সুকন্যাত ৰেচিপি
পম্পী শর্মা খাউণ্ড
চিকেন টেংগী কাবাব
উপকৰণ
চিকেন লেগপিচ (legs pieces)– ৪/৫ টুকুৰা
আদা, নহৰু পেষ্ট ২ চামুচ
দৈ– আধা কাপ
নেমু ৰস ৩/৪ চামুচ
বেচন ২ চামুচ
জলকীয়া গুৰি, গৰম মচলা, জালুক গুৰি, চাট মচলা, নিমখ আৰু হালধি –––১ চামুচকৈ (জোখ অনুপাতে)
বাটাৰ/তেল–– জোখ অনুসৰি
প্রণালী
এটা পাত্রত চিকেনৰ টুকুৰাখিনি দি সকলোবোৰ মচলা সানি ২/৩ ঘণ্টা মান সময় মেৰিনেট কৰি ৰাখি থ’ব৷ তাৰ পিছত চিকেনখিনি অলপ অলপ তেল লগাই অভেনত গ্রীল কৰক ১০০ পাৱাৰত ৩০/৩৫ মিনিট মান সময়ৰ বাবে৷ মাজে মাজে অভেন বন্ধ কৰি চিকেন পিছ কেইটুকুৰা লুটিয়াই দিব৷ এইদৰে প্রস্তুত কৰি ল’ব৷ এতিয়া প্রস্তুত হৈ যোৱা চিকেন টেংগী কাবাবখিনি গৰমে গৰমে চাটনিৰ সৈতে জুতি লওক৷
কেঁচা মগুমাহৰ দাইল কচু দি ৰন্ধা
(বাকলি থকা মগুমাহৰ দাইল)
উপকৰণ
বাকলি থকা মগুমাহ ২কাপ
কচু ১টা (টুকুৰা কৰি কাটি লোৱা)
বিলাহী ২টা (কাটি লোৱা)
কেঁচা জলকীয়া ২টা
কেঁচা ধনীয়া পাত ১মুঠি (কাটি লোৱা)
পাঁচফোৰণ ১ চামুচ
শুকান জলকীয়া ২টা
নিমখ, হালধি, তেল জোখ অনুপাতে
প্রণালী
প্রথমে মগুমাহখিনি ২/৩ ঘণ্টা মান সময় পানীত তিয়াই টুকি লৈ বাকলিখিনি গুচাই ধুই ল’ব৷ এতিয়া এটা প্রেচাৰ কুকাৰত বাকলি গুচাই লোৱা মগুমাহখিনি আৰু কাটি লোৱা কচুখিনি দিব৷ জোখ অনুসৰি পানী দি নিমখ, হালধি দিব৷ ২টামান হুইচেল আহিবলৈ দি নমাই দিব৷ এতিয়া এটা কেৰাহীত তেল দি পাঁচফোৰণ, শুকান জলকীয়া, কেঁচা জলকীয়া দিব৷ লগত কাটি লোৱা বিলাহীখিনি দি অলপ সময় ভাজি ল’ব৷ এতিয়া সিজাই লোৱা মগুমাহখিনি দি ভালদৰে উতলিবলৈ দিব৷ তাৰ পিছত দাইলখিনিত কেঁচা ধনীয়া পাত কাটি দি নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক৷ খুব সুন্দৰ হয় এই দাইলখন খাবলৈ৷