নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সশস্ত্র বাহিনীত অসমৰ প্রতিনিধিত্ব

🔹 ৰাণা প্রতাপ কলিতা
লেফটেনেণ্ট জেনেৰেল (অৱঃ)

‘নিয়মীয়া বার্তা’ৰ সৈতে চলিত বর্ষৰ ১৬ মার্চত হোৱা এক সাক্ষাৎকাৰত মোক সোধা হৈছিল যে উত্তৰ–পূর্বাঞ্চলৰ যুৱক–যুৱতীসকল কিয় সশস্ত্র বাহিনীত যোগদান কৰিবলৈ বৰ বেছি আগ্রহী নহয়, ইয়াৰ বিপৰীতে হিমাচল প্রদেশ, পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যৰ লোকসকলে নিজৰ সন্তানৰ বাবে সশস্ত্র বাহিনীৰ কেৰিয়াৰ অতি গৌৰৱৰ বিষয় বুলি গণ্য কৰে৷ মই চাকৰি কৰি থকাৰ সময়ত আৰু অৱসৰৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰ আৰু বিভিন্ন ব্যক্তিৰ সৈতে হোৱা মত বিনিময়ৰ সময়তো বহুবাৰ একেধৰণৰ প্রশ্ণৰ সন্মুখীন হৈছোঁ৷ একাংশই এইটো কথাও আলোকপাত কৰিছে যে সশস্ত্র বাহিনীৰ উচ্চ পদবীলৈ উন্নীত হোৱা অসমৰ বিষয়াৰ সংখ্যা অতি কম৷ আনকি ৰাষ্ট্রীয় প্রতিৰক্ষা একাডেমী (এনডিএ) পুনেত স্থান লাভৰ প্রাথমিক শিক্ষা প্রদান কৰা গোৱালপাৰা সৈনিক বিদ্যালয়ো অসমৰ বিষয়াৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্রত যোৱা কিছু বছৰত ব্যর্থ হৈছে৷ ২০২৩ চনৰ নৱেম্বৰ মাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ গোৱালপাৰা সৈনিক বিদ্যালয় ভ্রমণৰ সময়ত তেওঁক মই সংগ দিয়াৰ সৌভাগ্য লাভ কৰিছিলোঁ৷ সেই সময়ত মুখ্যমন্ত্রীগৰাকীয়ে গোৱালপাৰা সৈনিক বিদ্যালয়ৰ প্রদর্শনৰ বিশেষ উল্লেখেৰে সশস্ত্র বাহিনীত অসমৰ প্রতিনিধিত্ব হ্রাস পোৱাৰ কেতবোৰ বিষয় উত্থাপন কৰিছিল৷ বিষয়টোৰ ওপৰত নিশ্চিতভাৱে গভীৰ আত্মবিশ্লেষণৰ প্রয়োজন৷
২০২১ চনৰ তথ্য অনুসৰি, দেশৰ ৪১,৭৮০জন স্থলসেনা বিষয়াৰ বিপৰীতে অসমীয়া উচ্চপদস্থ স্থলসেনা বিষয়াৰ সংখ্যা ২৭৫জন৷ তদুপৰি, নৌসেনাত ১০,১৬৯ৰ বিপৰীতে ৪২জন আৰু বায়ুসেনাত ১২,১৪৩জনৰ বিপৰীতে ৬৯জন অসমীয়াই বিষয়া পদত অধিষ্ঠিত হৈছে৷ দেশৰ সশস্ত্র বাহিনীৰ মুঠ ৬৪,০৯২ৰ উচ্চপদস্থ বিষয়াৰ বিপৰীতে বর্তমানৰ অসমীয়া বিষয়াৰ অংশ মাত্র ০.%৷ ইয়াৰ বিপৰীতে অসমতকৈ কম জনসংখ্যা থকা ৰাজ্য যেনে– পঞ্জাব, দিল্লী আৰু উত্তৰাখণ্ডৰ অংশ ক্রমে ৫.৮৫, ১১.৩২ আৰু ৮.৪%৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যসমূহৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি অসমীয়া উচ্চপদস্থ বিষয়াৰ অংশ ২.৫%ৰ বিপৰীতে পঞ্জাব, দিল্লী আৰু উত্তৰাখণ্ডৰ সংখ্যা ক্রমে ২.২৯, ১.৩৮ আৰু ০.৮%৷ এই পৰিসংখ্যাই আন ৰাজ্যৰ তুলনাত সশস্ত্র বাহিনীত বিষয়াৰ পদবীত অসমৰ কম প্রতিনিধিত্বৰ দিশটো স্পষ্ট ৰূপত প্রকাশ কৰিছে৷ চুবুৰীয়া ৰাজ্য মণিপুৰত সশস্ত্র বাহিনীত কর্মৰত মুঠ বিষয়াৰ সংখ্যা ৫৩৭জন, এই পৰিমাণ দেশৰ মুঠ বিষয়াৰ ০.৮৩ শতাংশ আৰু ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ০.২১ শতাংশ৷ অসম আৰু মণিপুৰৰ মাজত তুলনা কৰিলেও এক ব্যাপক পার্থক্য পৰিলক্ষিত হয়৷ কিয়নো মণিপুৰৰ মুঠ জনসংখ্যা ২৫,৭০,৩৯০জন (২০১১ চনৰ লোকপিয়ল অনুসৰি)ৰ ভিতৰত ৫৩৭জনে সেনাৰ উচ্চপদস্থ বিষয়া হিচাপে কর্মৰত৷ আনহাতে, মণিপুৰতকৈ ১২গুণ অধিক জনসংখ্যা থকা অসমৰ অর্থাৎ ৩,১২,০৫,৫৭৬ (২০১১ চনৰ লোকপিয়ল অনুসৰি)জন লোকৰ ভিতৰত ৩৮৬জনহে বিষয়া হিচাপে কর্মৰত৷
