নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত আজি নর্থ–ইষ্ট ইউনাইটেডৰ প্রথম মেচ

🔹 আইএছএল : কেৰালাক হৰুৱাই প্রত্যাশিত আৰম্ভণিৰ লক্ষ্য

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : আসন্ন শাৰদীয় দুর্গাপূজাৰ প্রস্তুতি আৰু আনন্দ–উৎসৱৰ মাজতে আজি গুৱাহাটীত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ প্রথমখন মেচ অনুষ্ঠিত হ’ব৷ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত নিশা ৭.৩০ বজাত হ’ব লগা মেচত ঘৰুৱা দল নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে কেৰালা ব্লাষ্টার্ছ এফ চিৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে এয়া নর্থ–ইষ্ট ইউনাইটেডৰ বাবে চলিত আইএছএলৰ প্রথমখন ঘৰুৱা ষ্টেডিয়ামত খেলিব লগা মেচ৷ দলে এইবাৰ লীগৰ প্রথম দুখন মেচ কলকাতাত খেলিছে৷ আনহাতে, ইয়াৰ পূর্বে দলে ছিজনৰ আৰম্ভণিতে ডুৰাণ্ড কাপৰ মেচ অসমত খেলিছিল যদিও গুৱাহাটীৰ সমর্থকৰ সন্মুখত চেম্পিয়ন দলটোৱে প্রথমবাৰৰ বাবে খেলিব৷ মহমেদান স্প’র্টিং ক্লাবক পৰাস্ত কৰি এইবাৰ লীগত প্রত্যাশিত আৰম্ভণি কৰা নর্থ–ইষ্ট ইউনাইটেডে কলকাতাত খেলা দ্বিতীয় মেচখনত ডিফেণ্ডিং চেম্পিয়ন মোহন বাগানে ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে দুবাৰ অগ্রগতি লৈও পৰাজয়ৰ সন্মুখীন হয়৷ গুৱাহাটীত দলে ঘৰুৱা অনুৰাগীৰ সন্মুখত আজি তিনি পহণ্ট অর্জনৰ লক্ষ্যৰে খেলিব৷ ইফালে, কেৰালা ব্লাষ্টার্ছে প্রথম দুখন মেচ ঘৰত খেলাৰ পিছত আজি সৰুসজাইত তৃতীয় মেচত অংশ ল’ব৷ উল্লেখ্য যে কোচিত খেলা অভিযান মেচত কেৰালা ব্লাষ্টার্ছ পঞ্জাব এফচিৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷ কিন্তু দ্বিতীয় মেচখনত ইষ্ট বেংগল এফচিক পৰাস্ত কৰি গুৱাহাটীলৈ আহিছে৷ নর্থ–ইষ্ট ইউনাইটেডে যোৱা ছিজনত গুৱাহাটীত খেলা অন্তিম দুখন মেচত কেৰালা ব্লাষ্টার্ছ ২–১ আৰু ওডিশা এফ চিক ৩–১ত পৰাস্ত কৰিছিল৷ কিন্তু সৰুসজাই ষ্টেডিয়ামত ঘৰুৱা দলটোৱে কেতিয়াও ধাৰাবাহিকভাৱে তিনিখন মেচত জয়লাভ কৰা নাই৷ আজি নর্থ–ইষ্ট ইউনাইটেডৰ বাবে নতুন অভিলেখ গঢ়াৰ সুযোগ৷ ‘মোৰ বাবে প্রতিখন মেচে ফাইনেল৷ মই খেলুৱৈসকলৰ উন্নত প্রদর্শনৰ বাবে সঁচাকৈয়ে সুখী আৰু গৌৰৱান্বিত৷ অৱশ্যে আমি বহুক্ষেত্রত উন্নতি সাধন কৰিব লাগিব৷ এতিয়া আমাৰ সন্মুখত কেৰালা ব্লাষ্টার্ছ আৰু আমি এই মেচৰ বাবে সাজু৷ পৰৱর্তী খেলৰ চিন্তা পিছত কৰিম৷’- নর্থ–ইষ্ট ইউনাইটেডৰ মুখ্য প্রশিক্ষক জুয়ান পেড্র’ বেনালিয়ে কয়৷ ইফালে, কেৰালা ব্লাষ্টার্ছে নর্থ–ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে যোৱা ছখন মেচৰ তিনিখনত জয় তথা দুখন ড্র খেলিছে৷ আই এছ এলত উভয় দলৰ মাজত হোৱা ২০খন খেলৰ ভিতৰত নর্থ–ইষ্ট ইউনাইটেডে পাঁচখন খেলত জয়লাভ কৰাৰ বিপৰীতে কেৰালা ব্লাষ্টার্ছে আঠবাৰ বিজয়ী হৈছে৷ সাতখন মেচৰ ফলাফল ড্র৷ যোৱা মেচৰ সফলতাৰ পিছত কেৰালা ব্লাষ্টার্ছৰ মুখ্য প্রশিক্ষক মাইকেল ষ্টাহৰেই কয়- ‘অন্তিম ক্ষণত গ’ল দি জয়লাভ কৰাটো আমাৰ বাবে ইতিবাচক দিশ৷ ফুটবলত সকলোৱে লাইনআপৰ কথা কয়, কিন্তু খেলৰ শেষ মিনিটত লাইন আপত কোন আছে সেই বিষয়টোহে অতি গুৰুত্বপূর্ণ৷’

You might also like