নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল : জটিল সমীকৰণৰ সন্মুখীন ভাৰতীয় ক্ৰিকেট দল

নিউজ ডেস্ক, ৪ নৱেম্বৰ : ২০০০ চনৰ পিছত প্রথমবাৰৰলৈ ঘৰৰ মাটিত টেষ্ট শৃংখলাত হোৱাইট ৱাছৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া৷ ১২ বছৰ পিছত টেষ্ট ক্রিকেটত নিউজিলেণ্ডে ভেদ কৰিলে ভাৰতৰ অভেদ্য দুর্গ৷ ঘৰৰ মাটিত স্পিনাৰৰ হাতত ধৰাশায়ী হ’ল মেন ইন ব্লু৷ ৱাংখেড়ে ষ্টেডিয়ামত প্রথম ইনিংছত অগ্রগতি লৈও টেষ্টখনত জয়ী হ’ব নোৱাৰিলে ভাৰতীয় দলটোৱে৷ ভাৰতক পৰাস্ত কৰি ইতিহাস ৰচনা কৰিলে কিৱি বাহিনীয়ে৷ এই পৰাজয়ৰ ফলত ভাৰতীয় দলটোৱে বৃহৎ আঘাতৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীর্ষস্থান হেৰুৱাবলগীয়া হৈছে ভাৰতীয় দলে৷ বর্তমান ডব্লিউটিচি পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয় অষ্ট্রেলিয়া৷ একে সময়তে শ্রীলংকা, নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকালৈ স্বস্তিৰ নিশ্বাস৷ বর্তমান অষ্ট্রেলিয়াই ৬২.৫০ শতাংশ পইণ্টেৰে শীর্ষস্থান দখল কৰিছে৷ ক্রমাগত ৩খন টেষ্টত পৰাজয়ৰ অন্তত ৫৮.৩৩ শতাংশ পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হয় ভাৰত৷ ৫৫.৫৬ শতাংশ পইণ্টেৰে তৃতীয় স্থানত আছে শ্রীলংকা, ৫৪.৫৫ শতাংশ পইণ্টেৰে চতুর্থ স্থানত আছে নিউজিলেণ্ড আৰু ৫৪.১৭ শতাংশ পইণ্টেৰে পঞ্চম স্থানত আছে দক্ষিণ আফ্রিকা৷ নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা আৰম্ভ কৰাৰ পূর্বে ভাৰতক ডব্লিউটিচিৰ ফাইনেল খেলিবলৈ ৭খন টেষ্টৰ ৪খনত জয়ৰ প্রয়োজন আছিল৷ কিৱিৰ বিৰুদ্ধে হোৱাইট ৱাছৰ পিছত ভাৰতৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশৰ পথ বহু কঠিন হৈ পৰিছে৷ ইয়াৰ পিছত ভাৰতীয় দলটোৱে অষ্ট্রেলিয়া ভ্রমণ কৰিব৷ কিন্তু অষ্ট্রেলিয়াৰ বিৰুদ্ধে শৃংখলাত জয়লাভ কৰাটোৱেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ একমাত্র উপায় নহয় ভাৰতীয় দলৰ বাবে৷ কেংগাৰু বাহিনীৰ বিৰুদ্ধে খেলিবলগীয়া ৫খন টেষ্টৰ ভিতৰত কমেও ৪খন টেষ্টত জয়লাভ কৰিব লাগিব টীম ইণ্ডিয়াই৷ আৰু যদি ভাৰতীয় দলটোৱে ৩খন টেষ্টত জয়লাভ কৰে তেন্তে আন দলৰ ফলাফললৈ অপেক্ষা কৰিব লাগিব৷

You might also like