নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতিকৰণ-স্বায়ত্তশাসন প্ৰদানৰ দাবীত ধৰ্ণা আহোম জাতীয় সংগঠনৰ

ৰাজপথৰ সংগ্ৰাম অধিক সক্ৰিয় ৰূপত চলাই নিয়াৰ পৰিকল্পনা : মিলন বুঢ়াগোহাঁই

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ অক্টোবৰঃ তাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান কৰাৰ দাবীত আজি গুৱাহাটীৰ চচলত আটাছু, টাইপা, আহোম সভা আৰু আহোম সেনাৰ যৌথ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ধৰ্ণা কাৰ্যসূচীৰ প্ৰতিবাদী সভাত বক্তব্য প্ৰদান কৰা সদৌ তাই আহোম ছাত্র সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে কয় যে প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ আঙুলিত ধৰি ৰাজনীতি শিকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে অতিকৈ লজ্জাজনক আৰু দুৰ্ভাগ্যজনক বিষয় যে আজি তেওঁৰ উপৰিউক্ত দুই ৰাজনীতি গুৰু যিটো জনগোষ্ঠীৰ আছিল সেই জনগোষ্ঠীটোৰ লোকে আজিলৈকে তেওঁ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে। যদি ড০ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ গুৰুৰ প্ৰতি অকণমানো শ্ৰদ্ধা আছে তেন্তে আগন্তুক অসমৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত আহোম জনগোষ্ঠীক জনজাতি মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদান কৰক। আহোম জনগোষ্ঠীৰ ৰাইজে কেৱল মুখেৰে কথা কৈয়ে সীমাবদ্ধ হৈ নাথাকে, কৰ্মক্ষেত্ৰতো কৰি দেখুৱায়। বিগত দিনত কংগ্ৰেছ চৰকাৰে আমাক জনজাতি নিদিয়া বাবে সেই চৰকাৰ ওফৰাই দিয়া হল ঠিক তেনেদৰে বিগত লোকসভা নিৰ্বাচনতো তপন গগৈক গাদীচ্যুত কৰা হল কাৰণ তপন গগৈয়ে সাংসদ হৈ থাকোতে আহোমৰ জনজাতিকৰণক লৈ নিমাতি কইনা ৰূপ লৈছিল। গতিকে যদি বিজেপিৰ শাসনৰ গাদীত পুনৰ বহিবলৈ মন আছে তেন্তে ২০২৬ৰ নিৰ্বাচনৰ আগত আমাৰ দাবী পূৰণ কৰক অন্যথা শাসনৰ পৰা সন্যাস লবলৈ প্ৰস্তুত থাকক। কাৰণ এইবাৰ আহোম জনগোষ্ঠীৰ ৰাইজে ২০২৬ত নতুন চৰকাৰ গঠন কৰাৰ পৰিকল্পনা যুগুত কৰিছে তাৰ বাবে ইতিমধ্যে আটাছু, টাইপাকে আদি কৰি কেইবাটাও সংগঠনে গাঁৱে গাঁৱে জনগোষ্ঠীতোৰ ৰাইজক সজাগ কৰি আছে বিভিন্ন অনুষ্ঠান আয়োজনৰ যোগেদি। সমান্তৰালভাৱে ৰাজপথৰ সংগ্ৰামখনো অধিক সক্ৰিয় ৰূপত ধাৰাবাহিকভাৱে চলাই নিয়াৰ বাবে পৰিকল্পনা তৈয়াৰ কৰিছে। ইয়াৰ পাছত নতুন দিল্লীত আগন্তুক সংসদৰ শীতকালীন অধিবেশনত প্ৰতিবাদ কৰা হব, তাৰ পাছতেই গাঁৱে গাঁৱে সজাগতা সভাসমূহ তীব্ৰ ৰুপত অনুষ্ঠিত কৰি বিশাল জনসমাগম আয়োজন কৰি এই চৰকাৰখনক বুজাই দিয়া হব যে হয় জনজাতি দিয়ক নহয় শাসনৰ পৰা সন্যাস লবলৈ প্ৰস্তুত হওক।

You might also like