নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰৰে হাতীগাঁও আৰক্ষীৰ মুখামুখি সংঘৰ্ষ

🔹 গাড়ীচোৰৰ আক্ৰমণত ৭ আৰক্ষী আহত : ৪ কুখ্যাত গাড়ীচোৰক গ্ৰেপ্তাৰ

🔹 আৰক্ষীৰ পাপা গাড়ী ভাঙি পলায়নৰ চেষ্টা চোৰ চক্ৰৰ

বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰৰে গুৱাহাটী মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়। আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰক ধৰিবলৈ গৈ হাতীগাঁও থানাৰ ৯জন আৰক্ষী বিষয়া-কৰ্মচাৰীৰ ৭জন আহত হয়। হাতীগাঁও খানকাহ পথৰ সমীপত সংঘটিত হয় এই ঘটনা। ঘটনাত আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰৰ দলে আৰক্ষীৰ পাপা গাড়ী ভাঙি পলায়নৰ চেষ্টা চলায়। এই ঘটনাত হাতীগাঁও থানাৰ এ এছ আই ধ্ৰুৱজ্যোতি শৰ্মা, এছ আই কুলদীপ মজুমদাৰ, হাবিলদাৰ সুনীল কলিতা, কনিষ্টবল দীপাংকৰ দাস, নায়ক ৰাংখাল, আখতাৰ আলী, গৃহৰক্ষী জোৱান ৰুচন আলী আহত হয়। তদুপৰি এখন ব্যক্তিগত গাড়ীতো আক্ৰমণ কৰে আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰৰ দলটোৱে। হাতীগাঁও খানকাহ পথৰ সমীপত চুৰি গাড়ীৰ চুক্তি কৰিবলৈ আহিছিল চক্ৰটো। আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলায় খানকাহ পথৰ সমীপত। অভিযানত গাড়ীচোৰৰ দলৰে সংঘৰ্ষত ৭জন আৰক্ষী আহত হয়। ইপিনে, এই অভিযানত গ্ৰেপ্তাৰ হৈছে ৪ কুখ্যাত চুৰি গাড়ী সৰবৰাহকাৰী। ধনজ্যোতি দলৈ, সমীৰণ দাস, আনোৱাৰ আৰু হীৰকজ্যোতিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই চক্ৰটোৱে চুৰি গাড়ী সৰবৰাহ কৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ ।

You might also like