বজালীৰ নাম সংলগ্ন কৰি সুৰা বিপণী মুকলি : ক্ষুব্ধ পাঠশালা আছু
নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ অসমৰ নাট্য-শিক্ষা নগৰী হিচাপে সমাদৃত হৈ অহা বজালী জিলা সদৰ এতিয়া যেন লাহে লাহে পৰ্যবেসিত হৈছে সুৰা নগৰীলৈ৷ নগৰখনৰ চাৰিওপিনে যেন দৈনিক বৃদ্ধি পাবলৈ লৈছে ইখনৰ পিছত সিখনকৈ সুৰা বিপনী৷ সুৰা বিপনীয়ে শিক্ষা নগৰীখনত যেন গ্ৰন্থ বিপনীৰ সতে প্ৰতিযোগিতাতহে নামিছে৷ নগৰখনত যি হাৰত সুৰা বিপনী বৃদ্ধি পাই আহিছে হয়তো অতি কম সময়ৰ ভিতৰত সংখ্যাত গ্ৰন্থ বিপনীক চেৰ পেলাব সুৰা বিপনীয়ে৷ এই লৈ নগৰখনৰ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে নতুনকৈ মুকলি হোৱা এখন সুৰা বিপনীৰ নামৰ সতে বজালীৰ নাম সংলগ্ন হোৱা বিষয়টোৱে ক্ষোভিত কৰি তুলিছে বজালীক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিক৷ এনে এক প্ৰেক্ষাপততে আজি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে বজালী জিলা আয়ুক্তক বজালী জিলা সদৰ পাঠশালাৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত নতুনকৈ মুকলি হোৱা সুৰা বিপনীখনত বজালীৰ নাম সংলগ্ন কৰা সন্দৰ্ভত উষ্মা প্ৰকাশ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৃতিৰাজ তালুকদাৰ আৰু সাধাৰণ সম্পাদক অংকুৰ মেধিয়ে এই সন্দৰ্ভত এক প্ৰেছ বিবৃতি যোগে কয় যে বজালী বুলি কলে অসমৰ ৰাইজৰ মনত বজালী জিলাৰ ঐতিহ্য, সংস্কৃতি, শিক্ষানগৰী, নিমনগৰী, নাট্য নগৰী আদি বিভিন্ন গৌৰৱান্বিত নাম মনলৈ আহে৷ তেওঁলোকে কয় যে বজালীৰ নামৰ সৈতে জড়িত হৈ আছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ সমন্বিতে বহু শ্বহীদৰ নাম৷ দেশৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ মদন বৰ্মন, ৰাওঁতা ৰাম কোঁচৰ লগতে নাৰী মুক্তি আন্দোলনৰ নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী সমন্বিতে বহু শিক্ষাবিদ তথা মহান ব্যক্তিৰ নাম৷ এনেবোৰ চিৰ নমস্য মহান ব্যক্তিত্ব সতে সাঙোৰ খাই থকা বজালীৰ নাম সংলগ্ন কৰি “বজালী ৱাইন শ্বপ” নামৰ সুৰা বিপনী খুলি সমগ্ৰ অসমৰ ৰাইজৰ মনত বজালীক অসন্মানিত কৰা হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৃতিৰাজ তালুকদাৰ, সহকাৰী সাধাৰণ সম্পাদক মন্দ্বিপ পাটগিৰি, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিতু হালৈ, সহকাৰী সাধাৰণ সম্পাদক পৰাগ তালুকদাৰ, ছাত্ৰ সন্থাৰ বিষয়ববীয়া কমল মালাকৰ, স্বপনজ্যোতি পাটগিৰি, জিতুল মেধিকে আদি কৰি কেইবাগৰাকীও আছু কৰ্মীয়ে বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসক স্মাৰক পত্ৰখন প্ৰদান কৰি অতি শীঘ্ৰেই উক্ত সুৰা বিপনীখনৰ নাম সলনি কৰাৰ বাবে দাবী জনায়৷ ইয়াৰ অন্যথা পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই বজালী জিলাৰ ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে৷
প্ৰেৰক কল্যাণ কলিতা