২০২৩–২৪ বর্ষৰ শেহতীয়া অসমৰ অর্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে যে ২০২২ চনত ৰাজ্যত প্রায় ১০ লাখ নতুন শিক্ষিত যুৱক–যুৱতীয়ে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিছে৷ তাৰ আগলৈকে মাত্র ১.৪ লাখ যুৱক–যুৱতীয়েহে নাম পঞ্জীয়ন কৰিছিল৷ ৰাজ্যত নিবনুৱাৰ সংখ্যা ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে যদিও সশস্ত্র বাহিনীত ৰাজ্যখনৰ প্রতিনিধিত্ব একেবাৰে কম৷ এই দুর্বল প্রতিনিধিত্বৰ কেইবাটাও কাৰণ আছে৷ প্রথম আৰু প্রধান কাৰণটো হ’ল যুৱক–যুৱতীসকলৰ লগতে অভিভাৱকৰ মাজত সশস্ত্র বাহিনীৰ কেৰিয়াৰত লাভ কৰা সা–সুবিধাসমূহৰ বিষয়ে সজাগতাৰ অভাৱ৷ সাধাৰণতে শুনিবলৈ পোৱা যায় যে সশস্ত্র বাহিনীৰ জীৱনটো কঠিন, কাৰণ তেওঁলোকে পৰিয়ালৰ পৰা দীর্ঘদিন ধৰি বিচ্ছিন্ন হৈ থকাৰ লগতে দুর্গম অঞ্চলত কাম কৰিব লাগে৷ সঁচা কথা ক’বলৈ গ’লে সশস্ত্র বাহিনীত সেৱা আগবঢ়োৱাৰ সন্মান আৰু গৌৰৱ চাকৰিটোৰ চাহিদামূলক হোৱা বাবে সন্মুখীন হোৱা অসুবিধাতকৈ বহু ওপৰত৷ ৰাজ্যত ছাত্র–ছাত্রীকে ধৰি সাধাৰণ মানুহৰ জীৱনত প্রভাৱ পেলোৱা উগ্রপন্থী আন্দোলনৰ সময়ত আইন–শৃংখলা বজাই ৰখাৰ ক্ষেত্রত সশস্ত্র বাহিনীৰ দীর্ঘদিনীয়া ব্যৱহাৰে সম্ভৱতঃ বাহিনীটোৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত বিদ্বেষমূলক মানসিকতা গঢ়ি তুলিছে৷ অসমৰ নিৰাপত্তা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে ভৱিষ্যতে এই দিশটো পৰিৱর্তন হোৱাৰ সম্ভাৱনা আছে৷ তদুপৰি, ৰাজ্যত পেছাদাৰী কোচিং ইনষ্টিটিউটৰ অভাৱ, যিয়ে প্রতিৰক্ষা বিষয়াৰ পদবীৰ প্রৱেশ পৰীক্ষাৰ বাবে প্রার্থীসকলক প্রস্তুত কৰি তোলে৷ ৰাষ্ট্রীয় পর্যায়ত সশস্ত্র বাহিনীত যোগদানৰ প্রতিযোগিতা যথেষ্ট কঠিন হৈ পৰিছে৷ অন্য ৰাজ্যত পূর্ণ প্রস্তুতি চলোৱা প্রার্থীৰ সংখ্যা বৃদ্ধিৰ ফলত অসমৰ যথাযথ প্রস্তুতি চলোৱাত ব্যর্থ প্রার্থীসকলৰ সুযোগ লাভৰ সম্ভাৱনা হ্রাস পাইছে৷ সেইবাবে অসমৰ সশস্ত্র বাহিনীত সেৱা আগবঢ়োৱা মুঠ বিষয়াৰ সংখ্যা কম৷ সেইদৰে জ্যেষ্ঠ পদবীত অধিষ্ঠিত বিষয়াৰ সংখ্যাও অতি নগণ্য৷
