নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থিয়েটাৰৰ মঞ্চ উদ্বোধন : বামুন্দীত সমাজে এঘৰীয়া কৰিলে শিক্ষকক

বিশেষ বাৰ্তা, ২০ নৱেম্বৰঃ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বামুন্দীৰ শিলিগুৰিত এগৰাকী শিক্ষকক ৰাইজে এঘৰীয়া কৰি শাস্তি বিহা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ স্থানীয় সূত্ৰৰ পৰা জানিব পৰামতে শিলিগুৰিৰ ৰাইজ গয়ৰহখন ভূমিকেন্দ্ৰিক বিবাদৰ বাবে দুভাগত বিভক্ত হয় ৷ ইয়াৰে এখন শিলগুৰি ৰাইজ গয়ৰহ আৰু আনখন মাহকালটোলা চুবুৰি গয়ৰহ৷ কেইদিনমান আগতে মাহকালটোলা চুবুৰিৰ ৰাইজে স্থানীয় লক্ষ্মী মন্দিৰৰ সাহাৰ্যাৰ্থে আমন্ত্ৰণ কৰিছিল বীণাপাণি থিয়েটাৰক৷ মাহকাল চুবুৰিৰ ৰাইজে শিলগুৰি ৰাইজ গয়ৰহৰ অন্তৰ্গত চুবুৰিৰ শিক্ষক বিৰিঞ্চি কলিতাক থিয়েটাৰ উদ্বোধন কৰাৰ বাবে আমন্ত্ৰণ জনোৱাত শিক্ষক গৰাকীয়ে নিৰ্ধাৰিত সময়ত আহি থিয়েটাৰ উদ্বোধন কৰে ৷ এই লৈয়ে ৰাইজৰ ৰোষত পৰে শিক্ষকগৰাকী ৷ শিলগুৰিৰ ৰাইজ গয়ৰহে ইয়াক লৈ এখন ৰাজহুৱা সভা অনুস্থিত কৰি শিক্ষকগৰাকীৰ এই কাৰ্যক লৈ বিচাৰ কৰে ৷ যিহেতু দুয়োখন ৰাইজৰ মাজত বিভেদ আছে গতিকে ৰাইজক নজনোৱাকৈ শিক্ষক বিৰেঞ্চি কলিতাই আনখন ৰাইজৰ থিয়েটাৰ উদ্বোধন কৰা কাৰ্যত ৰাজহুৱা সভাই শিক্ষকগৰাকীক দোষী সাব্যস্ত কৰি ৰাইজৰ পৰা এঘৰীয়া কৰে আৰু শিলিগুৰিৰ বজাৰৰ পৰা ঔষধকে ধৰি কোনো সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব বুলি সিদ্ধান্ত কৰে৷ লগতে শিলগুৰি ৰাইজৰ অন্তৰ্গত কোনো পৰিয়ালৰ লগত সম্পৰ্ক নাথাকিব৷ আনকি বিবাহ বা আন অনুস্থানটো অংশ লব নোৱাৰিব৷ এই সিদ্ধান্ত মাইকযোগে অঞ্চলটোত ঘোষণা দিয়ে ৷ একৈশ শতিকাৰ ডাইনোমিক যুগত ৰাইজৰ এনে পৌৰাণিক সিদ্ধান্তই শিক্ষক গৰাকীক যথেস্ট মানসিক কষ্ট দিছে৷ তেওঁ ইয়াৰ পৰিত্ৰাণ বিচাৰি শুৱালকুছি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমালৈকে আৰক্ষীয়ে বিষয়টোত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷ মাহকালটোলা চুবুৰিৰ ৰাইজে এনে সিদ্ধান্ত শীঘ্ৰে পৰিহাৰ কৰি শিলগুৰিৰ ৰাইজক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like