লাহৰীঘাটত তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ : মৰিগাঁও আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। মৰিগাঁও আৰক্ষী আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত লাহৰীঘাটৰ কেবা স্হানত অভিযান চলাই তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চাইবাৰ অপৰাধী কেইটা ক্ৰমে কছাৰীবড়ী গাঁৱৰ ৰুকুন উদ্দিন (৩০), বোৱালগুৰি গাঁৱৰ আঞ্জাৰুল ইছলাম (২১) আৰু হালধিবড়ী গাঁৱৰ সাজিদ আলী (৩০)। ধৃত চাইবাৰ অপৰাধী কেইটাৰ পৰা তিনিটা মোবাইল, ১২টা আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লগতে আপত্তি জনক নথি পত্ৰ উদ্ধাৰ কৰে। ধৃত চাইবাৰ অপৰাধী কেইটাই আধাৰ কাৰ্ড আৰু পান কাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন জনৰ লোন লৈ নিশাৰ লাখ লাখ টকা সংগ্ৰহ কৰি বিলাসী জীৱন যাপন কৰি আহিছে। ধৃত চাইবাৰ অপৰাধী কেইটাক আৰক্ষীয়ে জিম্মাত লৈ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক আবুল কালাম