নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰ বৰঙাবাৰীত পৰম্পৰাগতভাৱে দৌল উৎসৱ পালন

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ ৰাজ্যত ক’ৰোনা ভাইৰাছৰ বাবে দৌল উৎসৱৰ কাৰ্যসূচী যথেষ্ট স্তিমিত যদিও ঠায়ে ঠায়ে পৰম্পৰাগত ভাৱে পালন কৰা হয় দৌল উৎসৱ । আজি ফল্গু উৎসৱৰ দ্বিতীয় দিনা উৎসাহ-উদ্দীপনাৰ মাজেৰে বিশ্বনাথ জিলাৰ গহপুৰৰ শ্রী শ্রী খুটাৰগুৰি থান চুপহা সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিষ্ণু দেৱ গোস্বামী দেৱৰ উদ্যোগত, স্থানীয় সত্ৰসমূহ আৰু ভক্তপ্ৰান ৰাইজৰ সহযোগত মহাপ্রভু বংশীবদনৰ দৌল উৎসৱ মহাসমাৰোহেৰে পালন কৰা হয়  ।

অঞ্চলটিৰ সমূহ ৰাইজে হাতীবন্ধীয়া কঠাইচুকৰ পৰা বংশীবদন ফাল্গু গোঁসাইক লৈ শোভাযাত্রা আৰম্ভ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘাঁহিগাঁও হৈ মেইলবজাৰেদি ডিপৰাৰ কঠালনিবাৰীস্থিত শ্ৰী শ্রী মাধৱ আতা সত্ৰত উপস্থিত হয়।

ইপিনে প্ৰায় ২০০ বছৰীয়া শ্ৰী শ্রী মাধৱ আতা সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ পূর্ণ কান্ত মহন্ত দেৱৰ উদ্যোগত অঞ্চলটিৰ প্ৰায় শতাধিক ভকত বৈষ্ণৱ আৰু আই মাতৃৰ উপস্থিতিৰে ফাল্গু গোঁসাইক গায়ন-বায়ন আৰু ঢুলীয়া সমন্বিতে সত্ৰখনিলৈ আদৰি আনি আশীষ লৈ শোভাযাত্রাৰ ৰাইজক আপ্যায়িত কৰে। আনহাতে দৌল  উৎসৱৰ এই অনুষ্ঠানত কৃষ্ণভক্তিত নিমজ্জিত হৈ অঞ্চলটোৰ ৰাইজে এক নানন্দিক পৰিৱেশৰ মাজেৰে গুৰুজনাৰ ভক্তিৰসত একাত্ম হোৱা পৰিলক্ষিত হয় । ইয়াৰ পিছতে শোভাযাত্রা কৰি ৰাইজ কল্যাণী মন্দিৰ পথেৰে আগবাঢ়ি পুনৰ শ্রী শ্রী খুটাৰগুৰি থান চুপহা সত্ৰত উপস্থিত হৈ শোভাযাত্রাৰ সামৰণি মাৰে।

You might also like