ঐতিহাসিক দেওপাহাৰ
- গীতাঞ্জলি শর্মা
বুৰঞ্জীৰ সোণালী আঁচোৰ অসম প্রদেশৰ বিভিন্ন ঠাইত আছে৷ তেনে ঐতিহাসিক ঠাইসমূহৰ ভিতৰত গোলাঘাট জিলাৰ নুমলীগড়স্থিত দেওপাহাৰ অন্যতম৷ এই ঐতিহাসিক ঠাইখন আমাৰো চোৱাৰ সৌভাগ্য হৈছিল বিগত বর্ষৰ নৱেম্বৰ মাহত৷ বিভিন্ন জৈৱ–বৈচিত্র্য আৰু উদ্ভিদেৰে ভৰা দেওপাহাৰৰ এটা অংশ হৈছে দেওপানী সংৰক্ষিত বনাঞ্চল৷ দেওপাহাৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে অৱস্থিত এই মূলপথছোৱাৰ ঠিক গাতে লাগি থকা পাহাৰখনৰ ওপৰত এজোপা ভেলৌ গছত থকা অজস্র মৌ–মাখিৰ বাহ পর্যটকৰ আকর্ষণৰ কেন্দ্র৷ প্রতিবছৰে অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত ইয়ালৈ অজস্র মৌ–মাখি হিমালয়ৰ পাদদেশৰ পৰা আহি নির্দিষ্ট ভেলৌ গছজোপাত চালে চকু ৰোৱাকৈ বিচনীসদৃশ বাহ সাজি থাকে৷ গছজোপাৰ এই বিশেষত্বলৈ লক্ষ্য ৰাখি অসম চৰকাৰে ঐতিহ্যমণ্ডিত গছ হিচাপে ঘোষণা কৰিছে৷
পর্যটনৰ প্রচুৰ সম্ভাৱনা থকা দেওপাহাৰত আছে শিৱ মন্দিৰ এটাৰ ভগ্ণাৱশেষ৷ সেয়েহে স্থানীয় লোকে দেওপাহাৰক দেৱতাৰ আলয় বা ভগৱানৰ পাহাৰ বুলিও কয়৷ দেওপাহাৰত পোৱা শিৱ মন্দিৰৰ ভগ্ণাৱশেষৰ শৈল ভাস্কর্যসমূহৰ আর্হিৰ বিষয়ে প্রত্নতাত্ত্বিক আৰু বুৰঞ্জীবিদে ভিন্ন মত দিছে৷ এই মতসমূহ আৰু নির্মাণশৈলীৰ প্রতি গুৰুত্ব ৰাখি ভাস্কর্যসমূহ নৱম–দশম শতিকাৰ হ’ব বুলি ঠাৱৰ কৰিছে৷ গুপ্ত যুগৰ ভাস্কর্যৰ লগতো দেওপাহাৰৰ ভাস্কর্যৰ মিল থকা বুলিও বহু সমালোচকে মন্তব্য দাঙি ধৰিছে৷ আনহাতে নৱম–দশম শতিকাৰ কছাৰীসকলৰ ৰাজত্বৰ সময়৷ সেয়েহে এই ভাস্কর্যসমূহক কছাৰী ৰাজত্বৰ সমসাময়িক বুলিও কোৱা হয়৷
দেওপাহাৰৰ ভগ্ণস্তূপৰ খনন কার্য চলোৱাৰ পাছত তাত বিভিন্ন ধৰণৰ ভাস্কর্য খোদিত মূর্তি উদ্ধাৰ কৰা হৈছিল৷ বিভিন্ন ভংগিমাৰে মূর্তিসমূহৰ ভিতৰত উৰন্ত অপ্সৰা, নটৰাজৰ মূর্তি, সীতাহৰণ, ৰাম–লক্ষণ, গণেশ, যুদ্ধ বিগ্রহ, বিভিন্ন ভংগিমাত থকা পুৰুষ–মহিলা আদি প্রধান৷ ইয়াৰ ভিতৰত উৰন্ত অপ্সৰাৰ ভাস্কর্য