পূব গোৱালপাৰাৰ ভিন্ন স্থানত বনৰীয়া হাতীৰ তাণ্ডৱ
নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ : পূৱ গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বিগত প্ৰায় পষেকদিনৰে পৰা প্ৰায় ৪০ জনীয়া বনৰীয়া হাতীৰ এটা বৃহৎ জাকে দিনদুপৰতে মুক্ত বিচৰণ কৰাৰ লগতে ধান খেতি, ৰৱৰ বাগান, তামোলৰ বাগান, কলগছ আদিৰ বিস্তৰ ক্ষতি কৰিছে যদিও আজিলৈকে বন বিভাগৰ ফালৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইপিনে আজি দিনৰ ভাগত প্ৰায় ৪০টা বনৰীয়া হাতীৰ বৃহৎ জাক এটা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জিলাৰখনৰ কাৰিপাৰা গাওঁ অঞ্চলত প্ৰৱেশ কৰি ধাননি পথাৰ খাই তহিলং কৰাৰ লগতে বিস্তৰ ক্ষতি কৰি ক্ৰমে চেঁচাপানী গাঁৱৰ ৰাজহুৱা তামোলৰ বাগান, কলগছৰ খেতি, ৰৱৰ খেতি আদিৰো বিস্তৰ ক্ষতিসাধন কৰে৷ ইপিনে নিজৰ জীৱনৰ প্ৰতি ভয়-ভাবুকি পাহৰি বিভিন্ন উপায় অৱলম্বন কৰি বণ্যহস্তীৰ জাকটোক দিনে নিশাই খেদি ফুৰিছে গঞা ৰাইজে৷ উল্লেখযোগ্য যে পূৱ গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ এনে উপদ্ৰৱত নিদ্ৰা হৰণ কৰিছে বহু কেইটা অঞ্চলৰ ৰাইজৰ৷ মন কৰিবলগীয়া যে, নিজৰ মূৰৰ ঘাম মাটিত পেলাই সাচতীয়া ধন ব্যয় কৰি কৰা শালিধান খেতি, কলগছৰ খেতি ৰৱৰ খেতি, তামোলৰ বাগান বিনষ্ট কৰাত এতিয়া মূৰে কঁপালে হাত দিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজে৷ শীঘ্ৰে বনৰীয়া হাতীৰ এনে উপদ্ৰৱৰ পৰা বৃহত্তৰ অঞ্চলবাসীক ৰক্ষা কৰিবলৈ স্থানীয় দল-সংগঠন, ছাত্ৰ সংগঠনে অসম চৰকাৰ, জিলা বন বিভাগ, জিলা আয়ুক্তক আহ্বান জনাইছে৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস