নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নমস্কাৰ আৰু কৰমৰ্দন

নিয়মীয়া বার্তা,৮ মার্চঃ ক’ৰোনা মহামাৰীৰ আতংকই সমগ্ৰ বিশ্ববাসীক মানুহৰ বহুতো অভ্যাসৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে । শাৰীৰিক সংস্পৰ্শই ক’ৰোনাৰ বীজাণু বিয়পোৱাত এটা ডাঙৰ ভূমিকা লয় । সেই কাৰণে মানুহে এতিয়া কৰমৰ্দনৰ অভ্যাস ত্যাগ কৰি ভাৰতীয় ৰীতিৰে নমস্কাৰ কৰিবলৈ শিকিছে । তলত পুনৰ মুদ্ৰিত কৰা প্ৰবন্ধটো লিখা হৈছিল (জিএনআৰচি স্বাস্থ্য নামৰ আলোচনীত)

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতপূৰ্ব উপ-ৰাষ্ট্ৰপতি ডিক চিনিয়ে সেই দেশৰ ইতিহাসত নিজৰ নাম ৰাখি থৈ যোৱাৰ পৰিৱৰ্তে কলংকহে ৰাখি থৈ গৈছে । আন্তৰ্জাতিক আইন লংঘন কৰি আৰু বিশ্ববাসীৰ বিবেকৰ বিৰুদ্ধে গৈ ইৰাক আক্ৰমণ কৰিবলৈ তেতিয়াৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্বক উচটনি দিয়া মানুহজন আছিল ডিক চিনি । এই এটা মাত্ৰ ঘটনাই আমেৰিকাৰ নৈতিক মৰ্যাদা আৰু আৰ্থিক অৱস্থা বহু পৰিমাণে অৱনমিত কৰিলে ।

