নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰমহা মাহত ১.৫ লাখ, গাড়ী-বাইক ১৪ কোটি টকাৰ

🔹 চৰকাৰৰ অধীনস্থ কোম্পানীৰ মহাপ্রবন্ধকৰ সম্পত্তিক লৈ চাঞ্চল্য

নিউজ ডেস্ক, ২৪ অক্টোবৰ : ৰাজস্থান চৰকাৰৰ অধীনস্থ কোম্পানী এটাৰ এজন কর্মচাৰীৰ ১৪ কোটি টকাৰ আয়–বহির্ভূত সম্পত্তিক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কর্মচাৰীজনে মাহেকত ১.৫ লাখ টকা দৰমহা লাভ কৰি কিদৰে বিলাসী গাড়ী প’র্ছে, লেণ্ড ৰ’ভাৰসহ কেইবাটাও কোম্পানীৰ গাড়ী, দুটাকৈ বিলাসী অট্টালিকা আৰু কেইবাখনো বিলাসী মটৰচাইকেলৰ গৰাকী হৈছে, তাক লৈ আলোড়নৰ সৃষ্টি হৈছে৷ ৰাজস্থানৰ এণ্টি কৰাপচন ব্যুৰ’ই ৰাজকম্প ইনফ’ ছার্ভিচ লিমিটেডৰ (প্রযুক্তি) মহাপ্রবন্ধক ছত্রপাল সিঙৰ দুর্নীতি গোচৰক লৈ জয়পুৰ, হনুমানগড়, দিল্লী আৰু গাজিয়াবাদত অভিযান চলাই সিঙৰ বিশাল সম্পত্তিৰ তথ্য লাভ কৰাৰ লগতে সিঙৰ বিলাসী গাড়ীসমূহ জব্দ কৰে৷ তদন্তকাৰী বিষয়াই ছত্রপাল সিঙৰ মহামূল্যৱান সম্পত্তিৰ তালিকা দেখি আশ্চর্যান্বিত হৈ পৰিছে৷ অভিযান চলাই ছত্রপাল সিঙৰ বিলাসী গাড়ী প’র্ছে, লেণ্ড ৰ’ভাৰৰ লগতে মহিন্দ্রা থাৰ, মহিন্দ্রা স্ক’ৰপিঅ’ আৰু ছেভ্রলেট ক্রুইজসহ কেইবাখনো বাহন জব্দ কৰিছে৷ ইয়াৰ লগতে মূল্যৱান মটৰচাইকেল বিশেষকৈ ট্রিয়াম্প আৰু বি এম ডব্লিউৰ বাইকসহ কেইবাখনো বাহন জব্দ কৰিছে৷ অভিযানত তদন্তকাৰী দলটোৱে ছত্রপাল সিঙৰ দুটা বিলাসী ফ্লেটৰ তথ্যও উদ্ধাৰ কৰে ৷ অৱশ্যে এই ফ্লেট দুটা ছত্রপাল সিঙৰ নামত নাই৷ ফ্লেট দুটা আছে আজমেৰ ৰোডত৷ তদুপৰি মহাদেৱ নগৰ, চোদালাতো আছে সিঙৰ বাসগৃহ৷ অভিযানৰ সময়ত তদন্তকাৰী দলে নগদ ৬ লাখ টকা উদ্ধাৰ কৰে৷ তদন্তকাৰী বিষয়াই জব্দ কৰা তথ্যৰ ভিতৰত ৰাজা পার্কত চিম্পলী ডিভাইন নামৰ এটা স্পা চেণ্টাৰ আৰু হেপ্পী হার্ট ফাউণ্ডেচন নামৰ ন্যাস এটাও সিঙে চলাই থকা বুলি জানিব পাৰে৷ অভিযানৰ সময়ত ছত্রপাল সিঙৰ কেইবাটাও বেংক একাউণ্ট, বীমা পলিচী আৰু বেংক ল’কাৰৰ তথ্য জব্দ কৰে তদন্তকাৰী দলটোৱে৷ মাহেকত ১.৫ লাখ টকা দৰমহা লাভ কৰা ছত্রপাল সিঙে কিদৰে ইমান বিশাল সম্পত্তিৰ অধিকাৰী হৈছে, তাক লৈ তদন্ত আৰম্ভ হৈছে৷ প্রাৰম্ভিক তথ্য মতে, ছত্রপাল সিং কর্মৰত কোম্পানীটো ৰাজ্যখনৰ তথ্য–প্রযুক্তি আৰু যোগাযোগ বিভাগৰ ৩,৫০০ কোটিটকীয়া কেলেংকাৰিৰ সৈতে জড়িত৷ এণ্টি কাৰাপচন ব্যুৰ’ৰ লগতে ইডিয়েও ছত্রপাল সিঙৰ বিৰুদ্ধে তদন্ত চলাব৷

You might also like