নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীত হত্যাকাণ্ডৰ অভিযোগত ১৪ লোকক যাৱজ্জীৱন কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী  জিলা ও সত্ৰ ন্যায়াধীশ আদালতত আজি এখন ঐতিহাসিক ৰায়দান প্ৰদান কৰে। হত্যাৰ অভিযোগত ১৪ গৰাকীকৈ অভিযুক্তক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে মহামান্য আদালতে। উল্লেখ্য যে ২০২১ চনৰ ১৩ মেত মানকাচৰ থানাৰ অন্তৰ্গত পুৰান দিয়াৰাত এটা হত্যাকাণ্ডৰ ঘটনাৰ সংঘটিত হৈছিল। ঘটনা সন্দৰ্ভত মানকাচৰ আৰক্ষী থানাত ভাৰতীয় দণ্ড  বিধিৰ ৪৪৭ ৩২৬/৩০২/৩৪ ধাৰাৰ অধীনত ১৮/২০২১ নম্বৰ গোচৰ ৰুজু হৈছিল। ইতিমধ্যেই  হত্যাকাণ্ডৰ লগত জড়িত থকাৰ  অভিযোগত  অভিযুক্ত ইছাম গণি জেল হাজোতত বেমাৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। বাকী অভিযুক্ত সকল জামিন লাভ কৰিছিল কিন্ত ১৯ নভেম্বৰত দক্ষিন শালমাৰা-মানকাচৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতত ১৪গৰাকীকৈ অভিযুক্তক মহামান্য  আদালতে দোষী সাব্যস্ত কৰি দুদিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল আৰু ২১ নভেম্বৰত চুড়ান্ত ৰায়দানৰ দিন ঘোষনা কৰিছিল। সেইমৰ্মে আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ন্যায়াধীশ আদাদতে ১৪ গৰাকীকৈ  অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে দহ হেজাৰ টকা বিহে মহামান্য আদালতে। কাৰাদণ্ডৰে দণ্ডিত কৰা লোক সকলক লৈ যোৱা সময়ত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। লক্ষণীয় যে আজি হত্যাৰ গোচৰত অভিযুক্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড দিয়া অভিযুক্ত কেইগৰাকী ক্ৰমে ওমৰ ফাৰুক ,ৰফিকুল ইছলাম,আছুৰুদ্দীন, উজিৰ মহাম্মদ, শ্বাহ জামাল, আলিয়া বিবি, কামাল আকন্দ, ৰফিকুল হক, সম্ৰাট আকন্দ, ৰানা আকন্দ, ৰছুল উদ্দিন, আক্কাছ আলী, নজৰুল ইছলাম আৰু ছাদৱাল আকন্দ। উল্লেখযোগ্য যে মানকাচৰ থানা এলেকাৰ পুৰান দিয়াৰা গাঁৱৰ মহাক্কাৰ হাছানৰ পুত্ৰ ৰোফ আল হাছানক ভূমি কেন্দ্ৰীক সংঘাতৰ ফলত উল্লেখিত অভিযুক্ত কেইগৰাকীয়ে হত্যা কৰিছিল বুলি পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছিল।যোৱা তিনিবছৰ ধৰি আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল।
প্ৰেৰক ফাৰহাদ আহমেদ
You might also like