উল্লিখিত সমস্যাৱলীৰ পৰিপ্রেক্ষিতত এই লেখাত প্রতিকাৰমূলক ব্যৱস্থা সম্পর্কেও পৰামর্শ আগবঢ়োৱা হৈছে৷ প্রথম পদক্ষেপটো হ’ল– সশস্ত্র বাহিনীত কেৰিয়াৰ গঢ়িবলৈ যিবোৰ সুযোগ আছে সেইবোৰৰ বিষয়ে চহৰ আৰু গ্রামাঞ্চল উভয়তে সজাগতামূলক প্রচাৰ কৰা উচিত৷ এইক্ষেত্রত সেনাবাহিনীৰ প্রচেষ্টাত ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত কেতবোৰ সজাগতামূলক অভিযান চলোৱা প্রয়োজন৷ কেৰিয়াৰ কাউঞ্চেলিং কার্যসূচীৰ অংশ হিচাপে বিদ্যালয়–মহাবিদ্যালয় সশস্ত্র বাহিনীত যোগদানৰ বাবে প্রেৰণাদায়ক বত্তৃণতা বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগে৷ পৰৱর্তী পদক্ষেপ হৈছে– প্রতিযোগিতামূলক প্রৱেশ পৰীক্ষাৰ বাবে পৰীক্ষার্থীক প্রস্তুত কৰা৷ বিষয়া পদৰ বিভিন্ন প্রৱেশ পৰীক্ষাৰ বাবে প্রার্থী প্রস্তুত কৰিবলৈ পেছাদাৰী প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰিব লাগিব৷ মহাৰাজা ৰঞ্জিত সিং সশস্ত্র বাহিনী প্রস্তুতি প্রতিষ্ঠান হৈছে ৰাষ্ট্রীয় প্রতিৰক্ষা একাডেমীৰ প্রার্থীক প্রশিক্ষণ দিয়াৰ বাবে পঞ্জাব চৰকাৰে প্রতিষ্ঠা আৰু পৰিচালিত কৰা এনে অন্যতম প্রতিষ্ঠান৷ এই প্রতিষ্ঠানটোৱে এনডিএৰ প্রৱেশ পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে দশম শ্রেণীৰ উত্তীর্ণ নির্বাচিত ছাত্র–ছাত্রীক বিশেষভাৱে প্রস্তুত কৰা দুবছৰীয়া পাঠ্যক্রম প্রদান কৰি আহিছে৷ আন বহু ৰাজ্যয়ো এনে প্রতিষ্ঠান স্থাপন কৰিছে, যিয়ে সশস্ত্র বাহিনীত তেওঁলোকৰ প্রতিনিধিত্ব বৃদ্ধি কৰিছে৷ এনে প্রতিষ্ঠান চৰকাৰে চলাব পাৰে বা ৰাজহুৱা–ব্যক্তিগত–অংশীদাৰিত্বৰ আর্হিত স্থাপন কৰিব পাৰে৷ সশস্ত্র বাহিনীৰ বহু যোগ্য অৱসৰপ্রাপ্ত বিষয়াই এনে পদক্ষেপক কাৰিকৰী জ্ঞান প্রদান কৰিব পাৰে৷ তদুপৰি, ৰাজ্যৰ একমাত্র সৈনিক বিদ্যালয়খনে ছাত্র–ছাত্রীক প্রতিৰক্ষা সেৱাৰ বাবে প্রস্তুত কৰাৰ ক্ষেত্রত কিদৰে কাম কৰি আছে, সেই বিষয়ে পুনৰীক্ষণ কৰি প্রয়োজনীয় সংশোধনী ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ এনডিএৰ বাবে বাছনি হোৱাৰ প্রাৰম্ভিক শিক্ষা প্রদান কৰা প্রতিষ্ঠান হিচাপে বিদ্যালয়খনে নিজৰ দায়িত্ব পালন কৰাটো নিশ্চিত কৰিব লাগিব৷ ৰাজ্যত সৈনিক বিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ প্রস্তাৱ অতি সোনকালে কার্যকৰী কৰি প্রতিৰক্ষা সেৱাৰ বাবে অধিক প্রার্থীক প্রশিক্ষণ দিব লাগিব৷ শেষত ক’ব পাৰি যে আৱেগেৰে দেশৰ সেৱা কৰাৰ আৰু উৎকৃষ্টতাৰ ইচ্ছাক পিতৃ–মাতৃ আৰু শিক্ষকসকলে জীৱনৰ প্রাৰম্ভিক পর্যায়ত জগাই তোলা প্রয়োজন৷ এই সমস্যাৰ সমাধান নথকা নহয়৷ ইচ্ছা থাকিলে যুক্তিসংগত সমাধান আছে৷ নতুন প্রজন্মক বয়োজ্যেষ্ঠসকলে সঠিক দিশ দেখুৱাব লাগিব, যাতে তেওঁলোকে এটা সম্ভ্রান্ত বৃত্তিত সেৱা আগবঢ়াই দেশৰ দায়িত্বশীল নাগৰিক হ’ব পাৰে৷ সশস্ত্র বাহিনীত গঢ় লৈ উঠা অনুশাসন আৰু নীতি–নিয়মে এইটো নিশ্চিত কৰিব যে তেওঁলোকে গোটেই জীৱনত সঠিকভাৱে ৰাষ্ট্র নির্মাণৰ দিশত অৰিহণা যোগাব৷

লেখক ভাৰতীয় সেনাৰ ইষ্টার্ন কমাণ্ডৰ অৱসৰপ্রাপ্ত মুৰব্বী
ফোন : ৯৪১৯০–৫৮৭০৫

You might also like