নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ বিতর্কিত ডিচি বর্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

🔹 মানসিক নির্যাতনৰ অভিযোগত অর্পণা শর্মাৰ গোচৰ

🔹 কোকৰাঝাৰতো তলতীয়া কর্মচাৰীক নির্যাতন চলাইছিল বর্ণালী ডেকাই

বিশেষ বার্তা,  ৬ নৱেম্বৰ : অৱশেষত নলবাৰী জিলাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বহু বিতর্কিত আইএএছ বিষয়া তথা নলবাৰী জিলাৰ আয়ুক্ত বর্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নির্দেশ জাৰি কৰিছে৷ প্রায় ছয় মাহ পূর্বে পশ্চিম নলবাৰীৰ ৰাজহ চক্র বিষয়া অর্পণা শর্মাই জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে কোনো গোচৰেই পঞ্জীয়ন নকৰি ঘটনাৰ সামান্যও তদন্ত নকৰাত সমগ্র ঘটনাক লৈ নলবাৰী আৰক্ষী প্রশাসন বিভিন্ন পক্ষৰ তীব্র সমালোচনাৰ সন্মুখীন হৈ আহিছিল৷ এনে সময়তে অৱশেষত নলবাৰী আদালতৰ নির্দেশৰ ভিত্তিত নলবাৰী সদৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈ পৰে৷ জানিব পৰা মতে, ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৫০৬/৫১১ নম্বৰ ধাৰাৰ অধীনত ৩৯০/২৪ নম্বৰত গোচৰটো নলবাৰী সদৰ আৰক্ষীয়ে পঞ্জীয়ন কৰি তদন্তৰ ভাৰ আৰক্ষী বিষয়া মধুস্মিতা বৰাক অর্পণ কৰিছে৷ উল্লেখ্য যে ইখনৰ পিছত সিখন জিলাত বিতর্কৰ আৱর্তত থকা আই এ এছ বর্ণালী ডেকাৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগত যোৱা লোকসভা নির্বাচনৰ ভোটগ্রহণৰ পিছদিনা অর্থাৎ ৭ মে’ৰ মাজনিশা নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল পশ্চিম নলবাৰী ৰাজহ চক্রৰ চক্র বিষয়া (এএলআৰএছ) অর্পণা শর্মাই৷ উল্লেখ্য যে নলবাৰী জিলাত বিভিন্ন বিসংগতি, খেলিমেলিৰ মাজেৰে সামৰণি পৰাৰ দিনা অর্থাৎ ৭ মে’ৰ নিশা লোকসভা নির্বাচনৰ যাৱতীয় কাম–কাজ নলবাৰীৰ গর্ডন স্কুলৰ নিয়ন্ত্রণ স্থানত চলি থকা অৱস্থাতে আইএএছ আৰু এএলআৰএছ বিষয়া দুগৰাকীৰ মাজত লাগে তুমুল বাকবিতণ্ডা৷ চক্র বিষয়াগৰাকীয়ে নিজৰ সুৰক্ষাৰ স্বার্থত নির্বাচনৰ কাম–কাজবোৰৰ ভিডিঅ’গ্রাফী কৰি থকাত টিঙিৰি তুলা হৈ পৰা জিলা আয়ুক্তগৰাকীয়েও চক্র বিষয়াগৰাকীক বিভিন্ন প্রশ্ণৰে অতিষ্ঠ কৰি ভিডিঅ’গ্রাফী কৰিবলৈ ধৰে৷ ঘটনাৰ বিৱৰণী মতে, সেইদিনা হোৱাটছএপযোগে পশ্চিম নলবাৰী ৰাজহ চক্রৰ চক্র বিষয়া অর্পণা শর্মাক জিলা নির্বাচনী বিষয়া তথা জিলা আয়ুক্ত বর্ণালী ডেকাই জিলাখনৰ ৪০নং টিহু বিধানসভা সমষ্টিৰ ইছ্যু আৰু ৰিচিপ্ট কাউণ্টাৰত দায়িত্বত নিয়োজিত কৰে৷ জিলাখনৰ বানেকুছি ৰাজহ চক্রৰ চক্র বিষয়া সংগীতা শর্মাৰ লগতে আন চাৰিজন বিষয়াকো নিয়োজিত কৰে এই কামত৷ লক্ষণীয়ভাৱে পূর্বে তেওঁলোকক এই সন্দর্ভত কোনোধৰণৰ প্রশিক্ষণ দিয়া হোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে৷ সেই নিশা ভোটগ্রহণ কেন্দ্রৰ পৰা অহা নির্বাচনৰ যাৱতীয় নথি-পত্র থকা ট্ৰাংকবোৰ শ্রমিকৰ অভাৱত এই কাউণ্টাৰৰ পৰা নির্দিষ্ট স্থানলৈ নিব পৰা নাছিল৷ জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে কাউণ্টাৰবোৰ পর্যবেক্ষণ কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ পিছতে এগৰাকী সহকাৰী আয়ুক্তই নিশা ১২.