নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৩ বছৰ বয়সতো মাটিৰ চাকি নিৰ্মাণত ব্যস্ত ধুবুৰীৰ এগৰাকী মৃৎশিল্পী

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ বয়সে ভাটি দিলেও হাৰ মানা নাই তেওঁ। বাৰ্ধ্যকই শৰীৰত জড়তা আনিলেও হ্ৰাস পোৱা নাই মনৰ উদ্যমতা তেওঁৰ। ঘৰ ধুবুৰীৰ নুনিয়াপট্টীত। নাম দিনানাথ কুমাৰ। প্ৰায় ৯৩ বছৰ বয়সত ভৰি দিয়া দিনানাথ বৰ্তমানে ব্যস্ত মাটিৰ চাকি নিৰ্মাণত। ১২ বছৰ বয়সতে মৃৎ শিল্পৰ সৈতে জড়িত হোৱা এই গৰাকী শিল্পীয়ে দেখেছে মৃৎশিল্পৰ এই জগতখনৰ বহু উত্থান-পতন; পৰিবৰ্তন নিৰ্মাণ শৈলীৰ। শিল্পী গৰাকীৰ আক্ষেপ, “মাথো ১ টকাত দৰত এটা মাটিৰ চাকি বিক্ৰী কৰিলেও সমাদৰ নাই গ্ৰাহকৰ মাজত। দীপাৱলীত বজাৰ উপচি পৰা চাইনিজ তথা ৰং-বিৰঙী প্লাষ্টিকৰ লাইটৰ প্ৰতিহে আগ্ৰহ বেছি ৰাইজৰ।” অনুৰূপ আক্ষেপ কুমাৰ পত্নীৰো। “প্লাষ্টিক, কাগজৰ গ্লাছ অহাৰ পিছৰে পৰা নোহোৱা হৈ পৰিল মাটিৰ গিলাছৰ কদৰ; নিকিনা হ’ল।” ধুবুৰীৰ স্থানীয় সমাজকৰ্মী দীপাংকৰ মজুমদাৰকে ধৰি বহু সচেতন ৰাইজে বিচাৰিছে মৃৎশিল্পৰ ধাৰা অব্যাহত থকাটো। “দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ “ভোকাল ফৰ লোকাল” শ্লোগানক বাস্তবায়ন কৰিবলৈ যেন অনীহ প্ৰশাসনৰো। দীপাৱলী উপলক্ষে বজাৰ ভৰি পৰিছে চাইনিজ লাইটেৰে। কিন্তু, থলুৱা এই শিল্প বিধৰ ধাৰা ৰক্ষা কৰিবলৈ হলে কিন্তু প্ৰয়োজন আছে পৃষ্ঠপোষকতা আৰু বজাৰৰ।”, দীপাংকৰ মজুমদাৰৰ আক্ষেপ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like