নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনৰ পিছতেই ৰকিবুলক আৰক্ষীৰ জেৰা

🔹 গৃহ ৰাজ্যমন্ত্রী হৈ থাকোঁতে পিছদুৱাৰেদি নিযুক্তি

বিশেষ বার্তা,  ৭ নৱেম্বৰ : উপ–নির্বাচনৰ পিছতে আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন৷ অসম চৰকাৰৰ ৰাজ্যিক গৃহমন্ত্রী হৈ থকা সময়ত বহু লোকক চাকৰি দিয়া বুলি নিজেই ৰাজহুৱাভাৱে প্রকাশ কৰাৰ পিছত এতিয়া সেই বিষয়ক লৈ সাংসদ হুছেইনক জেৰা কৰিবলৈ আৰক্ষীক নির্দেশ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বঙাইগাঁৱত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বহু দিনৰ পৰা অসমৰ মানুহৰ সন্দেহ আছিল হুছেইন ৰাজ্যিক গৃহমন্ত্রী হৈ থাকোঁতে যথেষ্টসংখ্যক লোকক তেওঁ পিছদুৱাৰেদি নিযুক্তি দিছিল৷ এই বিষয়ে সেই সময়ত বহু বিতর্কও হৈছিল৷ যোৱা দুদিন আগতে হুছেইনে নিজেই স্বীকাৰ কৰিলে তেওঁ চাকৰি দিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাৰ প্রশ্ণ– তেওঁ কেনেকৈ চাকৰি দিব? মন্ত্রীয়েতো চাকৰি দিব নোৱাৰে৷ সেয়ে আৰক্ষীক কৈছোঁ- উপ–নির্বাচনৰ পিছত হুছেইনক মাতি আনি সোধা–পোছা কৰক৷ তেওঁ কাক চাকৰি দিছিল, কেনেকৈ দিছিল, সেই বিষয়ে সোধা–পোছা কৰক৷ পূর্বতে ৰাকেশ পালে চাকৰি দিয়াটো আমি জানিছিলোঁ৷ পালে চাকৰি দিয়াৰ পিছত বর্তমান জে’লতো গৈছে৷ হুছেইনে চাকৰি দিয়াৰ বিষয়ে আমি গম পোৱা নাছিলোঁ৷ যিহেতু তেওঁ নিজে এই কথাটো ক’লে, গতিকে বিষয়টো এতিয়া চৰকাৰে পৰীক্ষা কৰিব লাগিব৷

 

You might also like