টেম্বৰত অম্লান বৰাক বিহাৰৰ মুজাফৰপুৰত গ্ৰেপ্তাৰ কৰিছিল আৰু ১৪ ছেপ্টেম্বৰত অম্লান বৰাক আদালতত হাজিৰ কৰি ৩ দিনৰ বাবে জিম্মাত লয়। যোৱা ১৬ ছেপ্টেম্বৰত বিশাল চুমীৰ বিৰুদ্ধে পুনৰ চাৰিটাকৈ গোচৰ পঞ্জীয়ন হয় আৰু ১৭ ছেপ্টেম্বৰত চুমী, তাৰ্কিক, অম্লানক আদালতত হাজিৰ কৰোৱা হয় আৰু জিংকি মিলিক উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে আৰু ১৮ ছেপ্টেম্বৰত বিশাল পুনৰ আদালতত হাজিৰ হয়। বিশালক অধিক তদন্তৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰে আৰু তেনেদৰে ২০ ছেপ্টেম্বৰত আদালতে বিশালক ৪ দিনৰ আৰক্ষী জিম্মাত দিয়ে। যোৱা ২৩ ছেপ্টেম্বৰত আদালতত হাজিৰ কৰাৰ পাছত পুনৰ বিশালক কাৰাগাৰলৈ পঠায়।যোৱা ২৪ ছেপ্টেম্বৰত পুনৰ বিশাল, চুমী, তাৰ্কিকক ডিব্ৰুগড়ৰ সত্ৰ ন্যায়ধীশ আদালতত সাজিৰ কৰাৰ পাছত বৰবৰুৱাৰ আৰক্ষীয়ে ৮৫/২০২৪ নং গোচৰৰ ভিত্তিত ১০ দিনৰ বাবে জিম্মাত বিচাৰি আবেদন জনাইছিল যদিও আদালতে দুদিনৰ বাবে জিম্মাত দিয়ে।আনহাতে আজি তিনিও অভিযুক্তক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পাছত এতিয়া পুনৰ কোন কোন থানাই নিজৰ জিম্মাত বিছাৰি আদালত আবেদন কৰে সেয়া লক্ষনীয় হৈ পৰিছে।
প্ৰেৰক বিভাস দুৱৰা