নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিকাপ্রিঅ’ : হিমালয়ত আৱিষ্কাৰ সাপৰ নতুন প্রজাতি

🔹 ভাৰত–জার্মানী–ব্রিটেইনৰ গৱেষকৰ সাফল্য

🔹 হলীউডৰ ছবি টাইটানিকৰ লিঅ’নার্ডো ডিকাপ্রিঅ’ৰ নামত নামকৰণ

নিউজ ডেস্ক, ২৩ অক্টোবৰ : হিমালয়ত নতুন সাপৰ প্রজাতি আৱিষ্কাৰ হৈছে৷ ভাৰত, জার্মানী আৰু গ্রেট ব্রিটেইনৰ গৱেষকৰ দল এটাই ভাৰতৰ সৰীসৃপৰ ওপৰত প্রকল্পৰ অংশ হিচাপে সাপৰ প্রজাতিৰ সন্ধান চলাওঁতে হিমালয়ত নতুন প্রজাতিৰ সাপবিধ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়৷ হিমালয়ৰ পশ্চিম প্রান্তত আৱিষ্কাৰ হোৱা নতুন প্রজাতিৰ সাপবিধৰ নামকৰণ হলীউডৰ টাইটানিক ছবিৰ অভিনেতা লিঅ’নার্ড ডিকাপ্রিঅ’ৰ নামত কৰা হৈছে৷ তিনিদেশীয় গৱেষকৰ দলে হিমালয়ৰ পশ্চিম প্রান্তত ২০২০ চনতেই এই নতুন প্রজাতিৰ সাপবিধ আৱিষ্কাৰ কৰিছিল যদিও যোৱা সোমবাৰে ছাইণ্টিফিক ৰিপ’ৰ্টছত প্রতিবেদন আকাৰে এই তথ্য প্রকাশ পাইছে৷ বিজ্ঞানভিত্তিক জার্নেলখনত গৱেষক দলটোৰ প্রতিবেদনত নতুন প্রজাতিৰ সাপবিধক এনগুইকুলাছ শিতানত ৰখা হৈছে৷ এই লেটিন শব্দটোৰ অর্থ হৈছে ক্ষুদ্র সাপ৷ ভাৰত, জার্মানী আৰু গ্রেট ব্রিটেইনৰ গৱেষকৰ দলটোৱে আৱিষ্কাৰ কৰা নতুন প্রজাতিৰ সাপবিধৰ নাম এনগুইকুলাছ ডিকাপ্রিঅ’ অথবা ডিকাপ্রিঅ’ হিমালয়ান স্নেক৷ হলীউডৰ অভিনেতা আমেৰিকান লিঅ’নার্ডো ডিকাপ্রিঅ’ হৈছে এগৰাকী পৰিৱেশ কর্মী৷ অভিনেতাগৰাকীয়ে গোলকীয় জলবায়ু পৰিৱর্তন সন্দর্ভত সজাগতা সৃষ্টিৰ অভিযানত জড়িত হৈ আছে৷ এনে পৰিপ্রেক্ষিততেই অভিনেতাগৰাকীৰ প্রতি সন্মান জনাই গৱেষকৰ দলটোৱে নতুন প্রজাতিৰ সাপবিধৰ নাম এনগুইকুলাছ ডিকাপ্রিঅ’ ৰাখিছে৷ লক্ষণীয়, গৱেষকৰ দলটোৱে হিমাচল প্রদেশৰ চাম্বা আৰু কুল্লু, উত্তৰপ্রদেশৰ নাইনিতাল আৰু নেপালৰ চিতুৱান ৰাষ্ট্রীয় উদ্যানত কেইবাবিধো নতুন প্রজাতিৰ সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

You might also like