বিশেষ বার্তা, ১২ নৱেম্বৰ : নাহৰকটীয়াৰ নাহৰকটীয়া কেন্দ্ৰীয় শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু নাহৰকটীয়া ৰাজহ চক্ৰ এলেকাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান, দল-সংগঠন আৰু ৰাইজৰ সহযোগত ১৪ আৰু ১৫ নৱেম্বৰত নাহৰকটীয়া গড়কাপ্টানী আৱাসিক অঞ্চলৰ খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া তৃতীয় বাৰ্ষিক নাহৰকটীয়া কেন্দ্ৰীয় শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি সমাপ্ত হৈছে বুলি জানিবলৈ দিছে উদযাপন সমিতিৰ সভাপতি ৰাজেন বড়া, সম্পাদকদ্বয় দুদুল চন্দ্ৰ বৰা, দীপক গগৈ তথা সহ: সম্পাদকদ্বয় ক্ৰমে হৰেন দাস আৰু প্ৰাঞ্জল ভূঞাই। সেই অনুসৰি ১৪ নৱেম্বৰৰ পুৱা পৰিৱেশ নিকাকৰণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ অন্তত ধৰ্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ৰাজেন বড়াই। ইয়াৰ পিছতে নাম-প্ৰসংগ, প্ৰসাদ বিতৰণ, বন্তি প্ৰজ্বলন সমাপ্ত হোৱাৰ পিছত ৰাস মঞ্চ উদ্বোধন কৰা হ’ব সেউজ নগৰ নামঘৰৰ মহিলাসকলে পৰিৱেশন কৰা দিহানামেৰে। একেদৰে সন্ধিয়া ৭.৩০ বজাত বিশিষ্ট অতিথি আৰু শুভাকাংক্ষীসকলৰ চিনাকি পৰ্ব আৰু আদৰণী অনুষ্ঠানৰ পিছতেই শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস নাট্যাভিনয় (শ্ৰীকৃষ্ণৰ অনন্ত শয্যাৰ পৰা কালীয় দমনলৈকে) উদ্বোধন কৰিব নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে। আনহাতে, ১৫ নৱেম্বৰৰ পুৱা পৰিৱেশ নিকাকৰণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছত অনুষ্ঠিত হ’ব নাম-প্ৰসংগ, ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান। একেদৰে সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত দ্বিতীয় দিনাৰ ৰাসমঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব চেৰেপাজান গাঁও আৰু পুৰণি কৈৱৰ্ত গাঁৱৰ সন্মিলিত মহিলাসকলৰ দ্বাৰা পৰিৱেশিত দিহানামেৰে। আনহাতে, ৰাস মহোৎসৱৰ সামৰণি পৰিব সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হোৱা বিশিষ্ট অতিথি আৰু শুভাকাংক্ষীসকলৰ চিনাকি আৰু আদৰণী অনুষ্ঠানৰ পিছতেই মঞ্চস্থ হ’বলগীয়া মহাৰাসৰ পৰা কংস বধলৈকে প্ৰদৰ্শন কৰিবলগীয়া শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস নাট্যাভিনয়ৰ দ্বাৰা। প্ৰণিধানযোগ্য যে বিশিষ্ট অভিনেতা জয়ন্ত পাঠকৰ নাট্য নিৰ্দেশনা আৰু স্বপ্নালী চুতীয়া হাজৰিকাৰ নৃত্য নিৰ্দেশনাত অঞ্চলটোৰ শতাধিক ন-পুৰণি অভিনেতা-অভিনেত্ৰী আৰু শিশুৰ পৰা কিশোৰ-কিশোৰীলৈকে নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰা এই ৰাস মহোৎসৱৰ দুয়ো দিনৰ কাৰ্যসূচীতে সক্ৰিয় অংশগ্ৰহণ কৰি অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰি তুলিবলৈ সমূহ নাহৰকটীয়াবাসীক আহ্বান জনাইছে উদযাপন সমিতিয়ে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা