নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ৩ কোটি টকাৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ ২

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰ :  কাছাৰ জিলাৰ কাটিগড়া আৰক্ষীয়ে প্ৰায় তিনি কোটি টকাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে নিশা আৰক্ষীয়ে কাটিগড়াৰ নুনগৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অটোত অভিযান চলাই বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰে। তদুপৰি দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত দুজন হৈছে কালাইনৰ ভৈৰৱপুৰ দ্বিতীয় ব্লকৰ ছাহিম উদ্দিন খান আৰু ডুমকাৰ দিদাৰুল ইছলাম। চোৰাং ব্যৱসায়ত ব্যৱহৃত এখন অটো জব্দ কৰিছে আৰক্ষীয়ে। অটোখনৰ পৰা ৪৯টা পেকেটত ৯৮০০টা টেবলেট উদ্ধাৰ কৰা হয়। আন্তৰ্জাতিক বজাৰত উক্ত টেবলেটখিনিৰ মূল্য ৩ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like