৫৭ বজাত ট্ৰাংকবোৰ কাউণ্টাৰৰ পৰা লৈ যাব লাগে বুলি সংশ্লিষ্ট হোৱাটছএপ গ্রুপত মেছেজো দিছিল৷ ইয়াৰ তিনি মিনিট পিছতেই অর্থাৎ নিশা এক বজাত জিলা আয়ুক্তগৰাকীয়ে উক্ত কাউণ্টাৰলৈ আহি সকলোৰে সন্মুখত চক্র বিষয়া অর্পণা শর্মাক ট্ৰাংকবোৰ কি কাৰণত নির্দিষ্ট স্থানলৈ নিয়া হোৱা নাই বুলি প্রশ্ণ উত্থাপন কৰি এই সন্দর্ভত কঠোৰ ভাষাৰে দুর্ব্যৱহাৰ কৰে৷ ইয়াৰ কিছু সময় পিছতে জিলা আয়ুক্তগৰাকীয়ে ব্যক্তিগত সহায়কক টিহু সমষ্টিৰ ১ আৰু ২নং কাউণ্টাৰলৈ পঠিয়াই দি কামৰ অগ্রগতিৰ খতিয়ান ল’বলৈ কয়৷ সেই সময়তে নির্বাচনৰ দৰে এটা গুৰুত্বপূর্ণ বিষয়ত তেওঁৰ ওপৰত দোষ জাপি দিয়াৰ বাবে ব্যক্তিগত সহায়কগৰাকীক ইচ্ছাকৃতভাৱে পঠিয়াই দিয়া বুলি সন্দেহ প্রকাশ কৰি চক্র বিষয়াগৰাকীয়ে নিজৰ সুৰক্ষাৰ স্বার্থত তথ্য–প্রমাণৰ বাবে ম’বাইলেৰে সকলোবোৰ ভিডিঅ’ ৰেকর্ডিং কৰিবলৈ লয়৷ তেনে সময়তে জিলা আয়ুক্ত বর্ণালী ডেকাই পুনৰ টিহুৰ উক্ত কাউণ্টাৰলৈ গৈ চক্র বিষয়া অর্পণা শর্মাক ঠাট্টা কৰিবলৈ ধৰে৷ জিলা আয়ুক্তগৰাকীৰ এনে কার্যত অতিষ্ঠ হৈ চক্র বিষয়াগৰাকীয়ে পুনৰ ভিডিঅ’ ৰেকর্ডিং কৰিবলৈ লয়৷ এই লৈ দুই বিষয়াৰ মাজত চলে তীব্র বাকবিতণ্ডা৷ এনে অৱস্থাত জিলা আয়ুক্তগৰাকীয়ে চক্র বিষয়াগৰাকীক বিভিন্ন প্রশ্ণ কৰি নিজৰ ম’বাইল ফোনেৰে ৰেকর্ডিং কৰিবলৈ ধৰে৷ এটা সময়ত জিলা আয়ুক্তগৰাকীয়ে চক্র বিষয়াগৰাকীৰ কাষ চাপি আহি অর্পণা শর্মাৰ ফোনটো কাঢ়ি নিবলৈ চেষ্টা চলায় বুলি অভিযোগ উত্থাপন কৰে চক্র বিষয়াগৰাকীয়ে৷ অকর্তৃত্বশীলভাৱে ফোনটো জিলা আয়ুক্তগৰাকীয়ে নিব নোৱাৰে বুলি কৈ তেওঁক মাৰণাস্ত্রৰে আক্রমণ কৰিব পাৰে বুলি আশংকা কৰি উক্ত স্থানৰ পৰা চক্র বিষয়া অর্পণা শর্মাই কৌশলেৰে আঁতৰি যায়৷ পৰৱর্তী সময়ত নিশা ২.০৯ বজাত নলবাৰী সদৰ থানাত জিলা আয়ুক্ত বর্ণালী ডেকাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি চক্র বিষয়া অর্পণা শর্মাই এজাহাৰ দাখিল কৰে৷ চক্র বিষয়াগৰাকীৰ এজাহাৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে জিডিই ০৮ নম্বৰত এজাহাৰখন গৃহীত কৰিছে যদিও কোনোধৰণৰ গোচৰ পঞ্জীয়ন কৰা নাছিল৷ আনহাতে, চক্র বিষয়াগৰাকীৰ এনে অভিযোগ অস্বীকাৰ কৰি নির্বাচনৰ কামত ফাঁকি দি চক্র বিষয়া অর্পণা শর্মাই নিশা দুই বজাত কর্তব্যস্থলীৰ পৰা আঁতৰি যায় বুলি জিলা আয়ুক্তই প্রকাশ কৰিছে বুলিও জনা গৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে কোকৰাঝাৰ জিলাৰ আয়ুক্ত হিচাপে কার্যনির্বাহ কৰা এইগৰাকী আইএএছ বিষয়াৰ বিৰুদ্ধে জিলাখনৰ এগৰাকী কর্মচাৰীয়েও প্রহাৰ কৰা কাণ্ডৰ বিৰুদ্ধে থানাত দাখিল কৰিছিল এজাহাৰ৷ পৰৱর্তী সময়ত বিতর্কৰ আৱর্তত সোমাই পৰা বর্ণালী ডেকাই কর্মচাৰীজনৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হয়৷ ইয়াৰ পিছতে নলবাৰীলৈ বদলি হৈ অহা জিলা আয়ুক্ত বর্ণালী ডেকাই পুনৰ নলবাৰীত অনুৰূপ ঘটনা সংঘটিত কৰাত অতিষ্ঠ হৈ ৰাজহ চক্র বিষয়া অৰ্পণা শর্মাই আয়ুক্তগৰাকীৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ তুলি থানাত এজাহাৰ দাখিল কৰে৷ ইফালে, জিলা আয়ুক্ত বর্ণালী ডেকাৰ বিৰুদ্ধে চক্র বিষয়া অর্পণা শর্মাই এজাহাৰ দাখিল কৰা বিষয়টোৱে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এজাহাৰ উঠাই ল’বলৈ বিভিন্ন পক্ষৰ জৰিয়তে চক্র বিষয়াগৰাকীক হেঁচা দিয়া বুলি জনা গৈছে৷ ইপিনে, চক্র বিষয়া অর্পণা শর্মাই উত্থাপন কৰা আন এক অভিযোগ অনুসৰি জিলাখনৰ মুক্তিযুঁজাৰুসকলক গণৰাজ্য আৰু স্বাধীনতা দিৱসত সম্বর্ধনা জনাবলৈ জিলা আয়ুক্ত বর্ণালী ডেকাই চক্র বিষয়াগৰাকীক ৬২খন গামোচা যোগাৰ কৰিবলৈ চলিত বর্ষৰ ২৪ জানুৱাৰীত নির্দেশ দিছিল৷ যিটো কাম পূর্বে জিলা আয়ুক্ত কার্যালয়ৰ নজৰত শাখাই কৰি আহিছিল, তেনে অৱস্থাত তেওঁ ৬২খন গামোচা যোগাৰ কৰিবলৈ অসমর্থ বুলি জিলা আয়ুক্তগৰাকীক চক্র বিষয়াগৰাকীয়ে জনাই দিছিল৷ তেতিয়াৰ পৰাই জিলা আয়ুক্তৰ লক্ষ্য হৈ পৰা বুলি কৈ বিভিন্ন সময়ত আইএএছ বিষয়া বর্ণালী ডেকাই চক্র বিষয়া অর্পণা শর্মাক মানসিক হাৰাশাস্তি চলাই আহিছিল বুলিও উল্লেখ কৰে৷ জিলা আয়ুক্তগৰাকীৰ মানসিক হাৰাশাস্তিত অতিষ্ঠ হৈ চলিত বর্ষৰ ১১ মার্চত চক্র বিষয়াগৰাকীয়ে দৰমহা অবিহনে ছুটী বিচাৰি আবেদন জনাইছিল আৰু যদি ছুটী দিব নোৱাৰে চাকৰিৰ পৰা ইস্তফা দিবলৈ সাজু আছে বুলিও জনাই দিছিল চক্র বিষয়া অর্পণা শর্মাই৷ এনে পৰিস্থিতিত লোকসভা নির্বাচনৰ পৰিপ্রেক্ষিতত চক্র বিষয়াগৰাকীৰ সহকর্মীসকলৰ লগতে শুভচিন্তকসকলে তেওঁৰ এনে আবেদন প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱাত আবেদন উঠাই লৈছিল৷ আনহাতে, চক্র বিষয়াগৰাকীয়ে জিলা আৰক্ষী অধীক্ষক আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানক সমগ্র ঘটনা অৱগত কৰাৰ পিছতো কোনো পক্ষৰে গা নলৰিল৷ অৱশেষত ভুক্তভোগী অর্পণা শর্মাই ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত উচ্চ ন্যায়ালয়ে যোৱা ১৩ ছেপ্টেম্বৰত এক ৰায়যোগে নিম্ন আদালতৰ কাষ চাপিবলৈ কয় আৰু সেইমর্মে চক্র বিষয়াগৰাকীৰ আবেদনৰ ভিত্তিত নলবাৰীৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে গোচৰ পঞ্জীয়নৰ ক্ষেত্রত আৰক্ষী বিষয়াবর্গৰ এনে হেমাহি, গাফিলতিক উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ পুৰণি ৰায়ৰ উদ্ধৃতিৰে তীব্র নিন্দা কৰাই নহয়, অবিলম্বে