নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইঅ’চিত শিক্ষানবিচৰ ৫০০ পদত চাকৰি

আবেদন গ্রহণৰ অন্তিম দিন ২০ মার্চ

ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেড, চমুকৈ আই অ’ চি এলৰ মার্কেটিং ডিভিজনত খালী হৈছে কাৰিকৰী আৰু অকাৰিকৰী শিক্ষানবিচৰ ৫০০ পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি কাৰিকৰী শিক্ষানবিচ (২৬৫), ট্রেড শিক্ষানবিচ (৯৯) আৰু অকাৰিকৰী ট্রেড শিক্ষানবিচৰ (১৩৬) পদত প্রার্থী নিয়োগ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি আই অ’ চি এলৰ মুম্বাইস্থিত মুখ্য কার্যালয়ৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ মুঠ পদৰ ভিতৰত ২৫৪টা অসংৰক্ষিত, আর্থিকভাৱে দুর্বল শ্রেণীৰ ২২টা, এছ চিৰ ৪৬টা, এছ টিৰ ৬০টা আৰু অ’বিচিৰ ১১৮টা পদ সংৰক্ষিত থকাৰ উপৰি ১৭টা পদ দিব্যাংগ প্রার্থীৰ বাবে বিশেষভাৱে সংৰক্ষিত থাকিব৷ উক্ত পদসমূহ আই অ’ চি এলৰ দেশৰ ভিন্ন প্রান্তত থকা মার্কেটিং ডিভিজনসমূহত পূৰণ কৰা হ’ব৷ খালী পদ পূৰণ হ’বলগীয়া শিতানসমূহ হৈছে– মেকানিকেল, ইলেক্ট্রিকেল, ইনষ্ট্রুমেণ্টেচন, চিভিল, ইলেক্ট্রিকেল এণ্ড ইলেক্ট্র’নিক্স আৰু ইলেক্ট্র’নিক্স৷ আবেদনকাৰীৰ বয়স ২৯ ফেব্রুৱাৰী ২০২০লৈ ১৮–২৪ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ ইচ্ছুকসকলে আবেদনৰ পূর্বে নিজৰ নাম শিক্ষানবিচ প’র্টেলhttp://www.apprenticeship.gov.in/Pages/Apprenticeship/home.aspxত পঞ্জীয়নভুক্ত কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতাকে ধৰি অন্যান্য চর্তাৱলী আৰু অনলাইনযোগে আবেদন দাখিলৰ বাবে বিভাগীয় ৱেবছাইট http://www.iocl.com/PeopleCareers/Apprenticeships.aspx লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ মার্চ ২০২০৷

You might also like