সু-লেখিকা, আদর্শ মাতৃ মৃণালিনী দেৱীলৈ ভাষা গৌৰৱ সন্মান
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ নৱেম্বৰঃ লেখিকা সংস্থা, অসমৰ বৃহত্তৰ দিছপুৰ শাখাই সু-লেখিকা, আদর্শ মাতৃ মৃণালিনী দেৱীক ‘ভাষা গৌৰৱ’ সন্মানেৰে সন্মানিত কৰে। অসমীয়া ভাষাই ধ্রুপদী সন্মান লাভ কৰাৰ উপলক্ষে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ‘ভাষা গৌৰৱ’ সন্মানেৰে বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাই সন্মানিত কৰে। এই উপলক্ষে ৯ নবেম্বৰত বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাৰ এটা প্ৰতিনিধি দলে লেখিকা, সমাজকৰ্মীগৰাকীৰ মহানগৰীৰ কাহিলিপাৰাস্থিত বাসভৱনত উপস্থিত হৈ সম্বর্ধনা-পত্র, গামোচা, চেলেং চাদৰ, কলম আদিৰে সম্বৰ্ধনা জনায়। উপস্থিত সকলোৱে একেলগে নামঘোষাৰ প্রার্থনা গায়। অনুষ্ঠানত বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাৰ শাখাৰ সভাপতি অঞ্জনা দাস হাজৰিকা, উপ-সভাপতি ড° নিজৰা জান্নাত, সম্পাদক মছফিয়া আহমেদ, সাংস্কৃতিক সম্পাদক যুতিকা গোস্বামী আৰু প্ৰচাৰ সম্পাদক মিনু বৈশ্য উপস্থিত থাকে।