চক্র বিষয়াগৰাকীৰ এজাহাৰৰ ভিত্তিত জিলা আয়ুক্তৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি খৰতকীয়াকৈ তদন্তৰ ব্যৱস্থা কৰিবলৈ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক নির্দেশ দিয়ে৷ উক্ত আদালতৰ ৰায়টোত থানাত এজাহাৰ দাখিল হ’লে তাক পঞ্জীয়ন কৰাটো বাধ্যতামূলক উল্লেখ কৰে ৷ আৰক্ষীৰ দায়িত্ব হৈছে তাৰ ওপৰত সঠিক অনুসন্ধান৷ কিন্তু আইন অনুসৰি সেই দায়িত্ব আৰক্ষীয়ে পালন কৰা নাই বুলি আদালতে কয়৷ এনে পৰিস্থিতিৰ মাজতে বর্ণালী ডেকাৰ আন এক অভিযোগৰ ভিত্তিত ৰাজ্যৰ মুখ্য নির্বাচন আয়োগৰ কু–চক্রান্তত অর্পণা শর্মা চাকৰিৰ পৰা নিলম্বিত হ’ব লগা বিষয়টোৱেও অধিক চর্চা লাভ কৰে৷

কোকৰাঝাৰতো তলতীয়া কর্মচাৰীক নির্যাতন চলাইছিল বর্ণালী ডেকাই

তলতীয়া কর্মচাৰীক শাৰীৰিক তথা মানসিক নির্যাতন চলাই অহা আইএএছ বিষয়া বর্ণালী ডেকাই ইয়াৰ পূর্বে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত হিচাপে কার্যনির্বাহ কৰি থকা সময়তো পঞ্চাশ ঊর্ধ্বৰ এগৰাকী কর্মচাৰীক প্রহাৰ কৰাত আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল৷ জিলাখনৰ কৃষি অভিযন্তা কার্যালয়ৰ যান্ত্রিক শাখাৰ সহায়ক দীপক দাস (৫৪) বিগত ২০১২ চনৰ পৰা উপায়ুক্তৰ কার্যালয়ত ডেপুটেচনত কার্যনির্বাহ কৰি আছিল৷ উল্লেখ্য যে বিগত ২০২৩ চনৰ ২৬ জানুৱাৰীত বিয়লি ৫মান বজাত জিলা উপায়ুক্ত বর্ণালী ডেকা নিজৰ কার্যালয়ত আহি পোৱাৰ পিছত তেওঁৰ বাহনৰ পৰা খাদ্য অনা টিফিনটো দীপক দাসে বেগত নভৰোৱাকৈ খোলা অৱস্থাতে জিলা উপায়ুক্তৰ কার্যালয় কোঠালৈ লৈ আহিছিল৷ এই সাধাৰণ বিষয়টোক লৈ জাঙুৰ খাই উঠি টিফিনৰ ভিতৰত থকা আধাখোৱা খাদ্য দীপক দাসৰ গালৈ দলিয়াই দিয়াতে ক্ষান্ত নাথাকি অশ্রাব্য গালি–গালাজ পাৰি উপর্যুপৰি চৰিয়াইছিল বর্ণালী ডেকাই৷ ফলত শাৰীৰিকভাৱে দুর্বল দীপক দাস গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভর্তি হ’বলগীয়া হৈছিল৷ এই ঘটনাৰ পিছতে কোকৰাঝাৰ জিলা উপায়ুক্ত কার্যালয়ৰ কর্মচাৰীসকলৰ লগতে কোকৰাঝাৰ জিলা কর্মচাৰী পৰিষদৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ ইফালে, উক্ত ঘটনা সন্দর্ভত সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি সম্প্রচাৰ হোৱাৰ পিছত আইএএছ বর্ণালী ডেকাই নিশাই চিকিৎসালয়খনত উপস্থিত হৈ নিজৰ ভুল স্বীকাৰ কৰি আহত কর্মচাৰীগৰাকীৰ লগতে পৰিয়ালৰ সদস্যসকলৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈছিল৷ এনে পৰিস্থিতিত কোকৰাঝাৰৰ দৰেই নলবাৰীতো এক পৰিৱেশৰ সৃষ্টি হ’ব নেকি বুলিও চর্চিত হৈছে৷ উল্লেখ্য যে এইগৰাকী আইএএছ বিষয়াই গোলাঘাট, বৰপেটা, ৰঙিয়া আদি স্থানত কার্যনির্বাহ কৰি থকাৰ সময়তো তলতীয়া কর্মচাৰীক দুর্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷

You might also like