নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দল অবিহনে চেম্পিয়নছ ট্রফী অসম্ভৱ

🔹 স্পষ্ট কৰিলে ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে

নিউজ ডেস্ক, ১৮ অক্টোবৰ : ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে স্পষ্ট কৰি দিলে যে ভাৰত অবিহনে চেম্পিয়নছ ট্ৰফী সম্ভৱ নহয়৷ লগতে ইচিবিয়ে ইংগিত দিছে যে ভাৰত যদি পাকিস্তানলৈ নাযায় তেন্তে কোনো সমস্যা নহ’ব৷ তেনেক্ষেত্রত ভাৰতৰ মেচসমূহ অন্য দেশলৈ স্থানান্তৰ কৰিব পৰা যাব৷ ২০০৮ চনৰ পিছৰে পৰা ভাৰতে পাকিস্তান ভ্রমণ কৰা নাই৷ অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী৷ ৫০ অভাৰৰ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ ৰোহিত শর্মা বাহিনী পাকিস্তান ভ্রমণ কৰাৰ সম্ভাৱনা ক্ষীণ৷ যদিও পাকিস্তান ক্রিকেট ব’ৰ্ড আশাবাদী যে চেম্পিয়নছ ট্রফীত ভাৰতে খেলিবলৈ যাব৷ কিন্তু ইচিবিৰ বিবৃতিৰ পিছত যথেষ্ট স্পষ্ট হৈ পৰিল যে চেম্পিয়নছ ট্ৰফীয়ে ‘হাইব্রিড মডেল’ অনুসৰণ কৰিবলৈ ওলাইছে৷ অর্থাৎ চেম্পিয়নছ ট্ৰফীৰ কিছুসংখ্যক মেচ পাকিস্তানত হ’ব আৰু ভাৰতৰ মেচসমূহ আন দেশত খেলিব৷ সম্ভৱতঃ ইউএইত টীম ইণ্ডিয়াৰ মেচসমূহ অনুষ্ঠিত হ’ব৷ ইচিবিৰ অধ্যক্ষ ৰিচার্ড থম্পছন সম্প্রতি পাকিস্তানত আছে৷ তেওঁ কয়- ‘যদি ভাৰতে চেম্পিয়নছ ট্ৰফীত নেখেলে, তেন্তে ক্রিকেটৰ বাবে সেয়া হ’ব পৰাজয়৷’ অহা বছৰৰ ফেব্রুৱাৰী–মার্চত লাহোৰত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী৷ ভাৰতীয় দলটোৱে পাকিস্তানত খেলিব নে নাই, সেইটো কেন্দ্রীয় চৰকাৰে সিদ্ধান্ত ল’ব৷ সাম্প্রতিক পৰিস্থিতিত চৰকাৰৰ পৰা অনুমতি পোৱাৰ সম্ভাৱনা প্রায় নাই৷ এনে পৰিস্থিতিত বহুতে বিচিচিআইৰ সম্পাদক তথা আইচিচিৰ নতুন অধ্যক্ষ জয় শ্বাহৰ মন্তব্যক লৈ বাট চাই আছে৷ ডিচেম্বৰৰ পৰা তেওঁ আইচিচিৰ অধ্যক্ষৰ দায়িত্ব ল’ব৷ থম্পছনে কয় যে জয় শ্বাহৰ ওপৰত বহু কথা নির্ভৰ কৰিব৷

You might also like