নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ আকাশত দুটাকৈ চন্দ্ৰৰ নয়নাভিৰাম দৃশ্য

🔹 বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : আজি এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ২৯ ছেপ্টেম্বৰত অৰ্থাৎ আজি চাওঁ আহক আকাশৰ চাৰ্কাছ। দুটাকৈ চন্দ্ৰৰ নয়নাভিৰাম দৃশ্যৰ দৃশ্যায়ন হ’ব আকাশত। এই বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। এই প্ৰাকৃতিক পৰিঘটনা বিৰাট ৰহস্যময় যদিও ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা তেনেই সৰল। প্ৰকৃততে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত মহাকাশৰ শিলাখণ্ড এটাই চন্দ্ৰৰ সৈতে পৃথিৱীৰ কক্ষপথত পৰিভ্ৰমণ কৰিব। গ্ৰহাণু ২৪ পি টি-৫ নামৰ এই শিলাখণ্ড‌ই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত দুমাহ ধৰি পৃথিৱীৰ কক্ষপথত পৰিভ্ৰমণ কৰিব। পুনৰ ২৫ নৱেম্বৰত এই ৩০ ফুট আকাৰৰ সৰু গ্ৰহাণুটো কক্ষপথৰ পৰা আঁতৰি সৌৰজগতত সোমাই পৰিব। অৱশ্যে এই ক্ষুদ্ৰ চন্দ্ৰটো পৃথিৱীৰ সকলো লোকে খালী চকুৰে দেখি নাপালেও পৰিৱেশ-পৰিস্থিতি অনুসৰি কোনো কোনো ঠাইৰ পৰা খালী চকুৰেও দেখা পাব পাৰে বুলি প্ৰকাশ কৰিছে আমেৰিকান এষ্ট্ৰ’ নমিকেল ছ’চাইটীয়ে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like