নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় জিলা দিৱস : বিজয়ী গৰিমা-লিচা-কাবেৰী-কৰিশ্মা

বিশেষ বার্তা, ২ অক্টোবৰ : ডিব্ৰুগড় জিলাৰ ৫২তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা আৰু মুঠ ৪৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই ৰচনা প্ৰতিযোগিতাৰ বিষয় আছিল “ডিব্ৰুগড় জিলা”। নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা কমলিকা হাজৰিকা, জ্যোতিষ্মা মহন্ত, উৰ্বশী কোঁৱৰ, ঋতুপৰ্ণা মহন, চিম্পী চাংমাই আৰু চুমী গগৈয়ে বিচাৰকৰ আসন অলংকৃত কৰা তথা নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ চক্ৰ বিষয়া শৰৎ গগৈ, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ কোষৰ সমন্বয়ক ডঃ অনন্ত কুমাৰ বৰুৱা, নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক ঙৌ ইক্লেট গোঁহাই, শান্তা দেউৰী, কণিষ্ঠ জিলা প্ৰশাসনিক সহায়ক অঞ্জন জ্যোতি বৰুৱা, ভাস্কৰ বড়া, জাৰীকাৰক বিপুল গগৈ, কৰ্মচাৰী জুনমুন গগৈ আদিকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি পুৰস্কাৰ সমূহ বিতৰণ কৰা এই প্ৰতিযোগিতাত গৰিমা বৰুৱাই প্ৰথম স্থান, লিচা বৰুৱাই দ্বিতীয় স্থান, কাবেৰী চেতিয়াই তৃতীয় স্থান আৰু কৰিশ্মা গগৈয়ে উদগনি মূলক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like