নিয়মীয়া বার্তা, ৯ মার্চঃ পিছফালৰ পৰা নহয়, বিজেপিয়ে এইবাৰ হাগ্রামা মহিলাৰীক সন্মুখৰ পৰা ছুৰী মাৰিছে ৷ বিজেপিয়ে হাগ্রামাক সন্মুখত ৰাখিয়ে নিঃশেষ কৰিব আৰু প্রমোদ বড়োক যিমান পাৰে ধন–জনেৰে সহায় কৰিব ৷ কাৰণ ২০২১ চনৰ অংকৰ কথা আছে ৷ কিন্তু নৱ শৰণীয়া থকালৈকে এইবোৰ কার্যকৰী হ’ব দিয়া নহ’ব ৷ –এই মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ শনিবাৰে নিশা তামুলপুৰস্থিত বাসভৱনত সংবাদ মাধ্যমৰ আগত সাংসদ শৰণীয়াই এই মন্তব্য কৰে ৷ সমাগত বিটিচি পৰিষদীয় নির্বাচনক লৈ তৎপৰ সাংসদ শৰণীয়াই সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত পুনৰ কয় যে বর্তমান বিটিআৰ চুক্তি বন্ধ বাকচৰ ভিতৰত আছে ৷ গণ সুৰক্ষা পার্টীয়ে বিটিচি পৰিষদ দখল কৰিলে বিটিআৰ চুক্তি বন্ধ বাকচতে থাকিব ৷ আন এক প্রসংগত তেওঁ কয়– প্রমোদ বড়ো ২০২০ত বিটিচিৰ চীফ হ’ব নোৱাৰিব ৷ ২০২৫ ত হয়তো চীফ হ’ব পৰা গুণ প্রমোদ বড়োৰ হ’ব ৷ তামুলপুৰৰ ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিক এটা সন্মানীয় সমষ্টি হিচাপে গণ্য কৰা হ’ব বুলি মন্তব্য কৰি তেওঁ কয় এইটো মোৰ গৃহ সমষ্টি ৷ ইয়াত বিপিএফ আৰু বিজেপিও নির্বাচনত অৱতীর্ণ হ’ব ৷ বিটিচি চীফৰ কথা চিন্তা কৰিয়ে এই সন্মানজনক সমষ্টিটোত আলোচনামর্মে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব ৷ মুঠৰ ওপৰত গয়বাৰী সমষ্টি আমাৰ দখলত থাকিব ৷ আমাৰ দলে বিটিচি পৰিষদ গঠন কৰিব ৷