নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ কঁহুৱা ৰিজৰ্টত বন্যহস্তীৰ বিস্তৰ ক্ষতি

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ নলবাৰী জিলাৰ উত্তৰাঞ্চলৰ কহুৱা ৰিজোৰ্টত বন্যহাতীৰ বিস্তৰ ক্ষতি কৰি বুলি জানিব পৰা গৈছে। প্রায় ৮০/১০০ টা বৃহৎ বন্যহস্তীৰ জাকটোক লৈ শংকিত হৈ পৰিছে জণসাধাৰণ। নলবাৰী জিলাৰ উত্তৰ আৰু পূৱ প্ৰান্তত বিশেষকৈ ধনতোলা, চেংনৈ, কটৰা, জামৰতল, জাবোন, কটাহকুছি, কেহেৰুৱা, বৰঘোপা, খানাজান আদি প্ৰায়বোৰ ঠাইতে বিগত দুই বছৰৰ পৰা বন্য হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ মৰ্মে সময়ে সময়ে বন বিভাগে বন্য হাতীৰ জাকক খেদি পঠিওৱাৰ চেষ্টা চলাই আহিছে যদিও বিফল হৈ আহিছে।শেহতীয়াকৈ প্রায় ৮০/১০০টা বৃহৎ বন্য হাতীৰ জাকটোৱে  জিলাখনৰ উত্তৰ আৰু পূৱ প্ৰান্তত প্ৰৱেশ কৰি খেতি পথাৰৰ পকা ধাননি, বাৰী-বস্তিৰ কল গছ, ঘৰ-দুৱাৰ ভাঙি-ছিঙি পেলাইছে।যাক লৈ দীৰ্ঘদিন ধৰি শংকিত হৈ আহিছে ৰাইজ। উক্ত অঞ্চলৰ লোকৰ নিদ্ৰা হৰণ কৰি আহিছে এই বৃহৎ বন্য হাতীৰ জাকটোৱে। উল্লেখ্য যে যোৱানিশা বন্য হাতীৰ বৃহৎ জাকটোৱে জিলা খনৰ ধনতোলাস্থিত কহুৱা ৰিজোৰ্টত বিস্তৰ ক্ষতি কৰে। কেবাটাও ঘৰ ভাঙি পেলোৱা লগতে গছ গছনিৰ বিস্তাৰ ক্ষতি কৰে। কেৱল এয়ে নহয় পূৰ্বতেও উক্ত ৰিজোৰ্টখনত ক্ষতিসাধন কৰিছিল বন্য হাতীৰ জাকটোৱে। অন্যহাতে বন্য হাতীৰ জাকটোৱে খেতি পথাৰ বিধ্বস্ত কৰা, বাসগৃহ বিধ্বস্ত কৰা প্ৰায় প্ৰতিটো সময়তে শুনিবলৈ পোৱা এটা ঘটনাত পৰিণত হৈছে। বন্যহাতীৰ সন্ৰাসৰপৰা মুক্ত কৰিবলৈ অঞ্চলৰ গঞা ৰাইজে বন বিভাগৰ ঊর্ধ্বতন কৰ্তৃপক্ষক দাবী  জনোৱাৰ লগতে এই ক্ষেত্রত জিলা বন বিভাগ আৰু জিলা আয়ুক্তৰ উপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে। বন বিভাগে জনবহুল অঞ্চলৰপৰা বনৰীয়া হাতীৰ বৃহৎ জাকটো খেদি পঠিয়াবৰ ব্যৱস্থা নল’লে অঞ্চলটোত হাতী-মানুহৰ ভয়ানক সংঘাত হোৱাটো নিশ্চিত বুলি সচেতন ৰাইজে আশংকা কৰিছে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like