বিটিচিৰ পৰিৱর্তন বিচাৰি ওলাই আহিছে সর্বস্তৰৰ শ শ লোকঃ প্রমোদ বড়ো
নিয়মীয়া বাৰ্তা, ৮মার্চঃ বিটিচিৰ শাসনৰ বাঘজৰী হাতত লৈ বিগত সোতৰ বছৰে হাগ্রামা মহিলাৰীয়ে যি কাম কৰিব নোৱাৰিলে, সেই কাম ইউপিপিএল দলে পাঁচ বছৰত কৰি দেখুৱাম৷ –এই ভাষ্য ইউপিপিএলৰ সভাপতি প্রমোদ বডোৰ৷ তামুলপুৰত আজি অনুষ্ঠিত ইউপিপিএল দলৰ এখন যোগদান সমাৰোহত অংশগ্রহণ কৰি তেওঁ এই মন্তব্য আগবঢ়ায়৷ ভাষণত তেওঁ পুনৰ কয় যে বিটিএডিবাসীয়ে হাগ্রামা মহিলাৰীৰ অপশাসনত অতিষ্ঠ হৈ পৰিৱর্তন বিচাৰিছে৷ আগন্তুক নির্বাচনৰ জৰিয়তে ৰাইজে এই কথা প্রতীয়মান কৰিব৷ এটা ভোট, এটা পৰিৱর্তন আৰু সংস্থাপন মূল মন্ত্রৰে ইউপিপিএল দলে নির্বাচনী যুঁজত অৱতীর্ণ হ’ব বুলিও তেওঁ মন্তব্য আগবঢ়ায়৷ সমাজকর্মী নিৰঞ্জন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত আৰু ইউপিপিএলৰ নেতা জিতেন মুছাহাৰীয়ে আঁত ধৰা সভাখনত বিভিন্ন দল–সংগঠনৰ চাৰি শতাধিক লোকে আজি ইউপিপিএল দলত যোগদান কৰে৷