কৰিমগঞ্জ জিলাৰ নতুন নাম হ’ব শ্রীভূমি জিলা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ ৰাজ্যৰ যিসমূহ গাঁও, চহৰ–নগৰৰ নামৰ ঐতিহাসিক পটভূমি নাই, তেনে গাঁও, চহৰ–নগৰৰ নাম সলনি কৰাৰ বাবে ইতিপূর্বে ৰাজ্য চৰকাৰে গ্রহণ কৰা সিদ্ধান্ত অনুসৰিয়েই ৰাজ্যিক কেবিনেটে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্রীভূমি জিলা হিচাপে নামকৰণৰ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্ত সন্দর্ভত সবিশেষ সদৰী কৰি উল্লেখ কৰে যে ঐতিহ্যৰ চানেকি, পৰম্পৰা নথকা তথা সামাজিক দৃষ্টিত ভাল শব্দ নথকা ৰাজ্যৰ গাঁও, নগৰ–চহৰসমূহৰ্ নাম সলনি কৰি আহিছে চৰকাৰে৷ এই শৃংখলাক আগুৱাই নি কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নামকৰণৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে৷ উল্লেখ্য যে ৰাজ্যৰ একেবাৰে দক্ষিণপাৰত অৱস্থিত কৰিমগঞ্জ জিলাৰ নামটোৰ কোনো ঐতিহাসিক পটভূমি নাই অথবা ইয়াৰ অর্থও অভিধানত পাবলৈ নাই৷ মুখ্যমন্ত্রী ড০ শর্মাই এই প্রসংগতে উল্লেখ কৰে যে কৰিমগঞ্জ জিলাৰ প্রাচীন গৌৰৱ পুনৰ উদ্ধাৰৰ লক্ষ্যৰে ইয়াৰ নাম শ্রীভূমি কৰা হৈছে৷ কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰে ১৯১৯ চনত তদানীন্তন চিলেট জিলা ভ্রমণ কৰাৰ সময়ত বর্তমানৰ কৰিমগঞ্জত উপস্থিত হৈ সমগ্র অঞ্চলটোক সুন্দৰী শ্রীভূমি বুলি উল্লেখ কৰিছিল৷ অবিভক্ত ভাৰতৰ ভৌগোলিক এই স্থানটোক শ্রীভূমি নাম দিয়া কবিগুৰুৰ সপোনৰ প্রতি সন্মান জনাই কেবিনেটে কৰিমগঞ্জৰ নাম পৰিৱর্তন কৰি শ্রীভূমি জিলা হিচাপে নামকৰণ কৰে৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এই সিদ্ধান্ত খৰধৰকৈ লোৱা সিদ্ধান্ত নহয়৷ যোৱা সময়ছোৱাত এই সন্দর্ভত বিভিন্ন আলোচনা তথা সাংসদ–বিধায়কৰ পৰামর্শৰ ভিত্তিত জিলাখনৰ নাম সলনি কৰা হৈছে৷