নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ ইতিহাস হ’ল ৩৪ বছৰে সশস্ত্ৰ সংগ্ৰাম চলোৱা বড়ো বিদ্ৰোহী সংগঠন নেচনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবি । সোমবাৰে ওদালগুৰিৰ সোণাইগাঁওস্থিত এনডিএফবিৰ ৰঞ্জন দৈমাৰী গোটৰ ডেজিগনেটেড শিবিৰত সংগঠনটোৰ পতাকা চিৰদিনৰ বাবে অৱনমিত কৰি সংগঠনটো আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰে এনডিএফবিৰ তিনিটা গোটে ৷ এনডিএফবি (ডি) গোটৰ সভাপতি ধীৰেন বডো, এনডিএফবি (এছ) গোটৰ সভাপতি এছ চাওৰাইগৌৰা, এনডিএফবি ৰঞ্জন গোটৰ সাধাৰণ সম্পাদক বি অঞ্জালুৱে পুৱা শ্বহীদ বেদীত বডো সশস্ত্র সংগ্রামত নিহতসকলৰ স্মৃতিত শ্রদ্ধাঞ্জলি অর্পণৰ পিছতে সংগঠনটোৰ পতাকা অৱনমিত কৰি চিৰদিনৰ বাবে এনডিএফবি নামৰ সংগঠনটো ভংগ হোৱা বুলি ঘোষণা কৰে যদিও এই অনুষ্ঠানত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকে গোবিন্দ বসুমতাৰী নেতৃত্বাধীন এনডিএফবি প্রগতিশীলৰ নেতা তথা সদস্যসকল৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বডো বিদ্রোহী সংগঠন এনডিএফবিৰ চাৰিওটা গোটৰে হোৱা তৃতীয় শান্তি চুক্তি বিটিআৰৰ পিছত সোমবাৰে আনুষ্ঠানিকভাৱে ভংগ হ’ল নেচনেল ডেম’ক্রেটিক ফ্রণ্ট অৱ বডোলেণ্ড চমুকৈ এনডিএফবি৷ বডো জনগোষ্ঠীটোৰ আত্মনিয়ন্ত্রণৰ অধিকাৰৰ বাবে স্বাধীন বডো ৰাজ্যৰ দাবীত ১৯৮৬ চনৰ ৩ অক্টোবৰত ওদালগুৰিত জন্মলাভ কৰিছিল বডো ছিকিউৰিটী ফ’চ নামৰ এক সংগঠন৷ পৰৱর্তী সময়ত ১৯৯৪ চনৰ ২৫ নৱেম্বৰত উক্ত সংগঠনটোৰ নতুনকৈ নামকৰণ কৰি নেচনেল ডেম’ক্রেটিক ফ্রণ্ট অৱ বডোলেণ্ড এনডিএফবি হিচাপে পৰিচিত হৈ পৰিছিল৷ ইয়াৰ পিছত সংগঠনটোৱে বডো ৰাজ্যৰ দাবীত সশস্ত্র পন্থা গ্রহণ কৰি অৰণ্যলৈ গৈ নিজৰ সংগ্রাম অব্যাহত ৰাখিছিল৷ পৰৱর্তী সময়ত ২০০৫ চনত এই সশস্ত্র সংগঠনটোৱে যুদ্ধবিৰতি ঘোষণা কৰিছিল যদিও আন এটা গোট সংগঠনটোৰ পৰা ফালৰি কাটি গৈ সশস্ত্র সংগ্রাম অব্যাহত ৰাখে৷ ইয়াৰ মাজতে অসমৰ বিভিন্ন প্রান্তত সংগঠনটোৰ নেতৃত্বত বিভিন্ন ধৰণৰ বোমা বিস্ফোৰণকে আদি কৰি কূটাঘাত সংঘটিত হৈছিল৷ এনেবোৰ ঘটনাৰ মাজতে যুদ্ধবিৰতিত থকা গোবিন্দ বসুমতাৰীয়ে এনডিএফবি প্রগতিশীল নামৰ এক গোটৰ জন্ম দিয়ে৷ উক্ত প্রগতিশীল গোটৰ অধ্যক্ষ আছিল ধীৰেন বডো৷ তাৰ মাজতে ৰাজ্যৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত বাংলাদেশৰ ঢ়াকাত আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈছিল সংগঠনটোৰ সশস্ত্র পন্থা চলাই নিয়া নেতা ৰঞ্জন দৈমাৰী৷ বাংলাদেশ আৰক্ষীয়ে দৈমাৰীক ভাৰতৰ হাতত গতাই দিয়াৰ প্রায় দুবছৰ পিছতেই শান্তি আলোচনাৰ স্বার্থত সংগঠনটোত এনডিএফবি (আৰ) নামৰ অন্য এটা গোটৰ সৃষ্টি হৈছিল৷ কিন্তু ইমানৰ পিছতো সশস্ত্র সংগঠনটোৰ ইতিহাস শেষ হোৱা নাছিল৷ ইতিমধ্যে এনডিএফবি (এছ) নামেৰে আন এটা ফৈদে ঘন জংঘলৰ পৰাই চলাই গৈছিল সশস্ত্র সংগ্রাম৷ যিটো সশস্ত্র গোটৰ অধ্যক্ষ আছিল আই কে সংবিজিত৷ উক্ত সশস্ত্র গোটটোৱেও ৰাজ্যত একপ্রকাৰ হত্যা–হিংসাৰে অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পিছত দলৰ মাজত হোৱা সিদ্ধান্তমর্মে সংবিজিতক অধ্যক্ষ পদৰ পৰা আঁতৰাই দি নতুন সশস্ত্র গোটৰ অধ্যক্ষতাৰ পদ গ্রহণ কৰে