নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত কেন্দ্ৰীয় ৰাসলীলা উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰঃ ‘অসমীয়া সমাজ গুৰূজনাৰ আদৰ্শত ভক্তিভাৱেৰে উদ্বুদ্ধ।’ ডিব্ৰুগড় আউনীআঁটী শাখা সত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত শ্ৰীশ্ৰী কৃষ্ণলীলা সম্পূৰ্ণ ৰাস উদযাপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড় কেন্দ্ৰীয় শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস উদযাপন সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত  অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, আধ্যাত্মিক আৰু সাংস্কৃতিক চৰিত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সকলো সময়তে সাংস্কৃতিক যাত্ৰাত অৱতীৰ্ণ হ’ব লাগিব। তেতিয়া আধ্যাত্মিক চেতনা লাভ কৰিব লৈ সক্ষম হ’ব। একেটা ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আৰু কয় যে, প্ৰকৃতিক লগত লৈ জীৱন যাত্ৰাক সুন্দৰ কৰিব লাগিব। মানুহৰ সুস্বাস্থ্য কৰি ৰখাত প্ৰকৃতিৰ অৱদান আছে। ভগৱান কৃষ্ণই ৰাসলীলাৰ জৰিয়তে জীৱ জগতত দায়বদ্ধতাৰে কাম কৰাৰ বাৰ্তা দিছে। প্ৰকৃতিক সুৰক্ষা দিবলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, আমাৰ প্ৰকৃতি, জলাশয় পৰিস্কাৰ কৰি ৰাখিব লাগিব। য’তেই পৰিস্কাৰ তাতেই সংস্কাৰ। ভগৱান সদায় পৰিস্কাৰ বাতাৱৰণতে থাকে। মনৰ মলিনতা আঁতৰ কৰিবলৈ হ’লে ভক্তিৰ ৰসপান কৰিব লাগিব। প্ৰকৃতিৰ সৃষ্টিৰ অন্তৰালত ভগৱান নিহিত হৈ আছে। ভগৱানে প্ৰকৃতিক প্ৰেম কৰিবলৈ কোৱা হৈছে। য’ত ভক্তি থাকিব তাতেই প্ৰেম থাকিব। বিশিষ্ট চিকিৎসক ডা° কৃষ্ণ নাৰায়ন দত্তই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই শুভ উদ্বোধন কৰি কয় যে ৰাসলীলা মানে কেবল গোপীৰ নৃত্য বা কৃষ্ণৰ নৃত্য নহয়, ই আচলতে আত্মা পৰমাত্মা মিলনৰ এক ঐশ্বৰিক পৰিবেশ। ইয়াৰ জৰিয়তে মানুহক ভালপোৱা, প্ৰাকৃতিক ভাল পোৱা সমাজৰ সম্প্ৰীতি ঐক্য নিহিত হৈ আছে।আধ‌্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে সমাজ এখন সুস্থিৰ আৰু পৰিশিলিত ৰূপত গঢ় লৈ উঠে বুলি কয়।ডিব্ৰুগড়ৰ সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত অনুষ্ঠিত হ’ৱা ৰাসলীলা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ডিম্বেশ্বৰ হাজৰিকা, কেন্দ্ৰীয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন সমিতিৰ সম্পাদক ৰঞ্জন দত্ত, সভাপতি প্ৰদীপ গগৈ সহ অন্যান্য সকল উপস্থিত থাকে। উল্লেখযোগ্য যে দুদিনীয়াকৈ অনুষ্ঠিত এই ৰাস মহোৎসৱৰ উপভোগ কৰাৰ বাবে সহস্ৰাধিক ৰাইজৰ সমাগম হয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like