খোদিত মূর্তিকেইটা অন্যতম৷ সুন্দৰ মুখাৱয়বৰ লগতে হাঁহি থকাৰ ভংগিমাত থকা এনে নান্দনিক মূর্তি আজিলৈকে আৱিষ্কাৰ হোৱা নাই৷ ভিন্ন তৰহৰ ফুলৰ ভাস্কর্যও দেওপাহাৰৰ শিৱ মন্দিৰৰ খনন কার্যত উদ্ধাৰ হৈছে৷ তাৰ ভিতৰত পদুম ফুলৰ শৈল ভাস্কর্য অন্যতম৷ এই ভাস্কর্যসমূহ পর্যবেক্ষণ কৰিলে সেই সময়ৰ শিল্পীৰ হাতত থকা অপূর্ব যাদুকৰী কৌশলৰ আভাসো পোৱা যায়৷ দেওপাহাৰৰ খনন কার্যত উদ্ধাৰ হোৱা শিৱলিংগটোক পাহাৰৰ কাষতে থকা বাবাথানলৈ আনি প্রতিষ্ঠা কৰা হৈছে৷ ইয়াত নিতৌ শিৱৰ পূজা–র্চনা কৰা হয়৷
দেওপাহাৰৰ শৈল ভাস্কর্যসমূহ ভূ–পৃষ্ঠৰ পৰা প্রায় ৩০০ মিটাৰমান ওপৰত হোৱা বাবে অসম চৰকাৰৰ প্রত্নতাত্ত্বিক বিভাগৰ সৌজন্যত এফালে পকী খটখটি আৰু আনফালে গাড়ী লৈ যাব পৰাকৈ পকী ৰাস্তা নির্মাণ কৰিছে৷ পর্যটকৰ আহ–যাহ কৰিবলৈ যথেষ্ট সুবিধা হৈছে৷ কিন্তু পর্যটকৰ সুবিধাৰ বাবে ঠাইখিনিৰ পর্যাপ্ত জ্ঞান দিব পৰাকৈ কোনো ব্যক্তি অথবা ৰখীয়াৰহে অভাৱ তাত বৰকৈ অনুভৱ কৰিলোঁ৷ ফলত ঐতিহ্যমণ্ডিত ঠাইখন মদাহীৰ আড্ডাস্থলী হোৱাহে আমাৰ পৰিলক্ষিত হ’ল৷ অসমৰ প্রায়বোৰ পর্যটনস্থলীৰে এনে পুতৌ লগা অৱস্থা দেখাটো বৰ দুর্ভাগ্যজনক৷ চৰকাৰে এইক্ষেত্রত চকু দিয়া উচিত৷ লগতে জনসাধাৰণো সজাগ হোৱা উচিত৷ দেওপাহাৰৰ পৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ দূৰত্ব বেছি নহয় বাবে যথেষ্টসংখ্যক পর্যটক পোৱাৰ সম্ভাৱনা ঠাইখনৰ আছে৷ শৈৱ, বৈষ্ণৱ আৰু তান্ত্রিক বৌদ্ধ ধর্মৰ প্রভাৱেৰে প্রভাৱিত ঐতিহ্যমণ্ডিত দেওপাহাৰৰ ভাস্কর্যসমূহ একক আৰু অনন্য৷ এই একাকিত্ব কেৱল দেওপর্বত প্রত্নতাত্ত্বিক উদ্যানখনৰ মাজতে সীমাবদ্ধ নাথাকি যাতে বিশ্ব দৰবাৰলৈ যাব পাৰে তাৰ বাবেহে কাম কৰা উচিত৷ এটা সবল পর্যটন উদ্যোগে এখন ৰাজ্যক আর্থিক দিশক যথেষ্ট প্রভাৱিত কৰে৷ সেয়েহে এনে ঐতিহাসিক ক্ষেত্রসমূহৰ উন্নয়ন প্রচাৰ আৰু প্রসাৰত গুৰুত্ব দিলে অসম পর্যটনে নিশ্চয় এক সুন্দৰ সম্ভাৱনাৰ মুখ দেখিব বুলি আমি আশাবাদী৷