নৰ্থ বইটামাৰীত স্বামীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পত্নীক
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে বঙাইগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নৰ্থ বইটামাৰী অঞ্চলৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। গাঁওখনৰ কুমুদ নাথ নামৰ লোকজনে তেওঁৰ পত্নী জিণ্টি ভূঞা (৩৫)ক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। এই ঘটনাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে আজি দুপৰীয়াৰ ভাগত কুমুদ নাথে নিজৰ বাসগৃহৰ ভিতৰতে নিজ পত্নীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰি মৃতদেহ বিছনাত পেলাই থয়। তাৰ পিছত তেওঁলোকৰ পুত্ৰ বাসগৃহত আহি তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত মাতৃৰ মৃতদেহ উদ্ধাৰ কৰে। ইফালে ঘটনা সংঘটিত কৰি কুমুদ নাথে পত্নীক হত্যা কৰা বুলি চিঞৰি চিঞৰি কৈ পলায়ন কৰে। তাৰ পিছত পুত্ৰই প্ৰতিৱেশীসকলক ঘটনা সম্পৰ্কে অৱগত কৰাত স্থানীয় ৰাইজে ঘটনাস্থলীত ভিৰ কৰে। প্ৰতিবেশীয়ে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে লোকজনে কি কাৰণত এনেদৰে নৃশংসভাৱে পত্নীক হত্যা কৰে সেয়া জানিব পৰা হোৱা নাই।
প্ৰেৰক ৰুবুল কান্তি দাস