নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঁহজানীত মৃৎশিল্পক জীয়াই ৰখাৰ স্বাৰ্থত দিন-ৰাতি একাকাৰ মৃৎশিল্পীৰ

🔹 দীপাৱলীৰ বাবে কেইবালক্ষ মাটিৰ চাকি তৈয়াৰ
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ : দীপাৱলী সমাগত। অহা ৩১ অক্টোবৰত দেশবাসীৰ লগতে নলবাৰীতো সনাতনী ৰাইজে দীপাৱলীৰ লগতে কালীপূজা পালন কৰিব। এই পোহৰৰ উৎসৱক লৈ অনূসূচিত আৰু হীৰা সম্প্ৰদায়ৰ ৰাইজৰ মাজত ব্যাপক প্ৰস্তুতি চলিছে। সাতামপুৰুষীয়া মৃৎশিল্পবিধক জীয়াই ৰখাৰ স্বাৰ্থত দিন-ৰাতি একাকাৰ কৰি বিভিন্ন সামগ্ৰী নিৰ্মাণত ব্যস্ত হৈ পৰিছে জিলাখনৰ বাঁহজানীৰ চৰিয়াৰ মৃৎশিল্পীসকল। উল্লেখ্য যে স্বাধীনতাৰ পিছত কোনো এখন চৰকাৰে এই প্ৰাচীন শিল্পবিধক লৈ কোনো আঁচনি তৈয়াৰ নকৰাৰ ফলত ইয়াৰ লগত জড়িত শিল্পীসকলে উচিত মৰ্যাদা তথা প্ৰাপ্য উপাৰ্জনৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হৈ আহিছে। ইয়াৰ মাজতে চৰিয়াৰ মৃৎশিল্পীসকলৰ সুবিধাৰ বাবে স্হানীয় জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন মিশ্ৰই এটি গৃহ নিৰ্মাণ কৰাৰ লগতে বিগত বিজেপি চৰকাৰৰ সেই সময়ৰ নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাৰ তৎপৰতাত আৰু ৰাজ্যৰ সেই সময়ৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উদ্যোগত মৃৎশিল্পীসকলৰ স্বাৰ্থত এখন আঁচনি গ্ৰহণ কৰিছিল। নানা প্ৰত্যাহ্বান আগত ৰাখিও সমাগত দীপাৱলীৰ ব্যাপক উলহ-মালহৰ প্ৰাকক্ষণত চৰিয়াৰ ডেৰ শতাধিক পৰিয়ালৰ প্ৰতিজন সদস্য-সদস্যাই নামনি অসমৰ বিভিন্ন বজাৰত বিক্ৰীৰ বাবে কেইবালক্ষ মাটিৰ চাকি তৈয়াৰ কৰিছে।চৰিয়াৰ মোহন দাস, ৰূপালী দাস, উৰু দাস, ধনেশ্বৰ দাস, প্ৰদীপ দাস, মামণি দাস, চাউনী দাস, বাবুল দাস, নগেন দাস, তপন দাস, দেৱ দাসসহ ডেৰশতাধিক মৃৎশিল্পীৰ পৰশত তৈয়াৰী মাটিৰ চাকিৰে নামনি অসমৰ বিভিন্ন ঠাইত পোহৰাই তুলিব দীপাৱলী। অকল চাকিয়ে নহয়, দীপাৱলীৰ বাবে চৰিয়াৰ শিল্পীসকলে তৈয়াৰ কৰি উলিয়াইছে মাটিৰ ধূপদানি, টেকেলি আদিও।  গাঁওখনিৰ শিল্পীসকলৰ মতে, শিল্পবিধত ব্যৱহৃত মাটি পাবলৈ কঠিন হৈ পৰিছে। কামৰূপ জিলাৰ আজ্ঞাঠুৰী আৰু পলাশবাৰীৰ পৰা মাটি ক্ৰয় কৰিব লাগে। আগৰ তুলনাত মাটিৰ দাম বৃদ্ধি হোৱাৰ উপৰি যাতায়াত খৰচো বৃদ্ধি হৈছে। সেই অনুসৰি শিল্পীসকলে তৈয়াৰ কৰা মাটিৰ শিল্পসমূহৰ দাম বৃদ্ধি হোৱা নাই। ফলত শিল্পীসকল উচিত মূল্যৰ পৰা বঞ্চিত হ’ব লগা  হৈছে। শিল্পী এচামৰ ক্ষোভ- শিল্প আৰু শিল্পীসকলে চৰকাৰৰ পৰা কেতিয়া উচিত মৰ্যাদা আৰু ব্যৱসায়ৰ বাবে এখন সুকীয়া  পৰিকল্পিত বজাৰ পাব।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like