ডেংগুৰ প্রকোপত এসপ্তাহে পাঠদান বন্ধ গুৱাহাটীৰ এখন বিদ্যালয়ত
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ জাপানিজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়া ৰোগে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ডেংগু আৰু জাপানিজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ গুৱাহাটী মহানগৰীকে ধৰি ইতিমধ্যে ৰাজ্যৰ বহু লোকে অকাল মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত ডেংগুৰ প্রাদুর্ভাৱ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ ভাস্কৰনগৰকে ধৰি বিভিন্ন অঞ্চলত ডেংগুৰ প্রাদুর্ভাৱ বৃদ্ধি পোৱাৰ লগতে দৈনিক এজনৰ পিছত আনজন লোক আক্রান্ত হোৱা দেখা গৈছে৷ ইজনৰ পিছত সিজন লোকৰ দেহত মাৰাত্মক ডেংগু ৰোগৰ অৱস্থিতি ধৰা পৰাৰ পিছতো ডেংগুৰ প্রাদুর্ভাৱ ৰোধ কৰাৰ ক্ষেত্রত বিভাগীয় কর্তৃপক্ষই ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ গুৱাহাটী পৌৰ নিগমে ফ’গিঙৰ নামত বিভিন্ন স্থানত কেৱল দুই–এদিন জিএমচিৰ বাহনেৰে ধোঁৱা দিয়ে দায়িত্ব সামৰিছে৷ বিশেষকৈ মহানগৰীৰ ভাস্কৰনগৰত ডেংগু ৰোগৰ প্রাদুর্ভাৱ ভয়াৱহ ৰূপত বৃদ্ধি পোৱাৰ লগতে অঞ্চলটোৰ ঘৰে ঘৰে ডেংগু ৰোগৰ সংক্রমণ ঘটাৰ পিছতো জিএমচি তথা কামৰূপ মহানগৰ জিলা স্বাস্থ্য বিভাগে বিষয়টো আওকাণ কৰা বুলি ভাস্কৰনগৰৰ একাংশ বাসিন্দাই অভিযোগ কৰে৷ উল্লেখ্য যে ডেংগু ৰোগৰ প্রাদুর্ভাৱৰ বাবেই ভাস্কৰনগৰৰ ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন বিগত প্রায় এসপ্তাহ ধৰি বন্ধ হৈ আছে৷ প্রাপ্ত খবৰ অনুসৰি, ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহু শিক্ষার্থীৰ দেহত ডেংগু ৰোগৰ অৱস্থিতি ধৰা পৰাৰ সমান্তৰালকৈ বিদ্যালয়খনৰ প্রায় ৭জনকৈ শিক্ষক–শিক্ষয়িত্রীৰ দেহত ডেংগু ৰোগৰ সংক্রমণ ঘটিছে৷ যাৰ বাবে বিদ্যালয়খন বিগত প্রায় এসপ্তাহ ধৰি বন্ধ ঘোষণা কৰা হৈছে৷ ইপিনে, ডেংগুৰ আতংকই অঞ্চলবাসীক আতংকিত কৰিছে যদিও গুৱাহাটী পৌৰ নিগমে এইক্ষেত্রত নীৰৱতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