নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা আদালতত নিজেই বিচাৰক, গোচৰৰ ৰায়দান কৰে প্রতাৰকে

🔹 ৫ বছৰ ধৰি গান্ধী নগৰত প্রতাৰণাৰ ভয়ংকৰ সাম্রাজ্য

নিউজ ডেস্ক, ২৩ অক্টোবৰ : প্রতাৰণাৰ প্রতিযোগিতা হ’লে প্রথম হ’ব গুজৰাটৰ বাসিন্দা মৰিছ ছেমুৱেল ক্রিষ্টিয়ান৷ গান্ধীনগৰৰ বাসিন্দা ক্রিষ্টিয়ানে ভুৱা আদালত খুলি বিচাৰক হৈ বহি আছিল৷ একাধিক গোচৰত ৰায়দানো কৰিছিল ক্রিষ্টিয়ানে৷ বিষয়টো পোহৰলৈ অহাৰ লগে লগে আৰক্ষীৰ চকু কপালত উঠিছে৷ বিগত ৫ বছৰ ধৰি এই ভুৱা আদালত চলাইছিল প্রতাৰক ক্রিষ্টিয়ানে৷ ইতিমধ্যে অভিযুক্ত ক্রিষ্টিয়ানক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি গান্ধীনগৰত এটা কার্যালয় আছে অভিযুক্তৰ৷ সেই কার্যালয়টোকে আদালতৰ দৰে সজাই তুলিছিল তেওঁ৷ নিজেই তাত বিচাৰক হৈ বহিছিল ক্রিষ্টিয়ানে৷ আৰক্ষীয়ে তদন্ত কৰি জানিব পাৰে যে নগৰত বিচাৰাধীন আদালতত যিসকলৰ ভূমি সম্পর্কীয় গোচৰ চলিছিল, তেওঁলোকক প্রতাৰণাৰ জালত পেলাইছিল অভিযুক্তই৷ ধনৰ বিনিময়ত নগৰৰ আদালতত চলি থকা গোচৰৰ ভুৱা আদালতত শুনানিৰ বাবে টোপ দিছিল সাধাৰণ জনতাক৷ প্রতাৰণা ইমান নিখুঁতভাৱে চলাই আছিল ক্রিষ্টিয়ানে, যিসকলৰ গোচৰত তেওঁ ৰায়দান কৰিছিল সেই লোকসকলে এয়া প্রকৃত আদালত বুলিয়েই বিশ্বাস কৰিছিল৷ ২০১৯ চনত চৰকাৰী ভূমি সম্পর্কীয় এটা গোচৰত আবেদনকাৰীৰ পক্ষত ৰায় দিছিল অভিযুক্তই৷ সেই ৰায়ৰ সূত্রে আৰক্ষীয়ে ভুৱা আদালতৰ সন্ধান পায়৷ ইয়াৰ পাছতে আৰক্ষীৰ তদন্ত আৰম্ভ হয়৷ আনকি ভুৱা আদালতত কেইবাজনো সহযোগী অধিবক্তা তথা অন্যান্য কর্মী হিচাপে ৰাখিছিল ক্রিষ্টিয়ানে৷

You might also like