নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত মৰণফান্দসদৃশ বিধ্বস্ত কাঠৰ দলং

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ : নগৰবেৰাৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙ হৈ পৰিছে পথিকৰ মৰণফান্দসদৃশ। কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত নগৰবেৰাৰ পৰা নাইটৰ বিদ্যানগৰ, চেনীমাৰা, ৰূপহাৰা, কল্যাণপুৰ সংযোগী সদাব্যস্ত পথছোৱাত থকা কাঠৰ দলং খনেৰে নিতৌ বহু পথযাত্রী, লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী আহযাহ কৰে। পিছে বিধ্বস্ত দলংখন যাতায়তৰ ক্ষেত্ৰত হৈ পৰিছে অতিকে বিপদসংকুল। এই ক্ষেত্ৰত লোক নিৰ্মান বিভাগ কিম্বা স্থানীয় বিধায়িকাৰ কোনো গুৰুত্ব নথকাৰ অভিযোগ। দুচকীয়া বাহন কিম্বা ই-ৰিক্সাৰ বাহিৰে দলং খনেৰ কোনো গধুৰ যানবাহন অথবা এম্বুলেন্স আদি পাৰাপাৰ হব নোৱাৰে। প্ৰায় বছৰ দিনৰ পূৰ্বে নাইটৰ বিদ্যানগৰ আঞ্চলিক বজাৰ যুৱক সংঘই গাঠিৰ ধন ব্যয় কৰি বাঁহ-কাঠ আদিৰে দলংখন মেৰামতি কৰিছিল যদিও সম্প্ৰতি পুনৰ সমূলি জৰাজীৰ্ণ হৈ পৰিছে দলংখন। স্থানীয় ৰাইজে শীঘ্ৰে জৰাজীৰ্ণ এই দলংখনৰ ঠাইত পকী দলং এখন নিৰ্মাণ কৰি যাতায়াতৰ আহুকাল আঁতৰাবলৈ দাবী জনাইছে সমষ্টিৰ বিধায়কৰ লগতে সংশ্লিষ্ট বিভাগলৈ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like