নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জংঘলৰ মাজতো ৰজনীকান্তই নেৰিলে নিজৰ জনপ্ৰিয় ষ্টাইল; চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ নিজৰ জনপ্ৰিয় আৰু বিন্দাচ ষ্টাইলেৰে সদায়ে দৰ্শকক আকৰ্ষণ কৰি অহা দক্ষিণৰ তাৰকা ৰজনীকান্তে এইবাৰ ডাঠ অৰণ্যৰ মাজতো সেই ভংগীমা কৰা দেখা গ’ল ।

ছবিগৃহলৈ ৰজনীকান্তৰ ছবি আহিলেই তেওঁৰ চশমা পিন্ধাৰ ষ্টাইলৰ পৰা গাড়ী চলোৱালৈকে তেওঁৰ সকলো স্বকীয় ভংগীমাই দৰ্শকৰ মন জয় কৰি আহিছে । কিন্তু এইবাৰ যি ষ্টাইল ভাইৰেল হৈছে সেয়া কিছু ব্যতিক্ৰম । কাৰণ এইবাৰ ৰূপালী পৰ্দাৰ বিপৰীতে অৰণ্যৰ মাজত দেখা গ’ল তাৰকাগৰাকীক এই ষ্টাইলত ।

উল্লেখ্য যে বেয়ৰ গ্ৰীল্ছৰ সৈতে ডিস্ক’ভাৰী চেনেলত প্ৰদৰ্শিত হ’বলগীয়া শ্ব’ত দক্ষিণৰ তাৰকাগৰাৰ এক প্ৰ’মো ভিডিঅ’ শেহতীয়াকৈ মুকলি কৰা হৈছে । য’ত তাৰকা ৰজনীকান্তক এক ব্যতিক্ৰমী ৰূপত দেখা গৈছে ।

আপুনিও চাওক এই ভিডিঅ’-

উল্লেখ্য যে এই শ্ব’টো ২৩ মাৰ্চৰ নিশা ৮ বজাত ডিস্ক’ভাৰী চেনেলত প্ৰদৰ্শিত হ’ব ।

You might also like