নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা–বৰদোৱা শুৱালকুছিত ৰাইজৰ পাৰভঙা উছাহ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ প্রাণনাশী ক’ৰোনা ভাইৰাছৰ আতংক ৰাজ্যজুৰি অব্যাহত থকাৰ সময়তে প্রান্তে প্রান্তে আৰম্ভ হৈছে দৌল উৎসৱৰ উৎসাহ–উদ্দীপনা ৷ সত্রনগৰী বৰপেটা, সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলী, বটদ্রৱাকে ধৰি বিভিন্ন স্থানত দৌল উৎসৱৰ বাবে ভকত–বৈষ্ণৱৰ মাজত ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে ৷ সত্রনগৰী বৰপেটাত দেওবাৰৰ পৰা আৰম্ভ হৈছে শ্রীশ্রীকৃষ্ণৰ দৌল মহোৎসৱ ৷ বিয়লি গোন্ধযাত্রাৰে আৰম্ভ হয় চাৰিদিনীয়া দৌল মহোৎসৱৰ ৷ এই উপলক্ষে হোলী গীতেৰে মুখৰিত হৈ পৰিছে সত্রনগৰীৰ চৌদিশ ৷ হাটীয়ে হাটীয়ে এতিয়া শুনা গৈছে পৱিত্র হোলী গীতৰ মূর্ছনা ৷ আবাল–বৃদ্ধ–বনিতাৰ পৰা শিশুলৈকে বুৰ গৈছে হোলী গীতৰ মূর্ছনাত ৷ বিয়লি দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক সত্রৰ মণিকূট গৃহৰ পৰা উলিয়াই আনি মঠৰ চোতালত ৰখা হয় ৷ ইয়াৰ পাছত সন্ধিয়া টুপৰ চোতালত প্রজ্বলিত মেজিৰ জুইৰ চাৰিওফালে দুয়ো গোসাঁইক সাত পাক প্রদিক্ষণ কৰাই যোগমোহন গৃহত ৰাখিব আৰু নক্ষত্র ক্ষণ গণনা অনুসাৰে নিশা গোসাঁইক দৌল গৃহত আৰোহণ কৰা হয় ৷ গোসাঁইক মেজিৰ জুইৰ ওচৰলৈ অনাৰ সময়ত সত্রৰ কার্যালয়ৰ সন্মুখত আতচবাজী প্রদর্শন কৰা হয় ৷

আনহাতে, অহা ৯ আৰু ১০ মার্চত অনুষ্ঠিত হ’ব ভৰ দৌল৷ এই দুয়োটা দিনতেই পুৱাৰ পৰাই পৰম্পৰাগতভাৱে অনুষ্ঠিত হ’ব দৌল মহোৎসৱ৷ ১১ মার্চত অনুষ্ঠিত হ’ব বৰপেটাবাসীৰ বিখ্যাত ৰঙৰ উৎসৱ সুৱেৰী৷ এই সুৱেৰীৰ দিনাই বিয়লি গোসাঁইক কলবাৰী সত্রলৈ নি হেকেটা খুৱাই ঘূৰাই অনাৰ পাছত সত্রৰ চৌহদৰ টুপৰ চোতালত অনুষ্ঠিত হ’ব বাঁহ ভঙা পর্ব৷ ইয়াৰ পাছতে কীর্তন ঘৰৰ চাৰিওফালে সাত পাক প্রদিক্ষণ কৰাই গোসাঁইক পুনৰ মণিকূট গৃহত স্থাপন কৰা হ’ব৷ ইয়াৰ লগে লগে সামৰণি পৰিব বৰপেটা সত্রৰ চাৰিদিনীয়া দৌল মহোৎসৱৰ ৷ ইপিনে, গোন্ধযাত্রা উপলক্ষে পুৱাৰে পৰা উখল–মাখল হৈ পৰে বৰপেটা সত্রৰ চৌহদ৷ পুৱা স্থানীয় ৰাইজিং ক্লাবৰ উদ্যোগত বাটে বাটে হোলী শীর্ষক এখন আকর্ষণীয় হোলী গীত প্রতিযোগিতাও অনুষ্ঠিত হয়৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে হোৱা ক’ভিড–১৯ ৰোগৰ প্রতি লক্ষ্য ৰাখি এইবাৰ হোলীৰ আনন্দ কিছু পৰিমাণে ম্লান পৰা পৰিলক্ষিত হৈছে ৷

You might also like