কিন্তু ডিক চিনিৰ ৰাজনৈতিক কাৰ্যকলাপ আলোচনা কৰাটো এই প্ৰবন্ধৰ উদ্দেশ্য নহয় । যিটো কথা আলোচনা কৰা হ’ব সেই কথাটো সৰ্বসাধাৰণ মানুহৰ কাৰণে বহুত বেছি গুৰুত্বপূর্ণ৷ এই কথা আমি সকলোৱে জানো যে পশ্চিমৰ মানুহে হেণ্ডশ্বেইক অর্থাৎ কৰমর্দন কৰি পৰস্পৰক অভিবাদন কৰে৷ ডিক চিনিক দেখা কৰিবলৈ যোৱা সকলো মানুহেই এটা অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছিল৷ ডিক চিনিৰ কোঠাত প্রৱেশ কৰিবলৈ অনুমতি দিয়াৰ আগতে তেওঁলোকৰ প্রত্যেককে বীজাণুনাশক ৰুমালেৰে তেওঁলোকৰ হাত পৰিষ্কাৰ কৰিবলৈ বাধ্য কৰা হৈছিল৷ সেই উদ্দেশ্যে নির্দিষ্ট ঠাইত বীজাণুনাশক ৰুমাল মজুত কৰি থোৱা হৈছিল৷ সেই ৰুমালেৰে হাত পৰিষ্কাৰ কৰাৰ পিছতহে তেওঁলোকক ডিক চিনিৰ লগত কৰমর্দন কৰিবলৈ অনুমতি দিয়া হৈছিল৷
ডিক চিনিক দেখা কৰিবলৈ যোৱা লোকসকলৰ কাৰণে তেওঁৰ লগত কৰমর্দন কৰাৰ আগতে বীজাণুনাশক ৰুমালেৰে নিজৰ হাত বীজাণুমুক্ত কৰি ল’ব লগা হোৱা কামটো যিমানেই অস্বস্তিকৰ নহওক কিয়, এই বিষয়ে কিন্তু কোনো সন্দেহ নাই যে ডিক চিনিয়ে এই কামটো কৰি সকলো মানুহকে এটা মূল্যৱান শিক্ষা দিছে৷ সেই শিক্ষাটো হ’ল এই যে মানুহৰ গালৈ বহুত বেমাৰ আহে কেৱল হাতৰ যোগেদি৷ কেৱল নিজৰ হাত নহয়, আনৰ হাতৰ যোগেদিও৷ উদাহৰণস্বৰূপে মিঠাইৰ দোকানত দোকানীয়ে লেতেৰা হাতেৰে দিয়া মিঠায়ে আপোনাৰ শৰীৰলৈ বিভিন্ন ৰোগৰ বীজাণু বিয়পাব পাৰে৷ লেতেৰা হাতেৰে পৰিৱেশন কৰা আহাৰ খোৱাটোও বিপজ্জনক৷ কিন্তু যেতিয়া আপোনাৰ হাতখন আনৰ হাতৰ প্রত্যক্ষ সংস্পর্শলৈ আহে, তেতিয়া বিভিন্ন প্রকাৰৰ ৰোগৰ বীজাণু কেৱল হাত দুখনৰ যোগেদি ইজনৰ পৰা সিজনলৈ বিয়পি পৰাৰ সম্ভাৱনা বহুগুণে বেছি বৃদ্ধি পায়৷ এইখিনিতে বিশেষভাৱে মন কৰিবলগীয়া কথাটো এই যে ডিক চিনিক দেখা কৰিবলৈ যোৱা মানুহবোৰ নিশ্চয় সাধাৰণ শ্রেণীৰ মানুহ নাছিল৷ আমেৰিকাৰ প্রাক্তন প্রতিৰক্ষা সচিব আৰু উপ–ৰাষ্ট্রপতিক দেখা কৰিবলৈ সাধাৰণ মানুহ যোৱাৰ প্রশ্ণই নুঠে৷ সেইবোৰ মানুহ আছিল নিশ্চয় সমাজৰ আটাইতকৈ উচ্চ শ্রেণীৰ আৰু আটাইতকৈ শিক্ষিত আৰু ধনী শ্রেণীৰ মানুহ৷ তেওঁলোকৰ হাত অপৰিষ্কাৰ হ’ব বুলি কল্পনাই কৰিব নোৱাৰি৷ কিন্তু তেনেবোৰ মানুহকো কৰমর্দন কৰাৰ আগতে বীজাণুনাশক ৰুমালেৰে হাত চাফা কৰিবলৈ বাধ্য কৰি ডিক চিনিয়ে সকলো মানুহকে স্পষ্টকৈ বুজাই দিছিল যে কোনো মানুহৰে হাত দুখন সম্পূর্ণ বীজাণুমুক্ত হ’ব নোৱাৰে৷ আটাইতকৈ ধনী আৰু শিক্ষিত মানুহজনৰ হাতো সম্পূর্ণ বীজাণুমুক্ত হৈ থাকিব নোৱাৰে৷ মানুহৰ শৰীৰৰ সকলো অংগৰ ভিতৰত কেৱল হাত দুখনেই বাহিৰৰ জগতত ঘনিষ্ঠ সর্ম্পকলৈ আটাইতকৈ বেছিকৈ আহিব লগা হয়৷ আনহাতে বিভিন্ন বীজাণু সর্বব্যাপী৷ ঈশ্বৰ সর্বব্যাপী হয় যে নহয় সেই কথা কোৱা টান৷ কিন্তু বীজাণু সর্বব্যাপী৷ সেই কাৰণেই বিভিন্ন গ্রহলৈ পঠিওৱা মহাকাশ যানবোৰক বীজাণুমুক্ত কৰিবলৈ চেষ্টা কৰিব লগা হয় আটাইতকৈ বেছিকৈ৷ মহাকাশযানত এটা মাত্র পার্থিৱ বীজাণুও আৰোহী হৈ গৈ যাতে মংগল বা শুক্র গ্রহ আক্রমণ কৰিব নোৱাৰে তাৰ কাৰণে কল্পনাতীত সাৱধানতা অৱলম্বন কৰিব লগা হয়৷ মানুহৰ হাত দুখন পদে পদে এই সর্বব্যাপী বীজাণুৰ সংস্পর্শলৈ আহিবলৈ বাধ্য হয়৷ গতিকে এই কথা নিশ্চয় নক’লেও হয় যে কেৱল হাত দুখন বীজাণুনাশক চাবোনেৰে বাৰে বাৰে ধুই থাকিয়েই মানুহ বহুতো ৰোগৰ সংক্রমণৰ পৰা মুক্ত হৈ থাকিব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই ৱর্ল্ড হেণ্ড ৱাশ্বিং ডে’ পালন কৰি এই বাণীটোকেই মানৱ সমাজলৈ প্রেৰণ কৰিব খুজিছে৷
পৃথিৱীৰ বিভিন্ন জাতিৰ পাৰস্পৰিক অভিবাদনৰ ৰীতি–নীতি বেলেগ৷ এনে কথাও শুনিবলৈ পোৱা যায় যে পৃথিৱীৰ কোনোবা এটা জনগোষ্ঠীৰ মানুহে ইজনে সিজনক লগ পালে নাক দুটা ঘঁহি পৰস্পৰক অভিবাদন কৰে৷ আমাৰ সিমানবোৰ কথালৈ যোৱাৰ কোনো প্রয়োজন নাই৷ মোটামুটিকৈ এই কথা জানিলেই হ’ল যে প্রাচ্যৰ মানুহে নমস্কাৰ কৰি বা সেইধৰণৰ হস্তভংগী কৰি পৰস্পৰক অভিবাদন কৰে, আনহাতে পাশ্চাত্যৰ মানুহে পৰস্পৰক অভিবাদন কৰে ইজনে সিজনৰ হাত স্পর্শ কৰি৷ সাধাৰণ বুদ্ধিৰেই এই কথা বুজিব পাৰি যে পশ্চিমীয়া কায়দাৰ কৰমর্দনতকৈ ভাৰতীয় কায়দাৰ নমস্কাৰ অনেক গুণে বেছি স্বাস্থ্যসন্মত৷ তদুপৰি নমস্কাৰৰ ভংগীত এটা নান্দনিক সুষমাও আছে৷ এই কাৰণে আমি সকলোৱে কৰমর্দন কৰিবলৈ এৰি আমাৰ প্রাচীন সংস্কৃতিৰ পৰিচায়ক নমস্কাৰ কৰাৰ অভ্যাসটোহে ৰক্ষা কৰা উচিত৷

You might also like