নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ : বৰপেটা জিলাৰ বাঘবৰৰ মন্দিয়াত ব্লক কংগ্ৰেছ আৰু ৰাইজৰ প্ৰতিবাদ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে মন্দিয়া আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হাফিজুৰ ৰহমান খানক ফোনযোগে কৰা অশালীন ব্যৱহাৰৰ বিৰুদ্ধে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ সদস্যৰ লগতে ৰাইজে । বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে বিধায়ক শ্বেৰমানবিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। বিধায়কগৰাকীয়ে শিক্ষক সমাজক কৰা অপমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চক্ৰ বিষয়া সোণবৰ চুতীয়াৰ জৰিয়তে জিলা আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰে ।
প্ৰেৰক আব্দুল আজিজ আহমেদ