বি চাওৰাইগৌৰাই৷ ইপিনে যুদ্ধবিৰতিত থকা এনডিএফবি (প্র) আৰু এনডিএফবি (আৰ)–এ যুদ্ধবিৰত শিবিৰত থাকি কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্রিপাক্ষিক আলোচনা অব্যাহত ৰাখে৷ ইয়াৰ মাজতে অনুষ্ঠিত এনডিএফবি (প্র)ৰ নেচনেল কাউঞ্চিলৰ এক সভাত এনডিএফবি (প্র)ৰ সভাপতি পদৰ পৰা ধীৰেন বডোক আঁতৰাই গোবিন্দ বসুমতাৰীক সভাপতি পদত অধিষ্ঠিত কৰে৷ লগে লগে এনডিএফবি সংগঠনটোৰ আন এটা গোটৰ উকমুকনিত ২০১৯ চনৰ মাজভাগত জন্ম হয় এনডিএফবি (ধীৰেন) গোট৷ এই গোটৰ অধ্যক্ষৰ পদত থাকে এনডিএফবি নেতা ধীৰেন বডো৷ সংগঠনটোৰ ভিতৰত এনে ধৰণৰ পৰিৱেশ চলি থকাৰ মাজতে আহিছিল ডাঙৰ খবৰটো৷ চলিত বর্ষৰ ১৬ জানুৱাৰীত ম্যানমাৰৰ পৰা ভাৰতত প্রৱেশ কৰি নতুন দিল্লীত কেন্দ্রীয় চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰে এনডিএফবিৰ অন্তিমটো সশস্ত্র সংগঠনৰ বি চাওৰাইগৌৰাৰ নেতৃত্বত এনডিএফবি (এছ)–এ৷ ইয়াৰ পিছত নতুন দিল্লীত ২৭ জানুৱাৰীত এনডিএফবিৰ চাৰিওটা গোট, এবছু তথা কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ প্রতিনিধিৰ সন্মুুখত স্বাক্ষৰ হয় তৃতীয়খন বডো শান্তি চুক্তি বিটিআৰ৷ এই স্বাক্ষৰিত চুক্তিমর্মে গুৱাহাটীত ৩০ জানুৱাৰীত এনডিএফবিৰ চাৰিওটা গোটে চৰকাৰৰ সন্মুখত অস্ত্র সম্বৰণ কৰে৷ স্বাক্ষৰিত বিটিআৰ চুক্তিৰ দফা অনুসৰি কেন্দ্রীয় চৰকাৰে শীঘ্রে এনডিএফবিক তেওঁলোকৰ সংগঠন ভংগ কৰি ডেজিগনেটেড শিবিৰ ত্যাগৰ আহ্বান জনাইছিল৷ এই আহ্বানৰ পিছতে কালি ওদালগুৰিৰ সোণাইগাঁওস্থিত এনডিএফবি ৰঞ্জন গোটৰ মুখ্য শিবিৰত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান৷ অনুষ্ঠানত সংগঠনটোৰ তিনিটা গোট ক্রমে ৰঞ্জন দৈমাৰী গোট, ধীৰেন বডো গোট আৰু বি চাওৰাইগৌৰা গোটৰ নেতৃত্ব উপস্থিত থাকি সংগঠনটো আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ কথা ঘোষণা কৰে৷ অনুষ্ঠানৰ পূর্বে শিবিৰৰ চোতালত থকা শ্বহীদ বেদীত তিনিওটা সংগঠনৰ তিনিগৰাকী নেতা ক্রমে ধীৰেন বডো, বি অঞ্জালু আৰু বি চাওৰাইগৌৰাই শ্বহীদলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি বেদী প্রাংগণত উত্তোলিত পতাকা অৱনমিত কৰে৷ অনুষ্ঠানত উপস্থিত থকা এনডিএফবিৰ তিনিওটা গোটৰ সহস্রাধিক সদস্যক সম্বোধন কৰি দিয়া ভাষণত এনডিএফবি (ডি) গোটৰ সভাপতি ধীৰেন বডোৱে কয়– এনডিএফবিৰ চাৰিওটা গোটে একেলগে তৃতীয় বডো শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছত এতিয়া সংগঠনটোৰ নামত কোনো গতিবিধি চলোৱাটো সমীচীন নহ’ব, কিন্তু বিটিআৰ চুক্তিৰ প্রতিটো দফা আখৰে আখৰে পালন হ’লেহে আমাৰ সুদীর্ঘ ৩৪ বছৰীয়া সংগ্রাম এশ শতাংশ নহ’লেও যথেষ্ট সফল হ’ব বুলি ক’ব লাগিব৷ তেওঁ এনডিএফবিৰ ৩৪ বছৰীয়া সংগ্রামত নিঃস্বার্থভাৱে সেৱা আগবঢ়োৱা কেডাৰসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকৰ পুনঃসংস্থাপনৰ বিষয়ে চুক্তিত যি উল্লেখ আছে সেয়া যিমান সোনকালে পাৰে সিমান সোনকালে কার্যকৰী কৰাৰ বাবে চৰকাৰক আহ্বান জনায়৷ এনডিএফবি ৰঞ্জন গোটৰ সাধাৰণ সম্পাদক বি অঞ্জালুৱে আঁত ধৰা সভাত এনডিএফবি (এছ)ৰ সভাপতি চাওৰাইগৌৰা, এনডিএফবি ধীৰেন গোটৰ উপ–সভাপতি এম ফৈলাও আদি কেইবাজনো লোকে ভাষণ প্রদান কৰে ।