নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ ছেপ্টেম্বৰ, আহিন মাহৰ ১০ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা দশমী, নক্ষত্র : পুষ্যা, যাত্রা : শুভ

মেষ : উপর্যুপৰি চেষ্টাৰ দ্বাৰা নিৰাশ হোৱাৰ ইও এক কাৰণ হ’ব পাৰে৷ আজি শৰীৰো বৰ উন্নত নাযাব৷ বিদ্যাত অৱশ্যে বাধা কম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷

বৃষ : প্রায় কামতে আপোনাৰ যেন অনাৱশ্যক মন্থৰ হ’ব৷ ভাই–ভনীৰ পৰা অৱশ্যে ভালেই দেখা যায়৷ শৰীৰৰ দুর্বলতা থাকিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷

মিথুন : হাতলৈ ধন অহাৰ সুযোগ পাব৷ প্রেম–প্রীতিত সংগসুখ দেখা যায়৷ শৰীৰ মধ্যম৷ দাম্পত্যতো শুভ৷ কর্মতৎপৰ হোৱাৰ যত্ন কৰক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

কর্কট : গুৰুৰ সহযোগত মানসিক দিশত কিছু উপকৃত হ’ব৷ প্রিয় লোকৰ কথাত কিছু সন্দেহ দেখা যায়৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

সিংহ : অভাৱ–অনাটনতকৈ নিজৰ ভৱিষ্যতৰ বাবে বেছি ভাব প্রৱণতাই ৰুক্ষ অৱস্থালৈ ৰূপান্তৰিত যাতে নকৰে, সাৱধান থাকক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷

কন্যা : কর্মাদিত মন দিয়াৰ যত্ন কৰক৷ দাম্পত্যত মধ্যম৷ দুষ্ট লোকৰ পৰা আর্থিক ক্ষতি যাতে নহয় লক্ষ্য ৰাখক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷

তুলা : কর্তব্যত জটিলতা পূর্বৰ দিনৰ তুলনাত কম৷ নিজৰ ধৈর্য আৰু বুদ্ধিৰ বলত উপকৃত হ’ব৷ অনাহকত সময় অপব্যয়ৰ মুহূর্তৰ বাবে সাৱধান হওক৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৮৷

বৃশ্চিক : টকা–পইচাৰ লেনদেনত যাতে ভ্রম নহয়৷ শাৰীৰিক উদ্বেগৰ মাজতো কোনো সৎ কামত প্রেৰণা পাব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷

ধনু : মান–মর্যাদা বাঢ়িব৷ আনহাতে ঘৰুৱা দিশত সম্পূর্ণ মন দিয়াত খেলিমেলি থাকিব৷ বিদ্যাত সুযোগ নিজে ল’ব লাগিব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৭৷

মকৰ : বিশেষ দুশ্চিন্তা থাকিব৷ তথাপি ভাবি–চিন্তি কামত আগুৱাওক৷ মাতৃ তথা চুবুৰীয়াৰ লগত সদ্ভাব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷

কুম্ভ : প্রাথমিকতে অলপ অসুবিধা বা নিঃসংগতা অনুভৱ কৰিব পাৰে৷ পিছলৈ উন্নত৷ কোনো চিন্তাৰ পৰা মুক্ত হোৱাৰ কাৰক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১১৷

মীন : বিদ্যা তথা বুদ্ধিৰ ক্ষেত্রত আপোনাৰ খুব অনুকূল নহ’লেও দুশ্চিন্তা নাই৷ কর্মস্থানত বাধা কম৷ শেষৰফালে কোনো অনাহূত বিষয়ত অপ্রস্তুত হ’বও পাৰে৷ পিতৃ–মাতৃৰ বাবে দুশ্চিন্তা৷ শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা ২৷

You might also like