নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালী বিহুৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ “ৰাজ্যত ভোগালী বিহুৰ পূৰ্বে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন৷ নিৰ্বাচনৰ বাবে এতিয়া ড্ৰাফ্ট ৰুল সাজু কৰি থকা হৈছে৷ অহা পোন্ধৰ ডিচেম্বৰৰ আগতে সম্পুৰ্ণ হ’ব এই ড্ৰাফ্ট ৰুলৰ কাম আৰু তাৰ পিছতে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।” পঞ্চায়ত নিৰ্বাচনক লৈ নানা জল্পনা কল্পনা চলি থকাৰ সময়তে আগন্তুক মাঘ বিহুৰ আগতেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হব উক্ত মন্তব্য কৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ আজি বজালীত কেইবাটাও অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে উক্ত মন্তব্য কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like